ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ৩-৪
যীচুৱে এগৰাকী চমৰীয়া তিৰোতাক সাক্ষ্য দিয়ে
সুযোগ বিচাৰি সাক্ষ্য দিবলৈ যীচুক কিহে সক্ষম কৰি তুলিছিল?
৪:৭—ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে অথবা নিজকে মচীহ বুলি পৰিচয় দিয়াৰ পৰিৱৰ্তে, খাবলৈ পানী খোজাৰ যোগেদি যীচুৱে কথা-বতৰা আৰম্ভ কৰিছিল
৪:৯—চমৰীয়া তিৰোতাগৰাকীৰ পৃষ্ঠভূমিৰ আধাৰত যীচুৱে তাইৰ প্ৰতি ভুল ধাৰণা পোষণ কৰা নাছিল
৪:৯, ১২—তিৰোতাগৰাকীয়ে এনে কিছুমান কথা তুলি ধৰিছিল, যাৰ বাবে হয়তো তৰ্ক-বিতৰ্ক হোৱাৰ সম্ভাৱনা আছিল। কিন্তু যীচুৱে মূল বিষয়ৰপৰা আঁতৰ হোৱা নাছিল।—cf-HI ৭৭ ¶৩
৪:১০—তিৰোতাগৰাকীৰ দৈনন্দিন জীৱনৰ লগত জড়িত থকা এটা উদাহৰণ ব্যৱহাৰ কৰি যীচুৱে সাক্ষ্য দিবলৈ আৰম্ভ কৰে
৪:১৬-১৯—তিৰোতাগৰাকীয়ে যদিও অনৈতিক জীৱন অতিবাহিত কৰিছিল, কিন্তু যীচুৱে তাইৰ লগত সন্মানেৰে কথা পাতিছিল
এই বৃতান্তৰপৰা আমি কেনেকৈ শিকিব পাৰোঁ যে সুযোগ বিচাৰি সাক্ষ্য দিয়াটো অতি প্ৰয়োজন?