ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০১ পৃষ্ঠা ৮
  • এজন উত্তম চুবুৰীয়াৰ দৰে সাক্ষী দিয়ক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এজন উত্তম চুবুৰীয়াৰ দৰে সাক্ষী দিয়ক
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • উত্তম চুবুৰীয়াসকল সমাজৰ বাবে লাভদায়ক
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ‘সম্পূৰ্ণকৈ সাক্ষী’ দিবলৈ পৰিশ্ৰমী হওক
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • শুদ্ধতাই ঈশ্বৰলৈ সন্মান কঢ়িয়াই আনে
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০১ পৃষ্ঠা ৮

এজন উত্তম চুবুৰীয়াৰ দৰে সাক্ষী দিয়ক

১ যীচুৱে কৈছিল: “আৰু তাৰে নিচিনা দ্বিতীয়টো এই, তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা।” (মথি ২২:⁠৩৯) ইয়াত কোনো সন্দেহ নাই যে, আপুনি সঙ্গী বিশ্বাসীসকলৰ বাবে “হিতজনক কৰ্ম্ম” কৰে। কিন্তু আপুনি আপোনাৰ ওচৰ-চুবুৰীয়াৰ প্ৰতি নিজৰ প্ৰেম প্ৰকাশ কৰেনে? (গালাতীয়া ৬:⁠১০) আপুনি কেনেকৈ তেওঁলোকৰ প্ৰতি প্ৰেম দেখুৱাব পাৰে?

২ চুবুৰীয়াৰ সৈতে সজ আচৰণ কৰাৰ দ্বাৰা: আপোনাৰ চুবুৰীত থকা লোকসকলে আপোনাক এজন যিহোৱাৰ সাক্ষী বুলি চিনি পাইনে? যদি তেওঁলোকে চিনি নাপাই, তেনেহʼলে কিয় তেওঁলোকক প্ৰচাৰ কৰি নিজৰ চিনাকি নিদিয়ে? আপুনি হয়তো ইয়াৰ পৰিণাম দেখি আচৰিত হʼব পাৰে! নতুবা আপুনি যদি তেওঁলোকৰ সৈতে বেছি চিনাকি তেনেহʼলে অনিয়মিতৰূপে সাক্ষী দিবলৈ চেষ্টা কৰক। যেতিয়া আপুনি ঘৰৰ বাহিৰলৈ ওলাই যাব, তেতিয়া আপুনি হয়তো দেখিব যে আপোনাৰ চুবুৰীত থকা কিছুমানে নিজৰ ঘৰৰ চৌহদত থকা ফুলনিখন চফা কৰিছে অথবা তেওঁলোকে খোজ কাঢ়িবলৈ ৰাস্তালৈ ওলাই আহিছে। হাঁহি মুখে তেওঁলোকক আপোনাৰ বিশ্বাস, ৰাজ্যগৃহৰ স্থান আৰু তাত কি কৰা হয় তাক জনাবলৈ প্ৰচেষ্টা কৰক। লগতে কওঁক যে যিসকলে জানিব বিচাৰে তেওঁলোকক ৰাজ্যগৃহৰ সভাত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰা হৈছে। গতিকে, আপুনি চিনি পোৱা সকলোকে ৰাজ্যৰ শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰক।​—⁠পাঁচ. ১০:⁠৪২; ২৮:⁠২৩.

৩ আপোনাৰ উত্তম আচৰ-ব্যৱহাৰৰ দ্বাৰা: আপোনাৰ বন্ধুত্বপূৰ্ণ আচৰ-ব্যৱহাৰে তেওঁলোকলৈ সাক্ষী দিয়াৰ পথ মুকলি কৰিব পাৰে। তদুপৰি, ‘ঈশ্বৰৰ শিক্ষাই আপোনাক সকলো বিষয়তে ভূষিত কৰিব।’ (তীত ২:⁠৭, ৯) আপুনি চুবুৰীয়াৰ প্ৰতি সম্পূৰ্ণ হৃদয়েৰে আগ্ৰহী হওঁক। তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰক আৰু সহানুভূতিশীল হওঁক। তেওঁলোকৰ গোপনীয়তাৰ অধিকাৰ আৰু একান্ত পৰিৱেশক সন্মান কৰক। যদি তেওঁলোকৰ কোনো এজনৰ বেমাৰ হয়, তেন্তে তেওঁলোকৰ প্ৰতি সহানুভূতি দেখুৱাই সহায় কৰিবলৈ প্ৰস্তুত হওঁক। যদি আপোনাৰ চুবুৰীত কোনো নতুন পৰিয়ালে থাকিবলৈ আহে, তেওঁলোকক আদৰণি জনাওঁক। আপুনি দেখুৱা আচৰ-ব্যৱহাৰৰ দ্বাৰা তেওঁলোকে প্ৰভাৱিত হʼব আৰু যিহোৱাৰ মন আনন্দিত কৰিব। (ইব্ৰী ১৩:⁠১৬)

৪ আপোনাৰ ঘৰখন আৰু ইয়াৰ চৌহদত পৰিষ্কাৰ-পৰিছন্নতা বজাই ৰখাৰ দ্বাৰা: এজন উত্তম চুবুৰীয়া হোৱাৰ ওপৰিও আপোনাৰ ঘৰখন আৰু ইয়াৰ চৌহদত পৰিষ্কাৰ-পৰিছন্নতা বজাই ৰখাৰো আৱশ্যক। কিয়নো আপোনাৰ ঘৰখন আৰু ইয়াৰ চাৰিওফালে থকা বাগিছাখনত পৰিষ্কাৰ-পৰিছন্নতা বজাই ৰখাৰ দ্বাৰাও তেওঁলোকক এক উত্তমৰূপে সাক্ষী দিব পৰা যায়। কিন্তু যদি ঘৰ আৰু ইয়াৰ চাৰিওফালে বিশৃংখলতা দেখা যায়, তেনেহʼলে ই আপোনাৰ প্ৰচাৰ কাৰ্য্যত লোকসকলৰ মন আকৰ্ষিত কৰাত বিঘিনি জন্মাব। সেইবাবে আপোনাৰ ঘৰ-দুৱাৰ, বাগিছা আৰু যান-বাহন পৰিষ্কাৰ আৰু উত্তম অৱস্থাত ৰখা অতি আৱশ্যক।

৫ আপোনাৰ মণ্ডলীৰ বাহিৰত থকা লোকসকলৰ প্ৰতিও বিবেচনাশীল হোৱা আৱশ্যক। ইয়াৰ পৰিণাম কি হʼব পাৰে? ইয়াৰ দ্বাৰা হয়তো ‘তেওঁবিলাকে আমাৰ সৎকৰ্ম্ম দেখি তাৰ কাৰণে কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে।’​—⁠১ পিত. ২:⁠১২.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক