পৰিচৰ্য্যা সভাৰ তালিকা
টোকা: অধিৱেশনৰ মাহটোৰ প্ৰত্যেক সপ্তাহে হʼবলগীয়া পৰিচৰ্য্যা সভাৰ বাবে আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত তালিকা দিয়া হʼব। ‘ঈশ্বৰক মহিমা কৰা’ জিলা অধিৱেশনত উপস্থিত হʼবলৈ আৱশ্যক অনুসাৰে সকলো মণ্ডলীয়ে তালিকাৰ সাল-সলনি কৰিব পাৰে। যদি উপযুক্ত হয়, তেনেহʼলে অধিৱেশনত উপস্থিত হোৱাৰ পূৰ্বেই পৰিচৰ্য্যা সভাত ১৫ মিনিট সময় উলিয়াই এই মাহৰ অন্তপত্ৰখনৰ পৰা স্থানীয়ভাৱে ব্যৱহাৰিক হোৱা পৰামৰ্শসমূহ আলোচনা কৰক। অধিৱেশনত প্ৰস্তুত কৰা মুখ্য বিষয়বোৰক পুনৰ আলোচনা কৰিবলৈ জানুৱাৰী মাহৰ সম্পূৰ্ণ পৰিচৰ্য্যা সভাত ব্যৱস্থা কৰা হʼব। সেই আলোচনাৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ আমাৰ সকলোৱে অধিৱেশনৰ কাৰ্য্যক্ৰমবোৰক মনোযোগে শুনা, অৰ্থপূৰ্ণ টোকা ৰখা, বিশেষকৈ নিৰ্দ্দিষ্ট কিছুমান বিষয়ৰ লিষ্ট বনোৱা আৱশ্যক, যেনে, সেই বিষয়বোৰ কেনেকৈ আমাৰ ব্যক্তিগত জীৱন আৰু প্ৰচাৰ কাৰ্য্যত প্ৰযোজ্য হয়। তেতিয়াহে আমি অধিৱেশনত উপস্থিত হৈ সেই পৰামৰ্শসমূহ কেনেকৈ ব্যৱহাৰ কৰিলোঁ তাৰ বিষয়ে বৰ্ণনা কৰিব পাৰিম। অধিৱেশনত লাভ কৰা উত্তম পৰামৰ্শসমূহ এজনে আনজনৰ মুখৰ পৰা শুনিও উৎসাহিত হʼব পাৰিব।
জুলাই ১৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৫৬
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ জুলাই ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া প্ৰথমটো পৰামৰ্শ ব্যৱহাৰ কৰক।) আৰু জুলাই ২২ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে সেই বিষয়ে পৃথকে দুটা জীৱন্ত উপস্থাপন প্ৰস্তুত কৰক। প্ৰত্যেকটো উপস্থাপনত যদিও এখন আলোচনীৰ বিষয়ে উল্লেখ কৰা হয় তথাপিও গৃহস্থক একেলগে দুয়োখন আলোচনী দিয়ক।
১৫ মি: “যিহোৱাৰ স্তুতি কৰিবলৈ একত্ৰিত হোৱা।”a উল্লেখ কৰা প্ৰশ্নসমূহ ব্যৱহাৰ কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। অধিৱেশনৰ কাৰ্য্যক্ৰমৰ ৰাতিপুৱা, আবেলি সকলো বৈঠকতে উপস্থিত থাকিবলৈ সকলোকে উৎসাহিত কৰক। কাৰ্য্যক্ৰমত উপস্থিত থাকি সাধাৰণভাৱে ভাষণবোৰ শুনাতকৈ সেইবোৰক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে গুৰুত্ব দি উল্লেখ কৰক। উপৰত উল্লেখ কৰা টোকাৰ বিষয়ে বিবেচনা কৰি কওক যে জানুৱাৰী মাহৰ সেৱা সভাত জিলা অধিৱেশনত উল্লেখ কৰা বিষয়বোৰক আলোকপাত কৰি আলোচনা কৰিবলৈ আঁচনি বনোৱা হৈছে। সকলোকে অধিৱেশনত ভালদৰে টোকা লʼবলৈ উৎসাহিত কৰক।
২০ মি: “ঈশ্বৰৰ দয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা।”b যেতিয়া ৩ অনুচ্ছেদটো আলোচনা কৰা হয় তেতিয়া অক্টোবৰ ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৮ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি আলোচনী প্ৰবাহ আৰম্ভ কৰাৰ সম্পৰ্কে পৰামৰ্শ দিয়ক। এজন বা দুজন উপযুক্ত প্ৰকাশকক সোধক যে তেওঁলোকে সফলভাৱে বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ কেনে প্ৰণালী অৱলম্বন কৰিছে। সকলোকে বাইবেল অধ্যয়ন আৰম্ভ আৰু পৰিচালনা কৰিবলৈ এটা লক্ষ্য ৰাখিবলৈ উৎসাহিত কৰক।—om ৯১ পৃ.
গীত ১৭৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুলাই ২১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৮৪
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।
১৫ মি: “সকলো বিষয়ত সৎকৰ্ম্মৰ আৰ্হি ৰাখক।”c লেখটোত দিয়া প্ৰশ্নবোৰ ব্যৱহাৰ কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। আমাৰ লাভৰ বাবে থকা-মেলা ব্যৱস্থাক সম্পূৰ্ণকৈ পালন কৰাৰ আৱশ্যকতাৰ বিষয়ে অধিক গুৰুত্ব দিয়ক। অধিৱেশনৰ সময়ছোৱাত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ সকলোকে উৎসাহিত কৰক। প্ৰত্যেকে কিয় উত্তম আচাৰ-ব্যৱহাৰ প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ এই বিষয়ে গুৰুত্বতাৰে বৰ্ণনা কৰক।
২০ মি: প্ৰচাৰ কাৰ্য্যত প্ৰাচীন সময়ত পাঁচনিসকলে দেখুৱাৰ দৰে সাহসী হোৱা আৱশ্যক। ঈশ্বৰক উপাসনা নামৰ কিতাপখনৰ ১৭০-১ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। ৭ অনুচ্ছেদত দিয়া প্ৰশ্নটোৰ উত্তৰৰ সৈতে শাস্ত্ৰীয় পদ দাঙি ধৰিবলৈ সকলোকে আমন্ত্ৰণ কৰক। বাছনি কৰা কিছুমান শাস্ত্ৰীয় পদ পঢ়ক। এই বৃতান্তৰ পৰা আমি কি শিকিব পাৰিলোঁ তাৰ বিষয়ে চমুকৈ আৰু সেইবোৰে আমাক প্ৰচাৰ কাৰ্য্যৰ নিযুক্তিৰ প্ৰতি সঠিক দৃষ্টিভঙ্গী ৰখাত সহায় কৰে সেই সম্পৰ্কেও উল্লেখ কৰক।
গীত ২০১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুলাই ২৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৪৫
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰকাশকক তেওঁলোকৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ ব্যৱহাৰ কৰি কেনেকৈ জুলাই ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া তৃতীয়টো পৰামৰ্শ ব্যৱহাৰ কৰক।) আৰু আগষ্ট ৮ সচেতন! আলোচনী বিতৰণ কৰিব পাৰে সেই বিষয়ে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰক। প্ৰত্যেকটো উপস্থাপনত যদিও এখন আলোচনীৰ বিষয়ে উল্লেখ কৰা হয় তথাপিও গৃহস্থক একেলগে দুয়োখন আলোচনী দিয়ক। এটা উপস্থাপনত প্ৰকাশকে অনিয়মিতৰূপে সাক্ষী দি প্ৰদৰ্শন কৰে।
১৫ মি: “শালীনতাৰে পৰিধান কৰা সাজ-পোছাকে ঈশ্বৰলৈ ভক্তি প্ৰকাশ কৰে।”d এজন প্ৰাচীনে এই ভাগটো পৰিচালনা কৰে। লেখটোত দিয়া প্ৰশ্নসমূহ ব্যৱহাৰ কৰক। এজন উপযুক্ত ভাইক অনুচ্ছেদবোৰ উচ্চস্বৰত পঢ়িবলৈ কওক।
২০ মি: “সমূহীয়াকৈ সাক্ষী দিয়া কাৰ্য্যই আশীৰ্ব্বাদ কঢ়িয়াই আনে।”e ৩ অনুচ্ছেদটো আলোচনা কৰা সময়ত ছেপ্টেম্বৰ ২০০১ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া প্ৰশ্ন বক্সৰ পৰা মন্তব্যসমূহ চামিল কৰক। চমুকৈ পুস্তক অধ্যয়ন অধ্যক্ষৰ এটা সাক্ষাতকাৰ গ্ৰহণ কৰি সোধক যে তেওঁৰ গ্ৰুপে সমূহীয়াকৈ সাক্ষী দিয়াৰ পৰা লাভৱান হʼবলৈ তেওঁ প্ৰচাৰ কাৰ্য্যত কেনে ব্যৱস্থা কৰিছে।
গীত ৩৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
আগষ্ট ৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৭৮
১০ মি: স্থানীয় ঘোষণাসমূহ। আগষ্ট মাহত বিতৰণ কৰিবলগীয়া প্ৰকাশনসমূহৰ বিষয়ে উল্লেখ কৰক। এটা বা দুটা ব্যৱহাৰিক উপস্থাপন প্ৰস্তুত কৰক।
২০ মি: “ভিন্ন ভাষা কোৱা এলেকাবোৰত প্ৰকাশন বিতৰণ কৰা।”f লেখটোত দিয়া প্ৰশ্নসমূহ ব্যৱহাৰ কৰি শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। ৩ অনুচ্ছেদটো আলোচনা কৰাৰ সময়ত স্থানীয় এলেকাত কোৱা এনে এটা ভাষা ব্যৱহাৰ কৰি চমুকৈ এটা সৰল উপস্থাপন প্ৰস্তুত কৰক যি ভাষাৰ কোনো মণ্ডলী নাই।
১৫ মি: “শাৰীৰিকভাৱে অক্ষম যদিও সত্যত বিশ্বাসী।”g আগষ্ট ২২, ১৯৯০ চনৰ সচেতন! আলোচনীখনৰ ২২-৩ পৃষ্ঠাৰ “কি কৰিব পৰা যায়?” নামৰ উপশিৰোনামাটোৰ ওপৰত আধাৰিত কৰি আনক কেনেকৈ সহায় কৰিব পাৰে এই বিষয়ে চমুকৈ মন্তব্য দিয়ক।
গীত ৪৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
e এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
f এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
g এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।