নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক
নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক—প্ৰচাৰকৰ বেছি প্ৰয়োজন হোৱা ঠাইলৈ যাওক
যিহোৱাৰ ওপৰত বিশ্বাস থাকিলেহে আমি তেওঁৰ সেৱা বেছিকৈ কৰিবলৈ নতুন ঠাইলৈ যাব পাৰিম। (ইব্ৰী ১১:৮-১০) যদি আপুনি প্ৰচাৰকৰ প্ৰয়োজন হোৱা ঠাইলৈ গৈ সেৱা কৰাৰ কথা ভাবিছে, তেনেহʼলে নিজৰ মণ্ডলীৰ প্ৰাচীনসকলৰ লগত কথা পাতক। আপুনি কেনেকৈ নিৰ্ণয় লʼব পাৰিব যে আপোনাৰ বাবে কোনখন ঠাই ভাল হʼব আৰু আপুনি তাত থাকিব পাৰিব নে নোৱাৰে? প্ৰচাৰকৰ প্ৰয়োজন হোৱা ঠাইলৈ গৈ সেৱা কৰাৰ বিষয়ে লেখ আৰু ভিডিঅʼবোৰ চাওক। যিসকল ভাই-ভনীয়ে আন মণ্ডলীলৈ গৈ সেৱা কৰিবলৈ আৰম্ভ কৰিছে, তেওঁলোকৰ লগত কথা পাতক। (হিতো ১৫:২২) যিহোৱালৈ প্ৰাৰ্থনা কৰক, যাতে সঠিক নিৰ্ণয় লʼবলৈ তেওঁ আপোনাক সহায় কৰে। (যাকো ১:৫) আপুনি যি ঠাইলৈ যাব বিচাৰে, সেই ঠাইৰ বিষয়ে আগতীয়াকৈ জানিবলৈ চেষ্টা কৰক। যদি সম্ভৱ হয়, তেনেহʼলে সেই ঠাইলৈ এবাৰ গৈ আহক।
বিশ্বাস দৃঢ় কৰাৰ লগতে নিজৰ সেৱা বঢ়াওক—প্ৰচাৰকৰ বেছি প্ৰয়োজন হোৱা ঠাইলৈ যাওক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
যিহোৱাৰ সেৱা বেছিকৈ কৰিবলৈ গেব্ৰিয়েলে কেনেকৈ নিজৰ চিন্তাধাৰা সলনি কৰিলে? এইদৰে কৰিবলৈ তেওঁক কিহে সহায় কৰিলে?