বৃহৎভাৱে আৱশ্যকতা হোৱা ঠাইবোৰলৈ গৈ আপুনি সেৱা কৰিব নে?
১ যি ঠাইত অধিক ৰাজ্যৰ প্ৰচাৰকৰ আৱশ্যকতা আছে আপুনি তালৈ গৈ সেৱা কৰাৰ বিষয়ে বিবেচনা কৰিছেনে? যদি আপোনাক “পাৰ হৈ আহি, . . . উপকাৰ” কৰিবলৈ আমন্ত্ৰণ কৰা হয়, তেতিয়া আপুনি পাঁচনি পৌলৰ দৰে প্ৰত্যুত্তৰ দিবনে? (পাঁচ. ১৬:৯, ১০) কিয়নো এনে বহুতো মণ্ডলী আছে যিবোৰ এলেকাত প্ৰচাৰ কৰিবলৈ আধ্যাত্মিকৰূপে পৰিপক্ক পৰিয়াল বা অগ্ৰগামী অথবা মণ্ডলীক পথ-প্ৰদৰ্শন কৰিবলৈ উপযুক্ত প্ৰাচীন নাইবা সহায়ক সেৱকৰ আৱশ্যক। তেনে অকলশৰীয়াকৈ থকা এলেকাবোৰ হয়তো সৰু সৰু নগৰৰ দ্বাৰা গঠিত, যিবোৰ বৃহৎ অঞ্চলত সিঁচৰিত হৈ আছে। সেই এলেকাৰ ওচৰত থকা ৰাজ্য গৃহখনো হয়তো বহু কিলোমিটাৰ নিলগত থাকিব পাৰে। সেই ঠাইবোৰত চাকৰিও সীমিত হʼব পাৰে। তাৰ বতৰো হয়তো সদায় অনুকুলজনক নহʼব পাৰে। আপুনি এনেধৰণৰ স্থানবোৰত যাবলৈ বিচাৰিব নে? আপুনি এনেবোৰ স্থানলৈ গৈ ঈশ্বৰৰ কাৰ্য্যত কেনেকৈ সফলতা লাভ কৰিব পাৰে?
২ বিশ্বাস আৰু ভৰসাৰ আৱশ্যক: অব্ৰামে ঈশ্বৰৰ নিৰ্দ্দেশনা অনুসাৰে নিজ পত্নী, ভাগিন আৰু বৃদ্ধ পিতৃ তেৰহৰ সৈতে নিজৰ মাতৃভূমি ঊৰ দেশ ত্যাগ কৰি ১০০০ কিলোমিটাৰ নিলগলৈ যাত্ৰা কৰিছিল। (আদি. ১১:৩১, ৩২; নহি. ৯:৭) বৃদ্ধ পিতৃ তেৰহ মৃত্যুৰ পাছত যিহোৱাই ৭৫ বছৰীয়া অব্ৰামক হাৰণ দেশ আৰু তেওঁৰ আত্ম-সম্বন্ধীয় লোকসকলক এৰি ঈশ্বৰে কোৱা দেশলৈ যাত্ৰা কৰিবলৈ কʼলে। সেই অনুসাৰে অব্ৰাম, চাৰী আৰু ভতিজা পুতেক লোটে “যাত্ৰা কৰিলে।” (আদি. ১২:১, ৪, ৫) অৱশ্যে অব্ৰামে যি ঠাইত প্ৰচাৰ কাৰ্য্যৰ আৱশ্যকতা আছিল তাক সম্পূৰ্ণ কৰিবলৈ যাত্ৰা কৰা নাছিল। কিন্তু তেওঁ যাত্ৰা কৰাৰ আন এক কাৰণ আছিল। সেই কাৰণটো কি আছিল?
৩ সেই কাৰ্য্যক সম্পন্ন কৰিবলৈ অব্ৰামক বিশ্বাস আৰু ভাৰসাৰ আৱশ্যক আছিল। তদুপৰি তেওঁ নিজৰ বিচাৰধাৰা আৰু জীৱন-প্ৰণালী সলনি কৰিবলৈ আছিল। কিয়নো এসময়ত তেওঁ নিজৰ আত্মীয়-স্ৰজনৰ সৈতে সুৰক্ষাৰে জীৱন নিৰ্বাহ কৰিছিল। কিন্তু এতিয়া তেওঁ নিজৰ আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সুৰক্ষাৰ বাবে সম্পূৰ্ণৰূপে যিহোৱাত ভৰসা ৰাখিবলগা হৈছিল। একেইদৰে বৰ্তমান সময়তো বহুতে অব্ৰামৰ দৰে ঈশ্বৰৰ ওপৰত ভৰসা ৰখাৰ প্ৰমাণ দিছে।
৪ অলপ সময়ৰ বাবে নিযুক্ত কৰা কাৰ্য্য: আপুনি কেতিয়াবা নিযুক্ত নকৰা এলেকাত কাৰ্য্য কৰি মহান আশীৰ্ব্বাদৰ ভাগী হৈছেনে? যিসকলে আশীৰ্ব্বাদৰ ভাগী হৈছিল, তেওঁলোকে তেনে এলেকাবোৰত উপস্থিত হʼবলৈ বহু দূৰ-দূৰণিলৈ যাব লগীয়া হৈছিল। কিন্তু তেওঁলোকৰ এই প্ৰচেষ্টা ফলদায়ক আছিল নে?
৫ কেলিফʼৰ্ণিয়াৰ পৰা এজন ভায়ে উটাহ নামৰ ঠাইলৈ গৈছিল। তেওঁ এইদৰে লিখিছিল: “যেতিয়া মোক বাৰে বাৰে প্ৰচাৰ কৰা এলেকালৈ এটা গ্ৰুপক লৈ কাৰ্য্য কৰিবলৈ অনুগ্ৰহ কৰা হʼল, মই প্ৰথমতে কোন্ঠাবোধ কৰিছিলোঁ। কিন্তু মই সেই ঠাইলৈ গৈ প্ৰচাৰ কৰিবলৈ সিদ্ধান্ত ললোঁ। মই তেনে সিদ্ধান্ত লোৱাৰ বাবে কেতিয়াও অনুতাপ কৰিবলগীয়া হোৱা নাছিলোঁ। কিন্তু ইয়ে মোৰ জীৱন-প্ৰণালীক সলনি কৰিলে। এই অভিযানত ভাগ লোৱাৰ বিশেষ অধিকাৰ পোৱাৰ বাবে মই যিহোৱাক নিতৌ ধন্যাবাদ কৰোঁ।” ফ্লʼৰিডাৰ পৰা টেনেচি নামৰ ঠাইলৈ যোৱা আন এজন ভায়ে এইদৰে কৈছিল যে, মই সত্যত থকা ২০ বছৰৰ সময় উকলি গʼল অথচ মোৰ কেতিয়াও তেনে এক স্মৰণীয় অনুভৱৰ অভিজ্ঞতা হোৱা নাছিল! কনেকটিকাট্ নামৰ ঠাইৰ পৰা পশ্চিম ভাৰজিনিয়াল নামৰ ঠাইলৈ যোৱা এজন কিশোৰে এইদৰে কৈছিল: “মই জীৱনত প্ৰথমবাৰৰ বাবে এনে অভিজ্ঞতাৰ অনুভৱ কৰিলোঁ!” বহুতো প্ৰচাৰকে অলপ সময়ৰ বাবে আৱশ্যক হোৱা স্থানলৈ গৈ কাৰ্য্য কৰি প্ৰচাৰ কাৰ্য্যৰ প্ৰতি গভীৰ প্ৰশংসা দেখুৱায়। যিসকলে তেনে কৰিলে তেওঁলোকৰ সৈতে আপুনি এই বিষয়ে আলোচনা কৰক। তেওঁলোকৰ পৰা আপুনি জানিব পাৰিব যে তেওঁলোকে আধ্যাত্মিকৰূপে শক্তিশালী হৈছে আৰু সুযোগ পালে তেওঁলোকে পুনৰ তেনে ঠাইবিলাকলৈ গৈ প্ৰচাৰ কৰিবলৈ বিচাৰে।
৬ গতিকে যিবোৰ ঠাইত বৃহৎভাৱে আৱশ্যকতা আছে, তেনেবোৰ ঠাইত অলপ সময়ৰ বাবে গৈ সেৱা কৰাৰ দ্বাৰা আন আন উদ্দেশ্যও সম্পূৰ্ণ কৰিব পাৰিব। যিসকলে তেনে কৰিলে তেওঁলোকে ব্যৱহাৰিক জ্ঞান আহৰণ কৰিব পাৰিলে, যিয়ে তেওঁলোকক দেশৰ আন আন ঠাইলৈ গৈ সেৱা কৰিবলৈ “কিমান খৰচ” হʼব সেই সম্পৰ্কে সঠিক হিচাপ নিৰ্দ্ধাৰণ কৰাত সহায় কৰে।—লূক ১৪:২৮.
৭ যিহোৱাই তেওঁৰ ধ্বংস অনাৰ পূৰ্বেই “সকলো জাতিলৈ” ৰাজ্যৰ এই শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ নিশ্চিত কৰিলে। (মথি ২৪:১৪) এই বিষয়ে আপুনি জনাৰ পাছত বৃহৎভাৱে আৱশ্যক হোৱা ঠাইবোৰলৈ গৈ স্বেইচ্ছাৰে কাৰ্য্য কৰিব নে? কিয়নো এনে বহুতো স্থান আছে যিবোৰত প্ৰচাৰ কৰাত বৃহতভাৱে আৱশ্যকতা আছে।
৮ বৃহৎ আৱশ্যকতা হোৱা স্থানলৈ গৈ প্ৰচাৰ কৰক: আপুনি এজন অৱসৰ প্ৰাপ্ত ব্যক্তিনে? আপোনাৰ যথেষ্ট আমদানি আছেনে? যদি নাই তেনেহʼলে আপুনি নিজৰ বাবে উপাৰ্জন কৰাৰ কোনো উপায় উলিয়াব পাৰেনে? আপুনি যি কোনো স্থানত টেলিফোন বা কম্পিউটাৰৰ জৰিয়তে আমদানিৰ কোনো পথ যোগাৰ কৰিব পাৰেনে? যদি আপুনি নিজে আৱশ্যক হোৱা ঠাইলৈ গৈ সেৱা কৰিব নোৱাৰে, তেনেহʼলে আপুনি নিজৰ পৰিয়ালৰ সদস্যক তেনেবোৰ ঠাইলৈ গৈ সেৱা কৰিবলৈ সহায় আগবঢ়ানে?
৯ যদি আপুনি প্ৰাৰ্থনাপূৰ্বকৰূপে বিবেচনা কৰি আৱশ্যক হোৱা ঠাইবোৰলৈ গৈ সেৱা কৰাৰ বিষয়ে নিৰ্ণয় লৈছে, তেনেহʼলে এই বিষয়ে নিজৰ পৰিয়াল আৰু মণ্ডলীৰ প্ৰাচীনসকলক জনাওঁক। তাৰ পাছত চিঠি লিখক আৰু চিঠিখন মণ্ডলীৰ প্ৰাচীনক দিয়ক, যাতে তেওঁলোকে সেই চিঠিখনৰ সৈতে তেওঁলোকৰ মন্তব্য আৰু অনুৰোধ পত্ৰ শাখা কাৰ্য্যলয়লৈ পঠিয়াব পাৰে।
১০ আপুনি সেই চিঠিখনত কি কি লিখা উচিত? আপুনি নিজৰ বয়স, বাপ্তিষ্মাৰ তাৰিখ, মণ্ডলীত থকা দায়িত্বসমূহ, বৈবাহিক স্থিতি আৰু যদি কোনো সৰু লʼৰা-ছোৱালী আছে তেতিয়াও চিঠিখনত উল্লেখ কৰা আৱশ্যক। তাৰ পাছত আপুনি গৈ প্ৰচাৰ কৰিব বিচৰা আপোনাৰ মনৰ পছন্দ ঠাইৰ নাম লিখক। উদাহৰণস্বৰূপে আপুনি গৰম আৰু সেমেকা ঠাইত বাস কৰিব পাৰিবনে? আপুনি অতিপাত ঠাণ্ডা বতৰত সহন কৰিব পাৰিবনে? আপুনি পাহাৰীয়া ঠাইত বাস কৰিব পাৰিবনে? আপুনি আন ভাষা কʼব পাৰেনে?
১১ এই কাৰ্য্যৰ বাবে আপুনি উৎসাহী হৈ নিজেই আগভাগ লয়নে? যি ঠাইবিলাকত বৃহৎভাৱে আৱশ্যকতা আছে সেই ঠাইবোৰলৈ গৈ সেৱা কৰিবলৈ আপোনাৰ পৰিস্থিতিয়ে অনুমতি দিয়েনে? যদি দিয়ে তেনেহʼলে যিসকলে যিহোৱাৰ ওপৰত ভৰসা কৰি আত্ম-বলিদানৰ মনোভাৱ দেখুৱাই, তেওঁলোকক ঈশ্বৰে প্ৰচুৰমাত্ৰাত আশীৰ্ব্বাদ দিব!—গীত. ৩৪:৮; মলা. ৩:১০.