ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১০/০০ পৃষ্ঠা ৭
  • আগ্ৰহী কৰি তুলিবলৈ চলিত ঘটনাবোৰ ব্যৱহাৰ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আগ্ৰহী কৰি তুলিবলৈ চলিত ঘটনাবোৰ ব্যৱহাৰ কৰক
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • শেহতীয়াকৈ ঘটা ঘটনাৰ বিষয়ে উল্লেখ কৰি কথা পাতক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • পৰিৱৰ্তনশীল জগতত কৰা প্ৰচাৰ কাৰ্য্য
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • এক আভাস
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
  • “সচেতন হোৱা, পৰ দি থাকা”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
আৰু চাওক
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১০/০০ পৃষ্ঠা ৭

আগ্ৰহী কৰি তুলিবলৈ চলিত ঘটনাবোৰ ব্যৱহাৰ কৰক

 ১ প্ৰচাৰ কাৰ্য্যক আনন্দিত কৰি বাইবেলৰ সংবাদৰ প্ৰতি লোকসকলক আকৰ্ষিত কৰিবলৈ সকলো সময়তে উত্তমৰূপে আপোনাৰ বিষয়বস্তুক প্ৰস্তুত কৰিবলৈ বিচাৰেনে? যদি বিচাৰে তেনেহʼলে আপোনাৰ চাৰিওফালে ঘটি থকা ঘটনাবোৰৰ বিষয়ে উল্লেখ কৰক। আপুনি ব্যক্তিজনক আগ্ৰহী কৰি তুলিবলৈ স্থানীয়, দেশ বা গোটেই পৃথিৱীত ঘটি থকা ঘটনাসমূহ বিষয়ে উল্লেখ কৰিব পাৰে। কিয়নো এই ঘটনাসমূহ পৰিৱৰ্ত্তনশীল। (১ কৰি. ৭:⁠৩১) ইয়াৰে কিছুমান ঘটনাসমূহ বিষয়ে বিবেচনা কৰোঁহঁক।

 ২ আৰ্থিক সমস্যাৰ বাবে জীৱন-যাপন কৰাটো এক চিন্তাৰ কাৰণ হৈ পৰিছে। সেই বিষয়ে আপুনি কʼব পাৰে:

▪ “আপুনি বাতৰিত শুনিবলৈ পাইছেনে যে বস্তুবোৰৰ মূল্য আকৌ বৃদ্ধি হৈছে?” [বাতিৰ কাকত আৰু টিভি বা ৰেডিঅৰ প্ৰোগ্ৰামৰ নাম উল্লেখ কৰক।] বা কোনো ডাঙৰ কোম্পানী হঠাতে বন্ধ হৈ যোৱাৰ ফলত বহুতো কৰ্ম্মচাৰীয়ে নিবনুৱা হৈ পৰে, তাৰ বিষয়েও উল্লেখ কৰিব পাৰে। আপুনি কথা-বতৰা কেনেকৈ আগবঢ়াই লৈ যাব বিচাৰে তাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি হয়তো সুধিব পাৰে “আপুনি কেতিয়াবা আচৰিত হৈছেনে যে জীৱন-যাপন কৰাটো কিয় ইমান কঠিন হৈ পৰিছে?” বা আপুনি এইদৰেও সুধিব পাৰে “আপুনি এই বুলি ভাবেনে যে কঠিন পৰিস্থিতিসমূহৰ কেতিয়াও সমাধান নহʼব?”

 ৩ পৰিয়াল বা স্কুলৰ বিদ্যাৰ্থীৰ মাজত সংঘটিত হোৱা হিংসাত্মক ঘটনাক কথা-বতৰাৰ বিষয়বস্তু হিচাবে ব্যৱহাৰ কৰিব পাৰে। আপুনি এইদৰে সুধিব পাৰে:

▪ “[সম্প্ৰদায়ৰ মাজত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বিষয়ে উল্লেখ কৰি কওঁক] আপুনি বাতৰি কাকতত খবৰটো পঢ়িলেনে?” বা এইদৰে সুধিব পাৰে “এই জগতত হোৱা এনেধৰণৰ ঘটনাবোৰ ঘটাৰ কি কাৰণ থাকিব পাৰে বুলি আপুনি ভাবে?” নাইবা, এইদৰেও সুধিব পাৰে “আপুনি ভাবেনে যে এনে এটা দিন আহিব যেতিয়া আমি সকলোৱে সুৰক্ষা অনুভৱ কৰিব পাৰিম?”

 ৪ আগ্ৰহ জন্মাবলৈ ধ্বংসকাৰী বানপানী, ভূমিকম্প, বা বিভিন্ন দেশত হৈ থকা ঘৰুৱা যুদ্ধৰ বিষয়ে উল্লেখ কৰিব পাৰে। উদাহৰণস্বৰূপে আপুনি এইদৰে কব পাৰে:

▪ “[যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে উল্লেখ কৰি] ঈশ্বৰে এইবোৰৰ বাবে দায়ীনে?” বা অলপতে ঘটা কোনো ঘৰুৱা যুদ্ধৰ বিষয়ে উল্লেখ কৰি আপুনি কব পাৰে: “যদি সকলোৱেই শান্তি বিচাৰে তেনেহʼলে ইয়াক পাবলৈ কিয় কঠিন হৈ পৰিছে?”

 ৫ আপুনি কথা-বতৰা আৰম্ভ কৰোঁতে চলিত ঘটনাবোৰৰ বিষয়ে কোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰক। এই ক্ষেত্ৰত ৰীজনিং কিতাপৰ ১০-১১ পৃষ্ঠাত থকা “বৰ্তমানৰ ঘটনাসমূহ” নামৰ প্ৰবন্ধটোত দিয়া পৰামৰ্শবোৰে আপোনাক সহায় কৰিব পাৰে। কিন্তু সকলো সময়তে ৰাজনৈতিক বা সামাজিক বিষয়ে কথা-বতৰা হোৱাৰ পৰা আঁতৰি থকাটোৱে উত্তম হʼব। ইয়াৰ পৰিৱৰ্তে, শাস্ত্ৰৰ পদৰ ওপৰত ব্যক্তিজনৰ ধ্যান আকৰ্ষণ কৰিবলৈ চেষ্টা কৰক আৰু কওঁক যে ঈশ্বৰৰ ৰাজ্যহে মাত্ৰ মানৱজাতিৰ সকলোবোৰ সমস্যাক চিৰকালৰ বাবে সমাধান কৰিব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক