ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০৩ পৃষ্ঠা ৩-৪
  • ‘সম্পূৰ্ণকৈ সাক্ষী’ দিবলৈ পৰিশ্ৰমী হওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘সম্পূৰ্ণকৈ সাক্ষী’ দিবলৈ পৰিশ্ৰমী হওক
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • তেওঁলোকক কেতিয়াও পাহৰি যোৱা উচিত নহয়!
  • অনিয়মিতৰূপে সাক্ষী দিয়াৰ দ্বাৰা যিহোৱাৰ স্তুতি কৰক
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০৩ পৃষ্ঠা ৩-৪

‘সম্পূৰ্ণকৈ সাক্ষী’ দিবলৈ পৰিশ্ৰমী হওক

১ যীচু আৰু প্ৰাচীন সময়ৰ বিশ্বাসী সেৱকসকলৰ দৰে পাঁচনি পৌলে উৎসাহী হৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল। তেওঁ যিকোনো পৰিস্থিতিতে ‘সম্পূৰ্ণকৈ সাক্ষী’ দিছিল। আনকি এসময়ত তেওঁ গৃহবন্দী হৈ থকাৰ সময়ছোৱাতো “যিমান মানুহ তেওঁৰ ওচৰলৈ আহে, সেই সকলোকে গ্ৰহণ কৰি, বাধা নোহোৱাকৈ অতি সাহেৰে ঈশ্বৰৰ ৰাজ্যৰ কথা প্ৰচাৰ কৰি, প্ৰভু যীচু খ্ৰীষ্টৰ বিষয়ে উপদেশ দি আছিল।”​—⁠পাঁচ. ২৮:⁠১৬-​৩১.

২ একেইদৰে আমিও সকলো সময়তে ‘সম্পূৰ্ণকৈ সাক্ষী’ দিবলৈ পৰিশ্ৰমী হʼব পাৰোঁ। ‘সম্পূৰ্ণকৈ সাক্ষী’ দিয়াত আমি সন্মিলন আৰু অধিৱেশনলৈ অহা-যোৱা কৰাৰ সময়ত লগ পোৱা লোকসকলক সাক্ষী দিয়াটো জড়িত আছে।​—⁠পাঁচ. ২৮:⁠২৩; গীত. ১৪৫:⁠১০-​১৩.

৩ আকস্মিক বা অনিয়মিতৰূপে সাক্ষী দিয়াৰ অৰ্থ কি? এনে সাক্ষী দিয়াত কোনো ভিন্নতা আছেনে? অৱশ্যেই আছে। আকস্মিকৰূপে সাক্ষী দিয়াৰ অৰ্থ এইটো নহয় যে ই অনিশ্চিত বা কোনো পৰিকল্পনা নকৰা অথবা কম গুৰুত্বৰে কৰা কাৰ্য্য। দৰাচলতে আমি তেনেদৰে আমাৰ প্ৰচাৰ কাৰ্য্য নকৰোঁ। পৌলেও ঈশ্বৰক মহিমা কৰিবলৈ অধিক গুৰুত্বতাৰে সাক্ষী দিছিল, একেইদৰে আমিও কৰোঁ আৰু এই বছৰত ভ্ৰমণ কৰাৰ সময়ত যেতিয়াই উপযুক্ত সুযোগ পোৱা যায় তেতিয়াই অধিক গুৰুত্বতাৰে সাক্ষী দিবলৈ আমাৰ অভিপ্ৰায় হোৱা উচিত। দৰাচলতে আমি লোকসকলক যিদৰে সুস্থিৰ, বন্ধুত্বপূৰ্ণতা আৰু অনানুষ্ঠানিকৰূপে সাক্ষী দিওঁ, আনে হয়তো ইয়াক সঠিকভাৱে অনিয়মিতৰূপে সাক্ষী দিয়া বুলি বৰ্ণনা কৰিব পাৰে। এনেদৰে সাক্ষী দিয়া কাৰ্য্যৰ দ্বাৰা উত্তম ফলাফল পাব পাৰি।

৪ সাক্ষী দিয়াৰ বাবে প্ৰস্তুতি কৰক: পৌলে ৰোম চহৰত গৃহবন্দী হৈ থকাৰ অৱস্থাত সাক্ষী দিবলৈ সুযোগ বিচাৰি লৈছিল। তেওঁ থকা ঘৰটোলৈ স্থানীয় ইহুদীসকলৰ ধৰ্ম্মগুৰুসকলক আমন্ত্ৰণ কৰাত আগভাগ লৈছিল। (পাঁচ. ২৮:⁠১৭) ৰোম চহৰত যদিও খ্ৰীষ্টান মণ্ডলী আছিল তথাপিও পৌলে জানিব পাৰিছিল যে খ্ৰীষ্টান বিশ্বাসৰ সম্বন্ধে চহৰখনত থকা ইহুদীসকলৰ প্ৰত্যক্ষ অভিজ্ঞতা আছিল। (পাঁচ. ২৮:⁠২২; ৰোমী. ১:⁠৭) যীচু খ্ৰীষ্ট আৰু ঈশ্বৰৰ ৰাজ্য বিষয়ে ‘সম্পূৰ্ণকৈ সাক্ষী’ দিয়াত পৌলে কেতিয়াও পিছ পৰি থকা নাছিল।

৫ যাত্ৰাৰ সময়ছোৱাত লগ পাব পৰা সকলো প্ৰকাৰৰ লোকৰ বিষয়ে আগতীয়াকৈ চিন্তা কৰক, যিসকলৰ যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে একেবাৰে কম জ্ঞান আছে। তেওঁলোকে হয়তো নাজানে যে আমি লোকসকলক বিনামূলীয়া বাইবেল অধ্যয়নৰ বাবে আমন্ত্ৰণ কৰোঁ। যাত্ৰাত, গাড়ী ৰখোৱা ঠাইত, ইন্ধন ভৰোৱা স্থানত, বজাৰ কৰোঁতে, হোটেলত থকা সময়ত, হোটেলত খোৱা-বোৱা কৰা, ৰাজহুৱা পৰিবহনত লগ পোৱা সকলোকে উপযুক্ত সুযোগত সাক্ষী দিবলৈ সাজু থাকক। লোকসকলৰ সৈতে কথোপকথন আৰম্ভ আৰু চমুকৈ সাক্ষী দিবলৈ আগৰে পৰা ঠিৰাং কৰক। এইদৰে অভ্যাস কৰাৰ যোগেদি সম্ভৱতঃ এদিন আপুনি আপোনাৰ চুবুৰীয়া, আত্মীয় ব্যক্তি, সহকৰ্ম্মী আৰু আন পৰিচিত লোকসকলক অনিয়মিতৰূপে সাক্ষী দিব পাৰিব।

৬ অনিয়মিতৰূপে সাক্ষী দিয়াৰ সময়ত আপোনাৰ ওচৰত প্ৰকাশনসমূহ থকা আৱশ্যক। কেনেধৰনৰ প্ৰকাশনসমূহ ব্যৱহাৰ কৰিব? আপুনি হয়তো, বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? নামৰ ট্ৰেক্টখন ব্যৱহাৰ কৰিব পাৰে। ট্ৰেক্টখনৰ পথম পাঁচোটা অনুচ্ছেদক উল্লেখ কৰক, যʼত বাইবেলখন পঢ়াৰ বিভিন্ন কাৰণসমূহ বৰ্ণনা কৰা হৈছে। তাৰ পিছত শেষ পৃষ্ঠাত দিয়া বিনামূলীয়া বাইবেল অধ্যয়নৰ বাবে অনুৰোধ কৰিবলৈ দিয়া কুপনখন দেখুৱাউক। যদি আপুনি এজন আগ্ৰহী ব্যক্তিক লগ পাই, তেনেহʼলে তেওঁক বিচাৰে ব্ৰচাৰখন দিব পাৰে। আন ভাষা কোৱা লোকসকলৰ সৈতে কথোপকথন কৰিবলৈ নিজৰ লগত সদাই সকলো লোকৰ বাবে শুভবাৰ্ত্তা নামৰ সৰু কিতাপখন ৰাখক। এই কিতাপখনৰ ২ পৃষ্ঠাত ইয়াক ব্যৱহাৰ কৰি কেনেকৈ সাক্ষী দিব লাগে সেই বিষয়ে বৰ্ণনা কৰা হৈছে। যেতিয়া মটৰ গাড়ীৰে যাত্ৰা কৰা হয়, আপুনি হয়তো ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি আগ্ৰহী হোৱা লোকসকলক দিবলৈ নিজৰ সৈতে কিছুমান অত্যাৱশ্যকীয় প্ৰকাশন লʼব পাৰে।

৭ আপোনাৰ সাজ-পোছাক আৰু আচৰণৰ প্ৰতি বিবেচনাশীল হওক: আমি নিশ্চিত কৰা আৱশ্যক যে আমাৰ আচাৰ-ব্যৱহাৰ আৰু সাজ-পোছাকে যেন লোকসকলৰ মনত এনে ভাৱধাৰা দাঙি নধৰে যাৰ বাবে তেওঁলোকে যিহোৱাৰ সংগঠনক ‘নিন্দিত কৰে।’ (পাঁচ. ২৮:⁠২২) দৰাচলতে আমি সন্মিলন বা অধিৱেশনত উপস্থিত হোৱাৰ সময়তহে কেৱল আমাৰ সাজ-পোছাক আৰু আচাৰ-ব্যৱহাৰ সজ হোৱা উচিত এনে নহয়, কিন্তু যাত্ৰা কৰা আৰু ফুৰিবলৈ যোৱাৰ সময়তো উত্তম হোৱা উচিত। আগষ্ট ১, ২০০২ চনৰ প্ৰহৰীবুৰুজ ১৬-১৭ পৃষ্ঠাৰ ১৪ অনুচ্ছেদত এইদৰে কোৱা হৈছে: “আমি জাকজমকতাপূৰ্ণ, আচহুৱা, শৰীৰৰ অঙ্গ প্ৰদৰ্শন কৰা বা অত্যাধিকভাৱে ফেচনৰ প্ৰতি সজাগ হৈ সাজ-পোছাক পৰিধান কৰা উচিত। ইয়াৰ বিপৰীতে আমি এনেদৰে সাজ-পোছাক পৰিধান কৰা উচিত যিয়ে ‘ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধা’ প্ৰকাশ কৰে। ইয়ে জানো আমাক আন আন সময়তো পৰিপাটি আৰু উপযুক্তকৈ সাজ-পোছাক পৰিধান কৰাৰ বিষয়ে স্মৰণ নকৰাই নে? আমি কেৱল সভাবোৰত উপস্থিত হোৱাৰ উদ্দেশ্যেৰে পৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰিম আৰু আন সময়বোৰত নিজ ইচ্ছা অনুসাৰে অনুপযুক্ত আৰু অপৰিপাটি সাজ-পোছাক পৰিধান কৰিম, এনে নহয়। আমি সত্য খ্ৰীষ্টান হোৱাৰ বাবে আমাৰ ব্যক্তিগত বহিঃৰূপ আৰু সাজ-পোছাকে সকলো সময়তে শ্ৰদ্ধা আৰু সন্মানীয় মনোবৃত্তি প্ৰকাশ কৰা উচিত।”​—⁠১ তীম. ২:⁠৯, ১০.

৮ আমাৰ সাজ-পোছাক শিষ্ট আৰু সন্মানীয় হোৱা উচিত। আমাৰ সাজ-পোছাক আৰু আচাৰ-ব্যৱহাৰে যদি ঈশ্বৰৰ প্ৰতি ৰখা বিশ্বাস প্ৰতিফলিত কৰে, তেন্তে আমি অনিয়মিতৰূপে সাক্ষী দিবলৈ কুণ্ঠাবোধ নকৰিম। কিয়নো আমাৰ ব্যক্তিগত বহিঃৰূপে লোকসকলৰ আগত প্ৰচাৰকৰূপে গ্ৰহণযোগ্য প্ৰমাণিত হয়।​—⁠১ পিত. ৩:⁠১৫.

৯ অনিয়মিতৰূপে সাক্ষী দিয়া কাৰ্য্যক ফলৱান কৰা: ৰোম চহৰত দুবছৰ ধৰি পৌলে গৃহবন্দী হৈ থকাৰ সময়ছোৱাত তেওঁ সাক্ষী দিবলৈ কৰা পৰিশ্ৰমৰ উত্তম ফল দেখিবলৈ পাইছিল। এই বিষয়ে লূকে এইদৰে মন্তব্য দিছিল যে, “তেওঁৰ কথা কোনো কোনোৱে বিশ্বাস কৰিলে।” (পাঁচ. ২৮:⁠২৪) তদুপৰি ‘সম্পূৰ্ণৰূপে সাক্ষী’ দিয়াৰ কাৰ্য্যকাৰীতাৰ সম্পৰ্কে পৌলে নিজেই এইদৰে লিখিছিল: “মোলৈ যি যি ঘটিল, শুভবাৰ্ত্তাৰ বাধা হওক ছাৰি, তাৰ বৃদ্ধিৰ অৰ্থেহে সেই সকলো ঘটিল; তাতে মোৰ বন্ধন গোটেই প্ৰিটৰিয়মত, আৰু আন সকলোবিলাকৰ আগত খ্ৰীষ্টত প্ৰকাশিত হল; আৰু ভাইবিলাকৰ অধিক ভাগে মোৰ বন্ধন দেখি প্ৰভুত দৃঢ় বিশ্বাস ৰাখি, ঈশ্বৰৰ বাক্য নিৰ্ভয়ৰূপে কবলৈ অধিক সাহ কৰিছে।”​—⁠ফিলি. ১:⁠১২-​১৪.

১০ যোৱা বছৰৰ এখন জিলা অধিৱেশনত দিনটোৰ শেষত এহাল দম্পতীৰ এটা সুন্দৰ অভিজ্ঞতা হৈছিল। তেওঁলোকে পৰিধান কৰা অধিৱেশনৰ বেজ কাৰ্ডৰ বিষয়ে সুধা এগৰাকী পৰিবেশিকা মহিলাক অনিয়মিতৰূপে সাক্ষী দিয়ে। তেওঁলোকে সেই মহিলা গৰাকীক অধিৱেশন আৰু মানৱজাতিৰ বাবে বাইবেলে দাঙি ধৰা সুন্দৰ ভৱিষ্যতৰ বিষয়ে জনায়। তাৰ পিছত তেওঁলোকে মহিলা গৰাকীক বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? নামৰ ট্ৰেক্টখন দিয়ে আৰু বিনামূল্যেই বাইবেল অধ্যয়ন কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে। সেই মহিলা গৰাকীয়ে তেওঁলোকক জনাই যে তাই বাইবেল অধ্যয়ন কৰিবলৈ আগ্ৰহী আৰু ট্ৰেক্টখনত দিয়া কুপনত নিজৰ নাম ঠিকনা লিখি সেই দম্পতীক তাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰে। আপুনিও এই বছৰত ‘সম্পূৰ্ণৰূপে সাক্ষী’ দিয়াত পৰিশ্ৰমী হৈ আনন্দ লাভ কৰিব পাৰিবনে?

১১ সম্পূৰ্ণৰূপে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যক উন্নত কৰক: সঙ্গী খ্ৰীষ্টানসকলে তেওঁৰ উৎসাহী আৰ্হিক অনুকৰণ কৰাৰ বিষয়ে শুনি পৌলে কিমান যে আনন্দিত হৈছিল! এতেকে আঁহক আমিও আমাৰ বাইবেল আধাৰিত বিশ্বাসৰ বিষয়ে অনিয়মিতৰূপে সাক্ষী দি শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যক উন্নত কৰোঁহঁক।

[Study Questions]

১, ২. পাঁচনি পৌলে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যক যিদৰে দৃষ্টি কৰিছিল তাৰ পৰা আপুনি কেনেদৰে প্ৰভাৱিত হʼল আৰু ‘সম্পূৰ্ণকৈ সাক্ষী’ দিয়া তেওঁৰ আৰ্হিক আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

৩. আমাৰ অনিয়মিতৰূপে সাক্ষী দিয়া কাৰ্য্যক কেনেকৈ কেৱল আকস্মিকৰূপে কৰা কাৰ্য্যত পৰিণত কৰাৰ পৰা বিৰত থাকিব পাৰোঁ?

৪. পৌলে গৃহবন্দী হৈ থকা সময়ত সাক্ষী দিবলৈ তেওঁক কিহে সহায় কৰিছিল?

৫, ৬. অনিয়মিতৰূপে সাক্ষী দিবলৈ কেনে সুযোগবোৰ পাব পাৰোঁ আৰু ইয়াক কাৰ্য্যকাৰী কৰি তুলিবলৈ আমি কেনেধৰণে প্ৰস্তুত হোৱা আৱশ্যক?

৭, ৮. যাত্ৰা কৰা আৰু আজৰি সময়ত আমাৰ ব্যক্তিগত সাজ-পোছাক আৰু আচাৰ-ব্যৱহাৰৰ প্ৰতি কেনে সাৱধানতা অৱলম্বন কৰা উচিত?

৯. ৰোম চহৰত পৌলে সাক্ষী দি কেনে কৃতকাৰ্য্যতা লাভ কৰিছিল?

১০. যোৱা বছৰত এহাল দম্পতীয়ে সাক্ষী দি কেনে সফলতা লাভ কৰিলে?

১১. ‘সম্পূৰ্ণকৈ সাক্ষী’ দিয়াৰ দ্বাৰা ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যক উন্নত কৰিবলৈ আমি কেনে গুণসমূহক বিকাশিত কৰা উচিত?

[Box on page 1]

অনিয়মিতৰূপে সাক্ষী দিবলৈ আৱশ্যক হোৱা প্ৰকাশনসমূহ

▪ বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? (ট্ৰেক্ট)

▪ ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? (ব্ৰচাৰ)

▪ সকলো জাতিৰ বাবে শুভবাৰ্ত্তা (সৰু কিতাপ)

▪ আৱশ্যক হোৱা আন প্ৰকাশনসমূহ

[Box on page 4]

তেওঁলোকক কেতিয়াও পাহৰি যোৱা উচিত নহয়!

কোনসকলক পাহৰি যোৱা উচিত নহয়? যিসকল আগ্ৰহী লোকে যীচুৰ মৃত্যুৰ স্মৰণীয় পৰ্ব্ব বা বিশেষ ৰাজহুৱা ভাষণত উপস্থিত হৈছিল, তেওঁলোকক পাহৰি যোৱাটো উচিত নহয়। আমি তেওঁলোকক এই বছৰৰ সন্মিলন আৰু অধিৱেশনত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰিলোঁনে? প্ৰেমময়ৰূপে উৎসাহিত কৰিলে তেওঁলোকৰ বহুতে উপস্থিত হʼব। তেওঁলোকে এই আধ্যাত্মিক বিষয়ৰ কাৰ্য্যক্ৰমত উপস্থিত হৈ ভাই-ভনীসকলৰ সৈতে উন্নতিজনক সঙ্গতি কৰি আনন্দিত আৰু যিহোৱা আৰু তেওঁৰ সংগঠনৰ নিকটবৰ্তী হʼব পাৰিব। তেনেহʼলে কিয় আপুনি তেওঁলোকক আমন্ত্ৰণ কৰি তাৰ কেনে ফল লাভ কৰিব পাৰি তাক পৰীক্ষা নকৰে? আপুনি তেওঁলোকক আমাৰ অধিৱেশন আৰু সন্মিলনৰ তাৰিখ, তাত উপস্থিত হোৱাৰ সকলো নিৰ্দ্দেশনা, কাৰ্য্যক্ৰমৰ আৰম্ভ আৰু সমাপ্ত হোৱাৰ সময়, ফেব্ৰুৱাৰী, ২০০৩ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা আৰু জুন ৮, ২০০৩ চনৰ সচেতন! (ইংৰাজী) আলোচনীখনৰ শেষ পৃষ্ঠাত দিয়া কাৰ্য্যক্ৰমৰ পৰিলেখৰ বিষয়ে জনোৱা আৱশ্যক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক