মই আন ঠাইলৈ স্থানান্তৰিত হমনে?
১ “যোৱা; . . . সকলো জাতিকে শিষ্য” বনোৱা, যীচুৱে দিয়া এই আজ্ঞাক পালন কৰিবলৈ যিহোৱাৰ বহুতো সমৰ্পিত সেৱকে আন ঠাইলৈ স্থানান্তৰিত হৈছে। (মথি ২৮:১৯) এই ক্ষেত্ৰত তেওঁলোকে পাঁচনি পৌলক অনুকৰণ কৰে যিজনে “মাকিদনিয়া দেশলৈ পাৰ হৈ আহি, আমাক উপকাৰ কৰা,” বুলি আমন্ত্ৰণ পাইছিল। (পাঁচ. ১৬:৯) গতিকে স্থানান্তৰিত হʼবলৈ কেনেকৈ ব্যৱহাৰিক আঁচনি তৈয়াৰ কৰিব পৰা যায়?
২ ভাবি-চিন্তি পদক্ষেপ লওঁক: আপোনাৰ মণ্ডলীৰ আশে-পাশে এনে বহুতো এলেকা আছেনে, যʼত কাচিতহে প্ৰচাৰ কাৰ্য্য কৰা হয়? যদি আছে তেন্তে আপুনি তেনে এলেকাবোৰত গৈ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে। আন ঠাইলৈ স্থানান্তৰিত হোৱাৰ আগতে আপুনি মণ্ডলীৰ প্ৰাচীনসকলৰ সৈতে আলোচনা কৰক যাতে তেওঁলোকে বিবেচনা কৰিব পাৰে যে আপুনি যি ঠাইলৈ গৈ প্ৰচাৰ কৰিব বিচাৰিছে তাৰ বাবে আপুনি সম্পূৰ্ণৰূপে প্ৰশিক্ষিত হয় নে নহয়। এই বিষয়ে আপুনি আপোনাৰ চাৰ্কিট ওভাৰচিয়াৰকো সুধিব পাৰে, কিয়নো তেওঁ জানে যে আপুনি কোন ঠাইলৈ স্থানান্তৰিত হʼলে প্ৰচাৰ কাৰ্য্যত সফলতা লাভ কৰিব পাৰে। আনহাতে এই বিষয়ে গভীৰভাৱে বিবেচনা কৰাৰ পাছত আপুনি দেশৰ আন ঠাইলৈ গৈ প্ৰচাৰ কাৰ্য্যৰ বাবে সহায় আগবঢ়াব পাৰে। যদি আপুনি স্থানান্তৰিত হোৱাটোৱেই নিৰ্ণয় কৰিছে তেন্তে প্ৰাচীন গোষ্ঠীক এখন চিঠিৰ দ্বাৰাই জনাওঁক। তেওঁলোকে আপোনাৰ চিঠিৰ সৈতে তেওঁলোকৰ চিঠিখন শাখা কাৰ্য্যালয়লৈ পঠাব যাতে কাৰ্য্যালয়ে আপুনি প্ৰচাৰ কৰিবলৈ বিচৰা স্থান আৰু আপোনাৰ আধ্যাত্মিক স্তৰৰ বিষয়ে জানিব পাৰে। গতিকে স্থানান্তৰ হোৱাৰ আগতে আপুনি যাবলগীয়া স্থানৰ বিষয়ে আগতীয়াকৈ জনাটো আৱশ্যক।
৩ আন দেশলৈ স্থানান্তৰিত হোৱাৰ বিষয়ে সাৱধানতা অৱলম্বন কৰক: ভালদৰে জীৱন-যাপন কৰিবলৈ বা অত্যাচাৰৰ পৰা হাত হাৰিবলৈ আমাৰ বহুতো ভাই-ভনীয়ে আন দেশলৈ স্থানান্তৰিত হৈছে। যিহেতু প্ৰায়ে দেখা গৈছে যে তেওঁলোকে অচিনাকি লোকক ভৰসা কৰি টকা-পইচা দিয়ে যাতে তেওঁলোকৰ বাবে ঘৰ-দুৱাৰ আদি সকলোবোৰৰ ব্যৱস্থা কৰে যেন, কিন্তু সেই প্ৰবঞ্চকসকলে সেই ভাই-ভনীসকলক প্ৰতাৰণা কৰে। কিছুমান ক্ষেত্ৰত, সেই লোকবিলাকে প্ৰবাসীসকলৰ ওপৰত অনৈতিক কাৰ্য্য কৰিবলৈ জোৰ দিয়ে। যেতিয়া প্ৰবাসীসকলে এনে কাৰ্য্যত ভাগ লোৱাত মান্তি নহয়, তেন্তে তেওঁলোক সেই দেশৰ দয়াৰ পাত্ৰ হৈ জীৱন-যাপন কৰিবলগীয়া হয়। ইয়াৰ অৰ্থ হৈছে যে যিমান দুখ-কষ্ট তেওঁলোকে নিজৰ দেশত থাকি সন্মুখীন হোৱা নাছিল তাতকৈ অধিক আন দেশত থাকি ভূগিবলগীয়া হয়। আনকি তেওঁলোকে তাত থকা ভাই-ভনীসকলৰ পৰা আৰ্থিক সহায় বা ঘৰৰ যোগান ধৰি দিয়াটো বিচাৰিব পাৰে যিসকলে নিজেই অনেক দুখ-কষ্টৰ মাজেদি জীৱন-যাপন কৰি আছে। কিছুমান পৰিয়ালৰ সদস্যই অন্য লোকৰ অবিবেচনাপূৰ্ণ কথা শুনি ঘৰৰ পৰা দূৰ হৈ অন্য দেশত ধন আৰ্জন কৰিছে, যাৰ ফলস্বৰূপে সেই ব্যক্তিজনৰ পৰিয়ালে আধ্যাত্মিকৰূপে দুৰ্ব্বল হৈ পৰিছে।—১ তীম. ৬:৮-১১.
৪ এইটো মনত ৰখা উচিত যে যদি আপুনি নিজ সুবিধাৰ বাবে আন দেশত যাব বিচাৰিছে, তেন্তে তাত যে কোনো প্ৰকাৰৰ সমস্যাৰ সন্মুখীন হʼবলগীয়া নহব বুলি ভবাতো আপোনাৰ ভুল হʼব। কিয়নো যʼতেই নাথাকক কিয় আপুনি নিশ্চয়ে কম-বেছি পৰিমাণে হলেও সমস্যাৰ সন্মূখীন হʼব লাগিব। নিজৰ দেশত থাকি সমস্যাৰ সন্মূখীন হোৱাটো সহজ, কিয়নো আপুনি নিজৰ দেশৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে জানে। কিন্তু বিদেশত আপুনি কেতিয়াও সহজতে সমস্যাৰ সন্মূখীন হʼব নোৱাৰে, কিয়নো সেই দেশৰ ভাষা আৰু সংস্কৃতি আপোনাৰ দেশতকৈ সম্পূৰ্ণ বেলেগ।