সৰল আৰু স্পষ্টকৈ কৰা প্ৰস্তুতিকৰণে সদায়ে প্ৰভাৱিত কৰে
১ ডেকা বয়সৰ ভাই-ভনীসকলে নিজৰ প্ৰচাৰকাৰ্য্যৰ যোগেদি শুনোতাসকলৰ ধ্যান কিয় আৰ্কষিত কৰিব পাৰে? ইয়াৰে এটা কাৰণ হৈছে তেওঁলোকে সৰলভাৱে শুভবাৰ্ত্তা প্ৰস্তুত কৰে। কিছুমানে হয়তো ভাবিব পাৰে যে তেওঁলোকৰ প্ৰস্তুতিকৰণ হৃদয়স্পৰ্শী হোৱা উচিত। কিন্তু অনুভৱবিলাকৰ পৰা জানিব পৰা গৈছে যে সৰল আৰু স্পষ্টকৈ প্ৰস্তুত কৰা বাৰ্ত্তা দ্বাৰা সঠিক ফল পোৱা হৈছে।
২ যিহেতু যীচুৱে সৰল আৰু স্পষ্টৰূপে ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কৰিছিল। তেওঁৰ শিষ্যসকলকো তেনে কৰিবলৈ শিকাইছিল। (মথি ৪:১৭; ১০:৫-৭; লূক ১০:১, ৯) যীচুৱে নিজৰ প্ৰস্তুতিকৰণ অতি সৰল বিষয়, প্ৰশ্ন আৰু দৃষ্টান্তসমূহ ব্যৱহাৰ কৰিছিল যাতে শুনোতাসকলৰ ধ্যান আকৰ্ষিত আৰু হৃদয় স্পৰ্শ কৰিব পাৰে। (যোহন ৪:৭-১৪) আমিও তেওঁৰ সেই আৰ্হিক অনুকৰণ কৰি আমি কোৱা বাৰ্ত্তাক সৰল আৰু স্পষ্টকৈ প্ৰস্তুত কৰা উচিত।
৩ কিয়নো আমি “ৰাজ্যৰ এই শুভবাৰ্ত্তা” প্ৰচাৰ কৰোঁ। (মথি ২৪:১৪) যদি আমি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কোৱাটো এক মুখ্য বিষয় কৰি লওঁ, তেনেহʼলে আমাৰ প্ৰস্তুতিকৰণ সৰল আৰু হৃদয় স্পৰ্শী হʼব। এনেধৰণৰ বিষয়বস্তুক দাঙি ধৰক যিয়ে গৃহস্থসকলকৰ ধ্যান আকৰ্ষিত কৰিব পাৰে। উদাহৰণস্বৰূপে, সাধাৰণতে মহিলাসকলে ৰাজনৈতিক বিষয়বোৰত পৰিয়ালৰ বিষয়ে জানিবলৈ অধিক আগ্ৰহী হয়। এজন পিতৃৰ সকলোতকৈ মুখ্য চিন্তা হৈছে তেওঁৰ চাকৰি আৰু পৰিয়ালৰ সুৰক্ষা দিয়া। যুৱক-যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি আৰু বৃদ্ধসকলে নিজৰ ভাল স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি আগ্ৰহী হয়। লোকসকলে প্ৰায় দূৰ দেশৰ বিষয়ে বিবেচনা কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ স্থানীয় ঠাইত হোৱা ঘটনাৰ বিষয়ে জানিবলৈ বেছি আগ্ৰহী হয়। এতেকে লোকসকলৰ সৈতে তেনেধৰণৰ সাধাৰণ বিষয়বোৰৰ বিষয়ে আলোচনা কৰাৰ দ্বাৰা আপুনি তেওঁলোকৰ ধ্যান ঈশ্বৰৰ শাসনকালৰ অধীনত আজ্ঞাকাৰী মানৱজাতিলৈ অহা আশীৰ্ব্বাদসমূহৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিব। সেইবাবে সৰল উদাহৰণ, সঠিক শব্দ আৰু এটা শাস্ত্ৰীয় পদৰ দ্বাৰা আপুনি আপোনাৰ শুনোতাজনৰ ধ্যান আকৰ্ষিত কৰিলে উত্তম হʼব।
৪ আপুনি এইদৰে নিজৰ আলোচনা আৰম্ভ কৰিব পাৰে:
▪ “ইয়াত কোনো সন্দেহ নাই যে মানৱজাতিয়ে আজি বহুতো ভয়াবহ ৰোগৰ দ্বাৰা পীড়িত হʼবলগা হৈছে। কিন্তু আপুনি জানেনে যে ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে তেওঁ সকলো প্ৰকাৰৰ ৰোগ, আনকি মৃত্যুকো গুচাই পেলাব?” গৃহস্থজনে এই বিষয়ে কি উত্তৰ দিয়ে তাৰবাবে ক্ষন্তেক ৰওঁক আৰু পাছত প্ৰকাশিত বাক্য ২১:৩, ৪ পদটো পঢ়ক।
৫ এনে সৰল আৰু স্পষ্ট প্ৰস্তুতিকৰণৰ দ্বাৰা আপুনি আপোনাৰ প্ৰচাৰক্ষেত্ৰত থকা অধিক লোকৰ মন আৰু হৃদয় স্পৰ্শ কৰিব পাৰে। তদুপৰি তেওঁলোকক যিহোৱাৰ বিষয়ে জ্ঞান লোৱাত আৰু অনন্ত জীৱনৰ আশাৰ বিষয়ে শিকাত সহায় কৰিব পাৰে। (যোহন ১৭:৩)