ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০৩ পৃষ্ঠা ৩
  • যিহোৱাৰ স্তুতি কৰিবলৈ একত্ৰিত হোৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ স্তুতি কৰিবলৈ একত্ৰিত হোৱা
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • বৃহৎ মণ্ডলীত যিহোৱাৰ ধন্যবাদ কৰক
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ১৯৯৯ চনৰ “ঈশ্বৰৰ ভাৱিষ্যতসূচক বাক্য” জিলা অধিৱেশন
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ‘আঁহক আমি একেলগে তেওঁৰ নামৰ প্ৰশংসা কৰোঁহঁক’
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০৩ পৃষ্ঠা ৩

যিহোৱাৰ স্তুতি কৰিবলৈ একত্ৰিত হোৱা

১ যিহোৱা হৈছে সৰ্ব্বশক্তিমান, জ্ঞানত অসীম, ন্যায় বিচাৰত নিখুঁত আৰু প্ৰেমময় ঈশ্বৰ। তেওঁ এজন সৃষ্টিকৰ্ত্তা, জীৱনদাতা আৰু গোটেই বিশ্বৰ সম্ৰাট হোৱাৰ বাবে কেৱল তেওঁকহে উপাসনা কৰা উপযুক্ত। (গীত. ৩৬:⁠৯; প্ৰকা. ৪:⁠১১; প্ৰকা. ১৫:⁠৩, ৪) এই বছৰত হʼবলগীয়া ‘ঈশ্বৰক মহিমা কৰা’ জিলা অধিৱেশনে একমাত্ৰত সত্য ঈশ্বৰক উপাসনা কৰাৰ আমাৰ সিদ্ধান্তক অধিক শক্তিশালী কৰি তুলিব।​—⁠গীত. ৮৬:⁠৮-​১০.

২ উত্তম পৰিকল্পনাৰ আৱশ্যক: যিহোৱাই আমাক আধ্যাত্মিক ভোজলৈ আমন্ত্ৰণ কৰিছে আৰু তাৰ পৰা সম্পূৰ্ণকৈ লাভৱান হʼবলৈ উত্তমৰূপে আঁচনি বনোৱা আৱশ্যক। (ইফি. ৫:⁠১৫, ১৬) আপুনি হোটেলত থকা, অধিৱেশন হোৱা চহৰলৈ যাতায়ত কৰা আৰু স্কুল বা চাকৰিৰ পৰা ছুটি লʼবলৈ আগতীয়াকৈ ব্যৱস্থা কৰিলেনে? এইবোৰ বিষয়ক শেষ সময়লৈ এৰি নিদিব। যদি আপুনি স্কুল বা চাকৰিৰ পৰা ছুটি লʼবলৈ বিফল হয় তেনেহʼলে আপুনি এই আনন্দময় উপলক্ষ্যৰ এটা ভাগ উপস্থিত হৈ আনন্দিত হোৱাৰ পৰা বঞ্চিত হʼব পাৰে। আমাৰ সকলোৱে অধিৱেশনৰ প্ৰত্যেকটো বৈঠকতে উপস্থিত থকা আৱশ্যক।

৩ অধিৱেশনৰ প্ৰত্যেকদিনা কাৰ্য্যক্ৰমত আগতীয়াকৈ উপস্থিত থাকিবলৈ লক্ষ্য বনাওক। কিয়নো এনে কৰিলে আপুনি গীত আৰম্ভ হোৱাৰ আগতেই নিজৰ আসন বিচাৰি হাবাথুৰি খাই ফুৰিব লগা নহʼব আৰু তাত প্ৰস্তুত কৰা নিৰ্দ্দেশনাবোৰক মনোযোগেৰে শুনিব পাৰিব। প্ৰত্যেকদিনা অধিৱেশন ভৱনৰ দুৱাৰ পুৱা ৮:০০ বজাত খোলা হʼব। অনুগ্ৰহ কৰি আপোনাৰ নিকটম পৰিয়ালৰ সদস্য বা আপোনাৰ সৈতে নিজৰ গাড়ীত যাত্ৰা কৰা সকলৰ বাহিৰে আনৰ বাবে আসন সংৰক্ষিত নকৰিব।

৪ দুপৰীয়া মধ্যান্তৰৰ সময়ত আহাৰ বিচাৰি অধিৱেশন ভৱনৰ বাহিৰলৈ যোৱাৰ পৰিৱৰ্তে সকলোকে নিজৰ নিজৰ আহাৰ লগত আনিবলৈ অনুৰোধ কৰা হʼল। আপোনালোকে কৰা সহযোগে এই ব্যৱস্থাটোত শান্তিময় পৰিবেশ বজাই ৰাখিব আৰু সঙ্গী ভাই-ভনীৰ সৈতে সঙ্গতি কৰাত অধিক সময় অতিবাহিত কৰিব পাৰিব। (গীত. ১৩৩:⁠১-​৩) অনুগ্ৰহ কৰি মনত ৰাখক যে কোনো প্ৰকাৰৰ কাঁচৰ পাত্ৰ আৰু সুৰাজাতীয় পনীয়া অধিৱেশন ভৱনত অনাটো একেবাৰে নিষেধ।

৫ শুনক আৰু শিকক: ইজ্ৰাই ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিবলৈ প্ৰাৰ্থনাপূৰ্বক নিজৰ মন প্ৰস্তুত কৰিছিল। (ইজ্ৰা ৭:⁠১০) তেওঁ যিহোৱাৰ শিক্ষাৰ প্ৰতি ইচ্ছুকতাৰে মনোযোগ দিছিল। (হিতো. ২:⁠২) একেইদৰে আমিও অধিৱেশনলৈ যোৱাৰ পূৰ্বেই ঘৰত নিজৰ পৰিয়ালটোৰ সৈতে অধিৱেশনৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰি নিজৰ মন প্ৰস্তুত কৰিব পাৰোঁ।

৬ এটা ডাঙৰ প্ৰক্ষাভৱনত আমাৰ মন সহজে বিচলিত হʼব পাৰে। আমি অমনোযোগী হোৱাৰ বাবে বক্তাই যি কয় তাৰ প্ৰতি মনোযোগ দিব নোৱাৰিব পাৰোঁ। তদুপৰি যেতিয়া তেনে হয় আমি মূল্যৱান সংবাদ লাভ কৰাৰ পৰা বঞ্চিত হʼম। এই লেখটোৰ সৈতে থকা বক্সটোত বহুতো পৰামৰ্শ দিয়া হৈছে যাৰ দ্বাৰা আমি নিজৰ মনোযোগ বিকাশিত কৰাত সহায় লাভ কৰিব পাৰোঁ।

৭ আনৰ প্ৰতি বিবেচনাশীল হওক: কেমেৰা আৰু কেমকৰ্ডাৰ যদিও অধিৱেশনত ব্যৱহাৰ কৰা হয় তথাপিও আনক আমনি নিদিয়াকৈ নিজৰ আসনৰ পৰা তাক ব্যৱহাৰ কৰিলে অধিক উত্তম হʼব। চেলফোন আৰু পেজাৰ এনেদৰে স্থিৰ কৰা আৱশ্যক যাতে সেইবোৰে আনৰ ধ্যান ভঙ্গ নকৰে। কিছুমান ঠাইত ভাই-ভনীসকলৰ কিছুমানে অধিৱেশন ভৱনৰ ভিতৰত কাৰ্য্যক্ৰম চলি থকাৰ সময়ত অকাৰণত ঘূৰি-ফুৰি আনৰ ধ্যান ভঙ্গ কৰে। ইয়াৰ উপৰিও কিছুমানে পলমকৈ কাৰ্য্যক্ৰমত উপস্থিত হৈ প্ৰথম কাৰ্য্যক্ৰম আৰম্ভ হোৱাৰ কেইমিনিটমান আন ভাই-ভনীক আমনি দিয়ে। অনুগ্ৰহ কৰি আসন দেখুৱাওঁতা ভাইসকলক সহযোগ কৰক আৰু যেতিয়া অধ্যক্ষতা কৰা ভাইজনে আমন্ত্ৰণ কৰে তেতিয়া নিজৰ নিজৰ আসন গ্ৰহণ কৰা আৱশ্যক।

৮ একলগে যিহোৱাক স্তুতি কৰিবলৈ আমি আগ্ৰহেৰে বাট চাই আছোঁ! এতেকে আঁহক আমি সকলোৱে অধিৱেশনৰ প্ৰত্যেকটো বৈঠকত উপস্থিত থাকি মনোযোগেৰে তাত কোৱা বিষয়বোৰ শুনি নিজৰ জীৱনত ব্যৱহাৰ কৰি ঈশ্বৰক মহিমা কৰিবলৈ ঠিৰাং কৰোঁহঁক।​—⁠দ্বিতী. ৩১:⁠১২.

[Study Questions]

১. এই বছৰত হʼবলগীয়া জিলা অধিৱেশনৰ বিষয় কি আৰু যিহোৱাই কিয় আমাৰ স্তুতি পোৱাৰ উপযুক্ত?

২, ৩. আগতীয়াকৈ বনোৱা আঁচনিৰ দ্বাৰা আমি কেনেকৈ সম্পূৰ্ণৰূপে লাভৱান হʼব পাৰিম?

৪. সকলোকে অধিৱেশনত কিয় নিজৰ নিজৰ আহাৰ আনিবলৈ আগ্ৰহ কৰা হʼল?

৫. অধিৱেশনৰ বাবে আমি কেনেকৈ নিজৰ মন প্ৰস্তুত কৰিব পাৰোঁ?

৬. কাৰ্য্যক্ৰমত আমি মনোযোগ দিবলৈ আমাক কিহে সহায় কৰিব? (বক্সটোত চাওক)

৭, ৮. আমি কেনেকৈ আনৰ প্ৰতি বিবেচনাশীল হʼব পাৰোঁ আৰু আমি কি কৰিবলৈ ঠিৰাং কৰা উচিত?

[Box on page 3]

অধিৱেশনত মনোযোগে দিয়া

▪ ভাষণৰ বিষয়বোৰক ধ্যান কৰক

▪ বক্তাই কোৱা শাস্ত্ৰীয় পদবোৰ খোলক

▪ চমুকৈ টোকা লিখক

▪ ব্যৱহাৰ কৰিবলগীয়া বিষয়বোৰক বিশেষভাৱে টুকি ৰাখক

▪ আপুনি যি শিকিলে তাক আলোচনা কৰক

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক