পৰিৱৰ্তনশীল জগতত কৰা প্ৰচাৰ কাৰ্য্য
১ কিমান যে শীঘ্ৰেই পৰিস্থিতি সলনি হʼব পাৰে! একেৰাতিৰ ভিতৰতে হোৱা প্ৰাকৃতিক দুৰ্যোগ, আৰ্থিক সঙ্কত, ৰাজনৈতিক পতন বা কোনো দুৰ্ঘটনাই সকলোৰে কথোপকথনৰ এটা মুখ্য বিষয় হৈ পৰে। সেইবাবে অতি কম সময়ৰ ভিতৰতে লোকসকলৰ মন আন দিশলৈ গতি কৰে। (পাঁচ. ১৭:২১; ১ কৰি. ৭:৩১) এনে পৰিৱৰ্তনশীল জগতত ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ প্ৰতি মনোযোগ দিবলৈ আমি লোকসকলক কেনেকৈ আকৰ্ষিত কৰিব পাৰোঁ?
২ আনৰ চিন্তাধাৰাক বিবেচনা কৰক: লোকসকলক শুভবাৰ্ত্তাৰ প্ৰতি আকৰ্ষিত কৰাৰ এটা পথ হৈছে, তেওঁলোকৰ আগত চলিত কোনো ঘটনাৰ বিষয়ে বৰ্ণনা কৰা। যীচুৱে নিজৰ শ্ৰোতাসকলক ঈশ্বৰৰ সৈতে থকা তেওঁলোকৰ স্থিতিৰ বিষয়ে গভীৰভাৱে বিবেচনা কৰাবলৈ তেওঁ তেওঁলোকে অৱগত হোৱা চলিত এটা ঘটনাৰ বিষয়ে উল্লেখ কৰিছিল। (লূক ১৩:১-৫) একেইদৰে আমিও লোকসকলক আমাৰ শুভবাৰ্তাৰ বিষয়ে কোৱাৰ সময়ত তেওঁলোকৰ এলেকাত ঘটা কোনো এটা হৃদয় স্পৰ্ষ কৰা স্থানীয় ঘটনাৰ বিষয়ে উল্লেখ কৰিব পাৰোঁ। কিন্তু এই ক্ষেত্ৰত আমি সাৱধান হোৱা উচিত। যেতিয়া আমি তেনে বিষয়ে উল্লেখ কৰোঁ তেতিয়া আমাৰ বাৰ্ত্তাই যেন কোনো ৰাজনৈতিক বা সমাজৰ বিষয়ৰ পক্ষ্য নলয়।—যোহ. ১৭:১৬.
৩ আমি কেনেকৈ জানিব পাৰোঁ যে লোকসকলে কেনে চলিত ঘটনা বা পৰিস্থিতিৰ বিষয়ে চিন্তা কৰিছে? সম্ভৱতঃ এই বিষয়ে জানিবলৈ আপুনি সাধাৰণভাৱে এটা প্ৰশ্ন কৰি তাৰ উত্তৰৰ প্ৰতি মনোযোগ দিব পাৰে। (মথি ১২:৩৪) লোকসকলৰ প্ৰতি থকা আমাৰ আগ্ৰহকতাই আনৰ দৃষ্টিভঙ্গীৰ বিষয়ে জানি সাৱধানে আগবাঢ়িবলৈ পৰিচালিত কৰিব। গৃহস্থই প্ৰত্যুতপন্নতাৰে দিয়া উত্তৰে হয়তো সেই এলেকাত থকা লোকসকলৰ ভাৱধাৰা প্ৰকাশ কৰে আৰু যিয়ে সাক্ষী দিয়াৰ বাবে পথ মুকলি কৰিব।
৪ এটা উপস্থাপন প্ৰস্তুত কৰক: এই পৰিৱৰ্তনশীল জগতত শুভবাৰ্ত্তা প্ৰচাৰ কৰা কাৰ্য্যত নিজকে সাজু কৰিবলৈ আপুনি হয়তো বাইবেলৰ পৰিচৰ্চ্চা (hw-AE) নামৰ সৰু কিতাপখনত দিয়া ব্যৱহাৰিক উপদেশসমূহ ব্যৱহাৰ কৰিব পাৰে। সেই ব্যৱহাৰিক উপদেশসমূহত বৰ্ণনা কৰা হৈছে যে আমি কেনেকৈ চলিত ঘটনাসমূহক ব্যৱহাৰ কৰি আমাৰ শুভবাৰ্ত্তা কব পাৰোঁ। সেই বিষয়ে সৰু কিতাপখনৰ ৩ পৃষ্ঠাত দিয়া “অপৰাধ/নিৰাপত্তা” আৰু “বৰ্তমানে ঘটা ঘটনাসমূহ” নামৰ বিষয়টো চাওক। সেই একেই সংবাদসমূহ আপুনি অক্টোবৰ ২০০০ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৭ পৃষ্ঠাত পাব পাৰে। উপস্থাপন প্ৰস্তুত কৰাৰ সময়ত নিশ্চিত কৰক যে আপুনি যেন এটা উপযুক্ত শাস্ত্ৰীয় পদ ব্যৱহাৰ কৰে।
৫ আমাৰ এলেকাত ঘটা কোনো এটা চলিত ঘটনাৰ বিষয়ে যেতিয়া আমি গৃহস্থক কওঁ তেতিয়া আমাৰ শুভবাৰ্ত্তাৰ প্ৰচাৰো সেই অনুসাৰে হোৱা আৱশ্যক। এইদৰে আমি লোকসকলৰ হৃদয় বা মনত যি আছে তাৰ সৈতে কথোপকথন কৰিব পাৰোঁ। তদুপৰি আমি এইদৰে কৰাৰ দ্বাৰা বহুতো লোকক নিজৰ গুণ আৰু স্তৰ পৰিৱৰ্তন নকৰা অৰ্থাৎ অপৰিৱৰ্তনশীল ঈশ্বৰৰ বিষয়ে জনাত সহায় কৰিব পাৰিম।—যাকো. ১:১৭.