অনিয়মিতৰূপে সাক্ষী দিয়াৰ দ্বাৰা যিহোৱাৰ স্তুতি কৰক
১ প্ৰত্যেক দিনা যিহোৱাৰ স্তুতি কৰিবলৈ তেওঁৰ আনুগত্য সেৱকসকলে সকলো সুযোগ গ্ৰহণ কৰে। (গীত. ৯৬:২, ৩; ইব্ৰী ১৩:১৫) তাৰে এটা সুযোগ হৈছে আমি অনিয়মিতৰূপে সাক্ষী দিয়া। বহুতো যিহোৱাৰ সেৱকে কোনোবা এজনৰ দ্বাৰা অনিয়মিতৰূপে ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে।
২ অনিয়মিতৰূপে দিয়া সাক্ষীয়ে প্ৰায়ে আন এজনৰ বাবে ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা শুনিবলৈ পথ মুকলি কৰে। উদাহৰণস্বৰূপে, যীচুৱে যাকোবৰ নাদৰ ওচৰত এগৰাকী চমৰিয়া তিৰোতাৰ সৈতে অনিয়মিতৰূপে হোৱা কথোপকথনৰ বাবে শুভবাৰ্ত্তা শুনিবলৈ বহুতে আগ্ৰহী হৈছিল। (যোহ. ৪:৬-৩০, ৩৯-৪২) পৌল আৰু চীলে ফিলিপীত বন্দী হৈ থকাৰ সময়ত বন্দীশালৰ দাৰোগাজনক অনিয়মিতৰূপে সাক্ষী দিছিল, ফলস্বৰূপে, সেই ব্যক্তিজনৰ পৰিয়ালৰ সকলোৱে সত্যতাক গ্ৰহণ কৰিলে।—পাঁচ. ১৬:২৫-৩৪.
৩ সুযোগসমূহ: অনিয়মিতৰূপে সাক্ষী দিবলৈ আপোনাক কেনে সুযোগৰ আৱশ্যক? কিছুমানে বজাৰত বস্তু কিনোতে, ৰাজহুৱা পৰিবহনেৰে যাত্ৰ কৰোঁতে বা চিকিৎসালয়ত ডাক্তৰৰ বাবে অপেক্ষা কৰাৰ সময়ছোৱাত অনিয়মিতৰূপে সাক্ষী দিয়ে। আনসকলে কাৰ্ম্মস্থল বা স্কুলৰ জীৰণি সময়ছোৱাত তেনে কৰে। ইয়াৰ বাবে আমাৰ ওচৰত থকা যিকোনো বাইবেল আধাৰিত প্ৰকাশনবোৰৰ কোনো এখন সকলোৰে চকুত পৰাকৈ ৰাখিলে, ইয়ে লোকসকলক আমাৰ বিশ্বাসৰ বিষয়ে সুধিবলৈ প্ৰেৰিত কৰিব।—১ পিত. ৩:১৫.
৪ অনিয়মিতৰূপে সাক্ষী দিবলৈ আৰম্ভ কৰা: লাজকুৰীয়া স্বভাৱৰ এজনী সাত বছৰীয়া ছোৱালীয়ে এখন খ্ৰীষ্টান সভাত শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ গুৰুত্বতাৰ বিষয়ে শুনিলে। যেতিয়া তাই মাকৰ সৈতে বজাৰলৈ যাবলৈ সাজু হৈছিল তেতিয়া তাই নিজৰ বেগত দুখন ব্ৰচাৰ ভৰাই লৈছিল। যেতিয়া তাইৰ মাকে দুকানত ব্যস্ত হৈ আছিল সেই ছোৱালীজনীয়ে এগৰাকী মহিলাক এখন ব্ৰচাৰ প্ৰদান কৰে। সেই মহিলা গৰাকীয়ে তাক আগ্ৰহেৰে গ্ৰহণ কৰিলে। যেতিয়া তাইক প্ৰশ্ন কৰা হʼল যে তাই সেই মহিলা গৰাকীক সাক্ষী দিবলৈ কেনেদৰে সাহস কৰিলে তেতিয়া ছোৱালীজনীয়ে এইদৰে কৈছিল: “মই নিজকে কলোঁ, ১, ২, ৩! আৰু মই সাক্ষী দিবলৈ আৰম্ভ কৰিলোঁ!”
৫ আমি অনিয়মিতৰূপে সাক্ষী দিবলৈ সেই কনমাণি ছোৱালীজনীৰ দৰে মনোবৃত্তি ৰখা উচিত। এই ক্ষেত্ৰত আমাক কিহে সহায় কৰিব? কʼবলৈ সাহসী হʼবলৈ প্ৰাৰ্থনা কৰা আৱশ্যক। (১ থিচ. ২:২) কোনো এটা আগ্ৰহপূৰ্ণ বিষয়ে থকা মন্তব্য বা এটা প্ৰশ্নক মনত ৰাখি তাক কথোপকথনত ব্যৱহাৰ কৰিব পাৰে। ভাৰসা ৰাখক যে যিহোৱাই আপুনি কৰা প্ৰচেষ্টাত অৱশ্যেই আশীৰ্ব্বাদ কৰিব।—লূক ১২:১১, ১২.
৬ আমি লগ পোৱা লোকসকলক অনিয়মিতৰূপে সাক্ষী দিয়াৰ দ্বাৰা যিহোৱাৰ স্তুতি কৰোঁ আৰু ইয়ে আমাক আনন্দিত কৰে। এনে কৰাৰ যোগদি আমি কোনোবা এজনক অনন্ত জীৱনৰ পথত চলিবলৈ অৱশ্যেই সহায় কৰিব পাৰিম।