ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০১ পৃষ্ঠা ৫
  • “শুনি আৰু বিদ্যাৱন্ত হওক”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “শুনি আৰু বিদ্যাৱন্ত হওক”
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ঈশ্বৰৰ পবিত্ৰ বাক্যৰ প্ৰতি মনোযোগ দিয়ক।
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • যিহোৱাৰ স্তুতি কৰিবলৈ একত্ৰিত হোৱা
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ১৯৯৯ চনৰ “ঈশ্বৰৰ ভাৱিষ্যতসূচক বাক্য” জিলা অধিৱেশন
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০১ পৃষ্ঠা ৫

“শুনি আৰু বিদ্যাৱন্ত হওক”

১ বাইবেলত থকা হিতোপদেশ নামৰ পুস্তকখনত জ্ঞানে এইদৰে কৈছে: “শুনা, কিয়নো মই উত্তম কথা কওঁ আৰু মোৰ মুখৰ বাক্য ন্যায়; সুকল্পনা আৰু বুদ্ধি-কৌশল মোৰেই; . . . মোৰ কথা শুনা; কিয়নো যিবিলাকে মোৰ পথত চলে, তেওঁবিলাক ধন্য। কিয়নো যি জনে মোক পায়, সেই জনে জীৱনো পায়, আৰু যিহোৱাৰ অনুগ্ৰহ লাভ কৰে।” (হিতো. ৮:⁠৬, ১৪, ৩২, ৩৫) ইয়াত উল্লেখ কৰা এই উক্তিৰ বিষয়ে আহিবলগীয়া “ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা” জিলা অধিবেশনত বিতংকৈ বুজাই দিয়া হʼব।

২ এই অধিবেশনে বিশ্বব্যাপী ভাতৃত্বসমাজৰ আৱশ্যকতাসমূহক ব্যাখ্যা কৰিব আৰু ইয়াৰ আৱশ্যকতাসমূহক উদ্দেশ্য কৰি ইয়াৰ কাৰ্য্যক্ৰম তৈয়াৰ কৰা হৈছে। ইয়াত প্ৰদান কৰা আধ্যাত্মিক আৰু ব্যৱহাৰিক পৰামৰ্শসমূহে আমাক আনন্দিত কৰি তুলিবলৈ, যিহোৱাৰ সৈতে এক নিবিড় সম্পৰ্ক বজাই ৰাখিবলৈ আৰু অনন্ত জীৱনৰ পথত একেৰাহে চলি থাকিবলৈ সহায় কৰিব। সঁচাকৈ আমাৰ ওচৰত “শুনি আৰু বিদ্যাৱন্ত” হোৱাৰ বাবে এক উত্তম কাৰণ আছে।​—⁠হিতো. ১:⁠৬.

৩ কাৰ্য্যক্ৰম আৰম্ভ হোৱাৰ আগতেই উপস্থিত হোৱা: অধিবেশনত প্ৰস্তুত কৰা কাৰ্য্যক্ৰমৰ পৰা সম্পূৰ্ণৰূপে লাভবান হʼবলৈ অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বেই নিজৰ আসনত বহা আৱশ্যক। ইয়াৰ বাবে উত্তমৰূপে নিজক প্ৰস্তুতি কৰা আৱশ্যক। ৰাতিপুৱা সোনকালে সাৰ পাবলৈ হʼলে, আমি নিশা সোনকালে শুৱা আৱশ্যক। তেহে সোনকালে শুই উঠি অধিবেশনৰ বাবে সাজু হʼবলৈ আৰু জলপান কৰিবলৈ যথেষ্ট সময় আমাৰ হাতত থাকিব। অধিবেশন গৃহলৈ সোনকালে গৈ নিজৰ আসন গ্ৰহণ কৰক আৰু সভা আৰম্ভ হোৱাৰ আগতে আৱশ্যকীয় বস্তুবোৰৰ যোগাৰ কৰি লওঁক। প্ৰত্যেক দিনা অধিবেশন গৃহৰ দুৱাৰ পুৱা ৮:০০ বজাত মুকলি হʼব আৰু ৯:৩০ বজাত কাৰ্য্যক্ৰম আৰম্ভ হʼব।

৪ যিহেতু একগোট হোৱাৰ মুখ্য উদ্দেশ্য হৈছে “সমাজবোৰৰ মাজত” যিহোৱাৰ প্ৰশংসা কৰা। অধিবেশনৰ প্ৰত্যেকখন বৈঠকক এইদৰে আৰম্ভণী কৰা উচিত যিয়ে ঈশ্বৰৰৰ প্ৰশংসা কৰে। (গীত. ২৬:⁠১২) সেইবাবে উৎসাহিত কৰা হৈছে যে সকলোৱে আৰম্ভণীৰ গীত ঘোষণা কৰাৰ আগতেই যেন নিজৰ নিজৰ আসন গ্ৰহণ কৰে। কিয়নো এনে কৰাটো হৈছে শাস্ত্ৰৰ সামঞ্জস্যত, যাৰ বিষয়ে শাস্ত্ৰই এইদৰে কৈছে: “সকলো কৰ্ম্ম সুন্দৰকৈ আৰু শৃঙ্খলা লগাই কৰা হওক।” (১ কৰি. ১৪:⁠৪০) এই বাক্যফাঁকিয়ে আমাৰ বাবে কি অৰ্থ ৰাখে? যেতিয়া আপুনি দেখিছে যে বাদ্যসঙ্গীত চলি থকা সময়ছোৱাত বৈঠকৰ সভাপতিয়ে মঞ্চৰ আসনখনত বহি আছে, তেতিয়া আপুনিও নিজৰ আসনত বহা আৱশ্যক। ইয়ে আপোনাক অধিবেশনৰ প্ৰত্যেকখন বৈঠকৰ আৰম্ভণীৰ গীতসমূহত সম্পূৰ্ণ হৃদয়েৰে ভাগ লৈ যিহোৱাৰ প্ৰশংসা কৰিবলৈ সহায় কৰিব।​—⁠গীত. ১৪৯:⁠১.

৫ কাৰ্য্যক্ৰম চলি থকা সময়ছোৱা: ইজ্ৰাই “যিহোৱাৰ ব্যৱস্থাৰ বুজ লৈ সেই মতে কাৰ্য্য কৰিবলৈ, . . . নিজ মন থিৰ কৰিছিল।” (ইজ্ৰা ৭:⁠১০) আমিও ইজ্ৰাৰ দৰে যিহোৱাই প্ৰবন্ধ কৰা উপদেশ লʼবলৈ কেনেকৈ আমাৰ মন থিৰ কৰিব পাৰোঁ? আপুনি যেতিয়া ছপা কৰা কাৰ্য্যক্ৰমৰ তালিকাখনত দৃষ্টি কৰে, তেতিয়া নিজকে প্ৰশ্ন কৰক, ‘যিহোৱাই এই কাৰ্য্যক্ৰমৰ যোগেদি কি কʼব বিচাৰিছে? এই সংবাদবোৰক নিজৰ আৰু মোৰ পৰিয়ালৰ লাভৰ বাবে কেনেকৈ ব্যৱহাৰ কৰা আৱশ্যক?’ (যিচ. ৩০:⁠২১; ইফি. ৫:⁠১৭) অধিবেশনৰ গোটেই কেইদিন আপুনি নিজকে এই প্ৰশ্নসমূহ সুধক। ভাষণৰ যিবোৰ বিষয় আপুনি ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত লৈছে সেইবোৰক টোকি ৰাখক। অধিবেশনৰ প্ৰত্যেকখন বৈঠকৰ শেষত উল্লেখ কৰা বিষয়সমূহক আলোচনা কৰিবলৈ প্ৰত্যেক দিনা সময় অতিবাহিত কৰক। কিয়নো এনেদৰে কৰাৰ যোগেদি আপুনি সংবাদসমূহক স্মৰণ আৰু ব্যৱহাৰ কৰিবলৈ সহায় পাব।

৬ বাস্তৱতে একেৰাহে ভাষণত মনযোগ দিয়াতো ইমান সহজ নহয়। গতিকে অধিবেশনৰ ভাষণসমূহৰ পৰা নিজৰ মনটো আঁতৰি নাযাবলৈ কি কৰিব পাৰি? তাৰবাবে আপুনি নিজৰ চকুক কাৰ্য্যত লগাওঁক। বৃহৎভাৱে আমি আমাৰ চকুৱে মনোযোগৰ নিৰ্দ্দেশনাৰ ওপৰত কেন্দ্ৰিত কৰোঁ। (মথি ৬:⁠২২) সেইবাবে যেতিয়া কোনো শব্দ হয় বা কোনো এজনে অহা-যোৱা কৰে, তেতিয়া আপুনি মুৰ ঘূৰাই নাচাবলৈ চেষ্টা কৰক। আপোনাৰ নিজ চকু বক্তাজনৰ ওপৰত কেন্দ্ৰিত কৰক। বক্তাই কোৱা শাস্ত্ৰৰ পদসমূহ আপুনি নিজ বাইবেলৰ পৰা খুলি চাওঁক।

৭ কাৰ্য্যক্ৰম চলি থকাৰ সময়ত আমাৰ খ্ৰীষ্টান প্ৰেমে আনক ব্যাঘাত জন্মোৱাৰ পৰা আমাক বিৰত ৰাখিব। (১ কৰি. ১৩:⁠৫) কিয়নো এইয়া হৈছে “নিমাতে থাকিবৰ” আৰু শুনিবৰ সময়। (উপ. ৩:⁠৭) সেইবাবে অনাৱশ্যকীয় কথা-বতৰা পতাৰ পৰা বিৰত থাকক। তদুপৰি কাৰ্য্যক্ৰম চলি থকাৰ সময়ত বাৰে বাৰে শৌচাগাৰ বা প্ৰচাবগাৰলৈ যোৱাৰ পৰিৱৰ্তে, অধিবেশনৰ বৈঠক আৰম্ভ হোৱাৰ আগতে শৌচাগাৰ বা প্ৰচাবগাৰলৈ যাবলৈ সিদ্ধান্ত লওঁক। নিযুক্ত সময় নোহোৱালৈকে আপুনি খোৱা বা পান নকৰিব। কিন্তু যদি কোনো ভাই-ভনী গভীৰভাৱে শাৰীৰিক অসুস্থ তেওঁলোকেহে কেৱল অধিবেশনৰ কাৰ্য্যক্ৰম চলি থকাৰ সময়ছোৱাত খাব বা পান কৰিব পাৰে। যিসকলে চেলুলাৰ ফোন, পেজাৰ, কামকৰ্ডাৰ আৰু কেমেৰা আনে, তেওঁলোকে মনত ৰখা উচিত যে সেইবিলাক ব্যৱহাৰ কৰাৰ সময়ত যেন আনৰ ধ্যান ভঙ্গ নহয়। পিতৃ-মাতৃসকলে নিজৰ পৰিয়ালত থকা কণ কণ লʼৰা-ছোৱালীৰ সৈতে একেলগে বহা উচিত। কিয়নো এইদৰে একেলগে বহিলে তেওঁলোকে নিজৰ লʼৰা-ছোৱালীৰ ওপৰত দৃষ্টি ৰাখিব পাৰিব।​—⁠হিতো. ২৯:⁠১৫.

৮ বহু বছৰ ধৰি অধিবেশনত উপস্থিত হোৱা এজন প্ৰাচীনে যোৱা বছৰৰ অধিবেশনৰ বিষয়ে এইদৰে কৈছিল: “মই অনুভৱ কৰিব পাৰিলোঁ যে এই অধিবেশনত মন কৰিবলগীয়া এক উল্লেখনীয় বিষয় আছিল। অধিবেশনত বেছিভাগ শ্ৰোতা আৰু কণ-কণ লʼৰা-ছোৱালীয়ে ভাষণসমূহৰ মুখ্য বিষয়বোৰক টোকি ৰাখিছিল। ইয়াক দেখি মই অতিশয় আনন্দিত হৈছিলোঁ। যেনেকৈ বক্তাই মঞ্চৰ পৰা শাস্ত্ৰৰ পদ উল্লেখ কৰিছিল সকলোৱে বাইবেল খুলি সেই পদসমূহ পঢ়িছিল।” শুনিবলৈ এনেধৰণৰ বিকল্প ব্যৱহাৰ কৰাটো সঁচাকৈ প্ৰসংশনীয় আছিল। এনে কৰাৰ দ্বাৰা কেৱল আমি আৰু আনে যে লাভবান হয় এনে নহয়, কিন্তু মহান শিক্ষক যিহোৱা ঈস্বৰৰো নাম মহিমাম্বিত হয়।​—⁠যিচ. ৩০:⁠২০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক