“কোনো এজনে মোক বুজাই নিদিলে, মই কেনেকৈ বুজিম?”
১ যেতিয়া ফিলিপে এজন কূচ-দেশীয় নপুংসক ব্যক্তিক এই বুলি প্ৰশ্ন কৰিছিল যে আপুনি ঈশ্বৰৰ বাক্যৰ পৰা যি পঢ়িছে তাক বুজিব পাৰিছেনে, তেতিয়া সেই ব্যক্তিজনে এইদৰে কৈছিল: “কোনো এজনে মোক বুজাই নিদিলে, মই কেনেকৈ বুজিম?” এই কথা শুনি ফিলিপে আনন্দৰে সেই ব্যক্তিজনক যীচুৰ বিষয়ে থকা শুভবাৰ্ত্তাক বুজি পোৱাত সহায় কৰে। তাৰ ফলস্বৰূপে সেই কূচ-দেশীয় ব্যক্তিজনে কোনো পলম নকৰাকৈ বাপ্তিস্মা লৈছিল। (পাঁচ. ৮:২৬-৩৮) এই কাৰ্য্য কৰাৰ দ্বাৰা ফিলিপে, “সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা” যীচুৰ এই আজ্ঞাক পালন কৰিছিল।—মথি ২৮:১৯, ২০.
২ গতিকে পাঁচনি ফিলিপৰ দৰে আমিও যীচুৰ শিষ্য বনোৱা আজ্ঞাক পালন কৰা আৱশ্যক। যিহেতু সেই কূচ-দেশীয় ব্যক্তিজন এজন যিহূদী ধৰ্মান্তৰিত ব্যক্তি আছিল। সেইবাবে তেওঁ শাস্ত্ৰীয় পদসমূহৰ সৈতে ভালকৈ পৰিচিত আছিল আৰু তেওঁ স্বীকাৰ কৰিছিল যে যীচুৱে হৈছে প্ৰতিজ্ঞা কৰা মচীহা। কিন্তু আমি যিসকলৰ সৈতে বাইবেল অধ্যয়ন কৰিছোঁ তেওঁলোকৰ সকলোৱে সেই কূচ-দেশীয় ব্যক্তিৰ দৰে শীঘ্ৰেই আধ্যাত্মিকতাত উন্নতি নকৰিবও পাৰে, কিয়নো তেওঁলোকে বাইবেলত দিয়া বৃতান্ত বা বাইবেলখনৰ সৈতে পৰিচিত নহয়। তাৰ ওপৰিও তেওঁলোকৰ মাজত মিছা ধৰ্ম্মৰ শিক্ষাই শিপা ধৰি আছে বা নিজৰ ব্যক্তিগত সমস্যাসমূহৰ বাবে সঙ্কটজনক পৰিস্থিতিত আছে। তেনে ক্ষেত্ৰত আমাৰ বাইবেল বিদ্যাৰ্থীসকলক যিহোৱালৈ সমৰ্পণ কৰি বাপ্তিষ্মা লবলৈ কেনেকৈ সহায় কৰিব পাৰি?
৩ বিদ্যাৰ্থীসকলৰ আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি বিবেচনা কৰক: ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাত দিয়া অন্তপত্ৰখনত লোকসকলৰ সৈতে বিচাৰে ব্ৰচাৰ আৰু জ্ঞান কিতাপখন দিবলৈ পৰামৰ্শ দিয়া হৈছে। এই অন্তপত্ৰখনত কোৱা হৈছিল: “অধ্যয়ন চলাই যাবলৈ যদি প্ৰয়োজন হয় তেনেহʼলে আমি নিজকে পৰিস্থিতি আৰু বিদ্যাৰ্থীসকলে বুজি পোৱা অনুসাৰে সাল-সলনি কৰা আৱশ্যক। . . . আমি বিদ্যাৰ্থীসকলে বুজি নোপোৱাকৈ খৰকৈ অধ্যয়ন চলাই যোৱা উচিত নহয়। কিয়নো সকলো বিদ্যাৰ্থীয়ে বুজি পালেহে ঈশ্বৰৰ বাক্যৰে নতুন বিশ্বাসৰ আধাৰশিলা গঢ়ি তুলিব।” সেইবাবে ইয়াত পৰামৰ্শ দিয়া হৈছিল যে জ্ঞান কিতাপখনৰ অধ্যয়ন ছমাহৰ ভিতৰতে শেষ কৰিবলৈ যেন খৰ-খেদা নকৰে। কিয়নো কিছুমান বিদ্যাৰ্থীক আধ্যাত্মিক ক্ষেত্ৰত উন্নতি কৰি বাপ্তিষ্মাৰ বাবে আগবাঢ়িবলৈ ছমাহতকৈ বেছি সময় লাগিব পাৰে। যেনেকৈ আপুনি সপ্তাহৰ পিছত সপ্তাহ ধৰি তেওঁৰ সৈতে অধ্যয়নত সময় অতিবাহিত কৰিব তেতিয়া তেওঁ ঈশ্বৰৰ বাক্যক বুজি পাব আৰু সত্যৰ প্ৰতি পদেক্ষেপ লʼবলৈ সহায় হʼব। কেতিয়াবা কেতিয়াবা জ্ঞান কিতাপৰ পৰা এটা অধ্যায় শেষ কৰিবলৈ দুই বা তিনি সপ্তাহ লাগিব পাৰে। এই সময়ছোৱাত বিদ্যাৰ্থীজনে ভালকৈ অধ্যয়ন কৰিব পাৰিব আৰু শাস্ত্ৰৰ পদসমূহ ভালকৈ বুজি পাব।—ৰোমী. ১২:২.
৪ যদি, এজন বিদ্যাৰ্থীয়ে জ্ঞান কিতাপৰ পৰা অধ্যয়ন শেষ কৰিছে আৰু আপুনি জানিব পাৰিছে যে তেওঁ সত্যক এতিয়াও ভালকৈ বুজি পোৱা নাই বা ঈশ্বৰলৈ নিজকে সমৰ্পণ কৰিবলৈ আগবঢ়া নাই তেতিয়াহʼলে তেওঁক সহায় কৰিবলৈ কি কৰিব পৰা যায়? (১ কৰি. ১৪:২০) তেওঁক আধ্যাত্মিকৰূপে জীৱনৰ পথত আগুৱাই নিবলৈ কেনে ধৰণৰ সহায় কৰিব পাৰি?—মথি ৭:১৪.
৫ বাইবেল বিদ্যাৰ্থীৰ আধ্যাত্মিক আৱশ্যকতাসমূক পূৰণ কৰক: যদিও এজন ব্যক্তিয়ে লাহে লাহে উন্নতি কৰিছে আৰু যিবোৰ শিকিছে তাক তেওঁ মূল্যাঙ্কন কৰিছে, তেনেহʼলে তেওঁৰ সৈতে বিচাৰে ব্ৰচাৰ আৰু জ্ঞান কিতাপখন সম্পূৰ্ণৰূপে অধ্যয়ন কৰা পাছতো অন্য কিতাপৰ সৈতে বাইবেল অধ্যয়ন চলাই থাকিব পাৰি। এইটো সকলো ক্ষেত্ৰতে আৱশ্যক নহয়, কিন্তু যদি ইয়াৰ আৱশ্যকতা আছে তেনেহʼলে পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক! ব্ৰচাৰখনৰ পৰা অধ্যয়ন চলাই থাকিব পাৰি। যদিও মণ্ডলীত এই কিতাপবোৰ উপলব্ধ নাই, কিন্তু বহুতো প্ৰচাৰকৰ ওচৰত এই কিতাপবোৰ আছে। আপুনি তেওঁলোকৰ পৰা লʼব পাৰে। কিন্তু সকলো সময়তে, প্ৰথমে বিচাৰে ব্ৰচাৰ আৰু জ্ঞান কিতাপখনৰ পৰা অধ্যয়ন কৰা আৱশ্যক। যদিও বিদ্যাৰ্থীয়ে দ্বিতীয় কিতাপখন শেষ নকৰা আগতে বাপ্তিষ্মা লৈ অধ্যয় কৰি থাকে সেইসময়তো আপুনি বাইবেল অধ্যয়ন, পুনৰ সাক্ষ্যাৎ আৰু ঘন্টাৰ ৰিপৰ্ট দিব পাৰে।
৬ কিন্তু ইয়াৰ অৰ্থ এইটোনে যে যিসকলে মাত্ৰ এখন কিতাপৰ অধ্যয়ন শেষ কৰি বাপ্তিষ্মা ললে, তেওঁলোকে এতিয়াও দ্বিতীয় কিতাপখনৰ পৰা পুনৰ অধ্যয়ন কৰাটো আৱশ্যক নে? আৱশ্যক নহয়। যিহেতু তেওঁলোক নিষ্ক্ৰিয় হʼব পাৰে বা সত্যত উন্নতি নকৰিব পাৰে, আৰু হয়তো তেওঁলোকে ভাবিব পাৰে যে তেওঁলোকৰ জীৱনত সত্যক প্ৰকৃতৰূপে ব্যৱহাৰ কৰিবলৈ তেওঁলোকক ব্যক্তিগতৰূপে সহায়ৰ আৱশ্যক। সেইবাবে অধ্যয়ন পুনৰ আৰম্ভ কৰাৰ আগতে সেৱা ওভাৰচিয়াৰে বাপ্তিষ্মা প্ৰাপ্ত ব্যক্তিজনৰ সৈতে এই বিষয়ে আলোচনা কৰা উচিত। আৰু যদি এনে ব্যক্তিসকলক আপুনি জানে যিসকলে জ্ঞান পুস্তক অধ্যয়ন কৰা স্বত্তেও সমৰ্পণ আৰু বাপ্তিষ্মাৰ বাবে তৈয়াৰ হোৱা নাই, তেনেহʼলে আপুনি নিজে আগবাঢ়ি জ্ঞাত হোৱা আৱশ্যক যে তেওঁলোকে বাইবেল অধ্যয়ন পুনৰ আৰম্ভ কৰিবলৈ বিচাৰে নে নাই।
৭ আমি যি ব্যক্তিৰ সৈতে বাইবেল অধ্যয়ন কৰোঁ, তেওঁৰ আধ্যাত্মিক উন্নতিৰ বাবে আমি সম্পূৰ্ণৰূপে চেষ্টা কৰা আৱশ্যক আৰু এইটোৱে হৈছে খ্ৰীষ্টান প্ৰেমৰ এটা চিহ্ন। গতিকে বিদ্যাৰ্থীয়ে যাতে সম্পূৰ্ণকৈ ঈশ্বৰৰ বাক্যৰ গভীৰতা বুজি পাব পাৰে সেইটোৱেই আমাৰ লক্ষ্য হোৱা আৱশ্যক। তেতিয়াহে তেওঁ সত্যৰ বাবে এক নিৰ্দ্দিষ্ট আৰু সঠিক জ্ঞান আহৰণ কৰি নিজকে যিহোৱালৈ সমৰ্পিত কৰিব আৰু পানীত বাপ্তিষ্মাৰ দ্বাৰা সমৰ্পণৰ প্ৰমাণ দিব পাৰিব।—গীত. ৪০:৮; ইফি. ৩:১৭-১৯.
৮ তেনেহʼলে আপুনি জানেনে যে সেই কুচ-দেশীয় নপুংসকজনে বাপ্তিষ্মা লোৱাৰ পাছত কি কৰিলে? তেওঁ যীচু খ্ৰীষ্টৰ এজন নতুন শিষ্য হৈ “আনন্দ কৰি কৰি নিজ বাটেদি গুচি গল।” (পাঁচ. ৮:৩৯, ৪০) সেইবাবে আহঁক আমি আৰু লগতে আমাৰ বাইবেল বিদ্যাৰ্থী, এই সকলোৱে যিহোৱাৰ সেৱা আনন্দৰে চিৰকালৰ বাবে কৰি থাকোঁহঁক!