প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
ভাগ ৯: অনিয়মিতৰূপে সাক্ষী দিবলৈ বিদ্যাৰ্থীসকলক সাজু কৰক
১ আন্দ্ৰিয় আৰু ফিলিপে যীচুৱেই যে সেই প্ৰতিজ্ঞাত মচীহ বুলি জানিব পাৰি, এই বাৰ্ত্তাটোক উৎসাহেৰে আনক জনাব ধৰিলে। (যোহ. ১:৪০-৪৫) একেইদৰে আজি, বাইবেলৰ বিষয়ে শিক্ষা লোৱা বিদ্যাৰ্থীসকলে শিকা বিষয়বোৰক বিশ্বাস কৰি, সেই অনুসাৰে কাৰ্য্য কৰে আৰু ইয়াৰ বিষয়ে আনক কʼবলৈ প্ৰেৰিত হয়। (২ কৰি. ৪:১৩) এতেকে আমি কেনেকৈ সেই বিদ্যাৰ্থীসকলে কাৰ্য্যকাৰীৰূপে অনিয়মিত সাক্ষী দিবলৈ তেওঁলোকক উৎসাহিত কৰিব পাৰোঁ?
২ আপুনি হয়তো বিদ্যাৰ্থীসকলক এইদৰে সাধাৰণভাৱে সুধিব পাৰে যে, তেওঁলোকে বাইবেলৰ পৰা যি শিকিছে সেই বিষয়ে আনক জনাইছেনে নাই। তেওঁলোকে হয়তো নিজৰ বন্ধু আৰু পৰিয়ালৰ আন সদস্যসকলক অধ্যয়নৰ সময়ত তেওঁৰ সৈতে বহিবলৈ আমন্ত্ৰণ কৰিব পাৰে। বিদ্যাৰ্থীজনক সোধক যে তেওঁৰ কোনো সহকৰ্ম্মী, সহপাঠী বা আন চিনাকি লোকে বাইবেলৰ বিষয়ে জানিবলৈ ইচ্ছা কৰিছেনে। এইদৰে বিদ্যাৰ্থীজনে আনক সাক্ষী দিবলৈ সুবিধা পাব। বিদ্যাৰ্থীজনক যিহোৱা ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে আনক কʼবলৈ সন্মানীয়, প্ৰেমপূৰ্বক আৰু বিবেচক হোৱাৰ আৱশ্যকতাৰ বিষয়ে বুজিবলৈ সহায় কৰক।—কল. ৪:৬; ২ তীম. ২:২৪, ২৫.
৩ তেওঁলোকৰ বিশ্বাসৰ বিষয়ে আনক কোৱা: বিদ্যাৰ্থীসকলে নিজৰ বিশ্বাসৰ বিষয়ে আনক কʼবলৈ ঈশ্বৰৰ বাক্যক ব্যৱহাৰ কৰাৰ আৱশ্যকতাৰ বিষয়ে জানিবলৈ প্ৰশিক্ষণ দিয়া আৱশ্যক। অধ্যয়নৰ কোনো উপযুক্ত সময়ত বিদ্যাৰ্থীজনক এইদৰে সুধিব পাৰে: “আপুনি নিজৰ পৰিয়ালক এই সত্যতাৰ বিষয়ে বাইবেলৰ পৰা কেনেকৈ বুজাব পাৰে?” বা “এই বিষয়টোক আপোনাৰ বন্ধু-বান্ধৱৰ আগত প্ৰমাণ কৰিবলৈ কোনটো বাইবেলৰ পদ ব্যৱহাৰ কৰিব?” বিদ্যাৰ্থীজনে কেনে উত্তৰ দিব সেই বিষয়ে লক্ষ্য কৰি তেওঁক দেখুৱাউক যে তেওঁৰ শিক্ষা কেনেকৈ শাস্ত্ৰীয় আধাৰিত। (২ তীম. ২:১৫) এইদৰে কৰাৰ দ্বাৰা আপুনি বিদ্যাৰ্থীজনক অনিয়মিত আৰু পিছলৈ উপযুক্ত হৈ মণ্ডলীৰ সৈতে প্ৰচাৰ কৰিবলৈ সাজু হোৱাত সহায় কৰিব।
৪ বাইবেল বিদ্যাৰ্থীসকলক বিৰোধীতাৰ সম্মুখীন হʼবলৈ সাজু কৰোৱাটো বুদ্ধিমানৰ কাৰ্য্য হʼব। (মথি ১০:৩৬; লূক ৮:১৩; ২ তীম. ৩:১২) যেতিয়া আনে যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে কোনো প্ৰশ্ন কৰে বা মন্তব্য দিয়ে, তেতিয়া বিদ্যাৰ্থীজনে সাক্ষী দিবলৈ উত্তম সুযোগ লাভ কৰিব। যিহোৱাৰ সাক্ষীসকল—তেওঁলোক কোন? তেওঁলোকে কি বিশ্বাস কৰে? নামৰ ব্ৰচাৰখনে বিদ্যাৰ্থীসকলক নিজৰ বিশ্বাসক প্ৰতিৰক্ষা কৰাত সাজু কৰি তুলিব। (১ পিত. ৩:১৫) বাইবেল বিদ্যাৰ্থীসকলক নিজৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্যসকলক বাইবেল আধাৰিত আমাৰ বিশ্বাস আৰু কাৰ্য্যসমূহৰ বিষয়ে অৰ্থপূৰ্ণ আৰু সঠিক সংবাদ দিবলৈ এই ব্ৰচাৰখনে সহায় কৰিব।