সমূহীয়াকৈ সাক্ষী দিয়া কাৰ্য্যই আশীৰ্ব্বাদ কঢ়িয়াই আনে
১ যীচুৱে ৭০ জন শিষ্যক প্ৰচাৰ কৰিবলৈ পঠোৱাৰ সময়ত তেওঁলোকে কি কʼব লাগে তাৰ বিষয়ে উপদেশ, তেওঁলোকক দুজন দুজন কৰি এটাকৈ দলত বিভক্ত আৰু তেওঁলোকে প্ৰচাৰ কৰিব লগা এলেকাৰ পৰিলেখ প্ৰদান কৰিলে। ফলস্বৰূপে, তেওঁলোকে কাৰ্য্য কৰি আনন্দৰ অভিজ্ঞতা হʼল। (লূক ১০:১-১৭) একেইদৰে বৰ্তমান সময়তো সমূহীয়াকৈ সাক্ষী দিবলৈ সুসজ্জিত আৰু সংগঠিত কৰাত সহায় কৰা হয়। তদুপৰি প্ৰচাৰ কাৰ্য্যৰ বাবে ঈশ্বৰৰ লোকসকলক উৎসাহিত কৰা হয়।
২ প্ৰাচীনসকলে আগভাগ লয়: সকলোকে নিয়মীয়াকৈ প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাত সহায় কৰিবলৈ প্ৰাচীনসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰে। সেৱা অধ্যক্ষই সপ্তাহটোৰ মাজ ভাগত প্ৰচাৰ কাৰ্য্য কৰিবলৈ ব্যৱস্থা কৰি আগভাগ লয়। বিশেষকৈ শনিবাৰ বা দেওবাৰে সমূহীয়াকৈ প্ৰচাৰ কাৰ্য্য কৰিবলৈ সংগঠিত কৰাটো প্ৰত্যেকজন পুস্তক অধ্যয়ন অধ্যক্ষৰ দায়িত্ব। যেতিয়া কোনো কোনো সময়ত যেনে, প্ৰহৰীবুৰুজ অধ্যয়নৰ পিছত মণ্ডলীৰ সকলোৱে প্ৰচাৰ কাৰ্য্যৰ বাবে একত্ৰিত হয় তেতিয়া প্ৰত্যেকজন পুস্তক অধ্যয়ন অধ্যক্ষই তেওঁলোকৰ নিজৰ সমূহক চোৱা-চিতা কৰা আৱশ্যক।
৩ “সুন্দৰকৈ আৰু শৃঙ্খলা লগাই কৰা”: যি জন ভায়ে পৰিচৰ্য্যা সভা পৰিচালনা কৰে, তেওঁ ১০ বা ১৫ মিনিটত পৰিচৰ্য্যা সভাৰ সমাপ্তি কৰা আৱশ্যক। প্ৰাৰ্থনাৰে সমাপ্তি কৰাৰ পূৰ্বেই তেওঁ (যদি ওপৰত উল্লেখ কৰাৰ অনুসাৰে পুস্তক অধ্যয়ন অধ্যক্ষই ব্যৱস্থা নকৰে) সাক্ষী দিয়া গ্ৰুপৰ বিভক্ত আৰু প্ৰচাৰ এলেকাত নিযুক্ত কৰাটো উত্তম হʼব। এনে কৰিলে প্ৰকাশকসকলে প্ৰচাৰ এলেকাত অনাৱশ্যকীয়ভাৱে সকলোৱে একগোট হৈ বিৰোধীবিলাকৰ দৃষ্টি আকৰ্ষিত কৰাৰ পৰা বিৰত থাকিব। তদুপৰি তেনে কৰাটো পৌলে দিয়া এই পৰামৰ্শৰ সামঞ্জস্যত, যʼত তেওঁ এইদৰে কৈছিল: “সকলো কৰ্ম্ম সুন্দৰকৈ আৰু শৃঙ্খলা লগাই কৰা হওক।” (১ কৰি. ১৪:৪০) পৰিচৰ্য্যা সভাত উপস্থিত হোৱা সকলোৱে এই ব্যৱস্থাটোক সফলৰূপ দিবলৈ সম্পূৰ্ণকৈ আগভাগ লোৱাসকলক সহযোগ কৰা উচিত আৰু গ্ৰুপটোক প্ৰচাৰ এলেকালৈ যাবলৈ কোৱাৰ লগে লগেই এলেকালৈ যোৱা আৱশ্যক।
৪ ঐক্যতাৰে একগোট হওক: সমূহীয়াকৈ কৰা প্ৰচাৰ কাৰ্য্যই ভাই-ভনীসকলক মণ্ডলীত থকা আন সদস্যসকলৰ বিষয়ে ভালদৰে জানিবলৈ এক উত্তম সুযোগ প্ৰদান কৰে। কোনো এজনৰ সৈতে প্ৰচাৰ এলেকাত কাৰ্য্য কৰিবলৈ যদি কোনো এজনৰ সমস্যা নাথাকে তেন্তে আগতীয়াকৈ কোনো ব্যৱস্থা নকৰাকৈ পৰিচৰ্য্যা সভাত উপস্থিত হোৱাটো অধিক লাভৱান হʼব পাৰে। আমাক হয়তো এনে কোনো এজনৰ সৈতে কাৰ্য্য কৰিবলৈ নিযুক্তি কৰিব পাৰে যিজনক আমি ভালদৰে নাজানিবও পাৰোঁ, গতিকে আমাৰ প্ৰেম “বহল” কৰা আৱশ্যক।—২ কৰি. ৬:১১-১৩.
৫ সমূহীয়াকৈ কৰা সাক্ষী দিয়া কাৰ্য্যই আমাক একগোট হৈ “সত্যৰ সহকাৰী হবলৈ” উৎসাহিত কৰে। (৩ যোহ. ৮) এতেকে আঁহক আমি সমূহীয়াকৈ সাক্ষী দিয়া কাৰ্য্যত ভাগ লওঁহঁক!