ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৫/০২ পৃষ্ঠা ৫
  • শুদ্ধতাই ঈশ্বৰলৈ সন্মান কঢ়িয়াই আনে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শুদ্ধতাই ঈশ্বৰলৈ সন্মান কঢ়িয়াই আনে
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • পৰিষ্কাৰ লোকক ঈশ্বৰে প্ৰেম কৰে
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
  • শুদ্ধতা প্ৰকৃততে ইয়াৰ অৰ্থ কি?
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • শুদ্ধতা কিয় অতি আৱশ্যক?
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • পৰিষ্কাৰকৈ থকা লোকক যিহোৱা ঈশ্বৰে প্ৰেম কৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আৰু চাওক
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৫/০২ পৃষ্ঠা ৫

শুদ্ধতাই ঈশ্বৰলৈ সন্মান কঢ়িয়াই আনে

১ শুদ্ধতাৰ সম্পৰ্কে মোচিৰ ব্যৱস্থাত কটকটীয়া নিয়ম দিয়া হৈছিল। সেই নিয়ম অনুসাৰে ইস্ৰায়েলসকলে নিজকে আন জাতিৰ পৰা পৃথকে ৰাখিবলৈ শাৰীৰিক আৰু আধ্যাত্মিক শুদ্ধতা বজাই ৰাখা আৱশ্যক আছিল। (লেবী. ১১:⁠৩৫, ৩৬; ১৫:⁠১-​১১; যিচ. ৫২:⁠১১) এই শুদ্ধতাই ঈশ্বৰলৈ সন্মান কঢ়িয়াই আনিছিল আৰু ইস্ৰায়েলজাতিক সুস্বাস্থ্য প্ৰদান কৰিছিল।

২ বৰ্তমান সময়ত শুদ্ধতা হৈছে যিহোৱাৰ লোকসকলৰ এক চিনাক্ত চিহ্ন। যিহেতু সমূহীয়াকৈ এই চিহ্নই চিনাক্ত কৰে, কিন্তু আমাৰ প্ৰত্যেকজন ব্যক্তিৰ ক্ষেত্ৰটো সেই একেইদৰে সত্য বুলি প্ৰমাণিত হয়নে? ব্যক্তিগত পৰিষ্কাৰ-পৰিছন্নতা আৰু শৃঙ্খলা বজাই ৰাখি আমি কেনেকৈ যিহোৱাৰ আৱশ্যকতাসমূহৰ প্ৰতি মূল্যাঙ্কণ কৰিব পাৰোঁ এই বিষয়ে বিস্তাৰিতভাৱে ইয়াত বিবেচনা কৰা হʼল।

৩ আমি বাস কৰা ঘৰখন দেখাত কেনেকুৱা? ঘৰখনৰ অৱস্থাই আমি প্ৰচাৰ কৰা শুভবাৰ্ত্তাৰ প্ৰতি অপযশ কঢ়িয়াই আনেনে? আমি লোকসকলক কওঁ যে এই পৃথিৱীখন এখন সুন্দৰ পৰমদেশত পৰিণত হʼব, কিন্তু আমাৰ ঘৰখনত বিশৃঙ্খলতা আৰু চৌহদত বৃদ্ধি হোৱা অনাৱশ্যকীয় ঘাঁহ-বনে আমাৰ সাধুতাৰ ওপৰত সন্দেহ প্ৰকাশ কৰেনে? যদি আমাৰ ঘৰখন দেখাত বিশৃঙ্খলতাবদ্ধ বা যʼতে-তʼতে আৱৰ্জনা পেলোৱা অভ্যাস থকাৰ বাবে দুৰ্গন্ধৰে ভৰি পৰিছে, তেনেহʼলে “এনে শুদ্ধতাৰ আৰ্হি ঈশ্বৰৰ ৰাজ্যৰ অধীনত থকা এক নতুন পৃথিৱীৰ সৈতে উপযুক্ত হʼব” বুলি কʼব পাৰিমনে?​—⁠om ১৩০-​১ পৃষ্ঠা।

৪ আমি ব্যৱহাৰ কৰা যান-বাহনৰ বিষয়ে কি কʼব পাৰি? আমাৰ যান-বাহন যুক্তিসঙ্গতভাৱে পৰিষ্কাৰ নে, যাতে আমাৰ প্ৰচাৰ কাৰ্য্যত কোনো বাধা উৎপন্ন নহয়? আমাৰ সাজ-পাৰ, আমাৰ বেগ আৰু ব্যক্তিগত পৰিধানৰ বিষয়ে কি কʼব পাৰি? সেইবোৰ দেখাত পৰিপাটি আৰু পৰিষ্কাৰ নে, যাতে আমি অপমানিত হʼবলগীয়া নহয়? যুক্তিসঙ্গতভাৱে আমাৰ সাজ-পোচাক নিয়মীয়াকৈ পৰিষ্কাৰ, ইস্ত্ৰি আৰু আমি নিতৌ স্নান কৰা উচিত।

৫ যদি এজন ভায়ে ব্যক্তিগত বা নিজ ঘৰখনৰ চাৰিওফালে অমনোযোগীভাৱে অপৰিষ্কাৰ কৰি ৰখাৰ বাবে মণ্ডলীয়ে অপমানিত হʼবলগীয়া হৈছে তেনেহʼলে কি কৰিব পাৰি? সম্ভৱতঃ বৃদ্ধ বা অসুস্থ শৰীৰ বাবে ভাইজনক প্ৰেমপূৰ্বক সহায়ৰ আৱশ্যক হʼব পাৰে। যদি সহায়ৰ আৱশ্যক তেনেহʼলে তেওঁক সহায় কৰাটো দয়াশীল কাৰ্য্য হʼব। কিছুমানৰ হয়তো সেই বিষয়ে অজ্ঞাত হোৱাৰ বাবে সমস্যা উৎপন্ন হʼব পাৰে; তেনে অৱস্থাক সুধৰাবলৈ প্ৰেমপূৰ্বক পৰামৰ্শ দিয়াটো প্ৰয়োজন হʼব পাৰে। যিজন ব্যক্তিয়ে এই ক্ষেত্ৰত ভাল আৰ্হি নাৰাখে, মণ্ডলীত তেওঁ বিশেষ অধিকাৰ পোৱাৰ যোগ্য নহয়। দৰাচলতে এই ক্ষেত্ৰত প্ৰাচীনসকলে তেওঁলোকৰ ব্যক্তিগত স্তৰ বা অভিৰুচি স্থাপন কৰাটোও উচিত নহয়।

৬ আধ্যাত্মিক ভোজৰ আনন্দ লʼবলৈ নতুন আগ্ৰহী ব্যক্তিসকলক আমাৰ ৰাজ্যগৃহলৈ আমন্ত্ৰণ কৰা হʼল। সাধাৰণতে আমি তেওঁলোকক আগ্ৰহী হৈ আমন্ত্ৰণ কৰোঁ, কিয়নো ৰাজ্যগৃহখন দেখাত অতি পৰিষ্কাৰ আৰু পৰিপাটি। ৰাজ্যগৃহখন তেনেদৰে ৰাখিবলৈ পৰিশ্ৰম কৰা আৱশ্যক। আপোনাৰ ৰাজ্যগৃহখনৰ চাৰিওফালে দৃষ্টি কৰক। ৰাজ্যগৃহত থকা চকী, মজিয়া আৰু দেৱালবোৰ পৰিষ্কাৰনে? নিয়মীয়াকৈ শৌচাগাৰবোৰ পৰিষ্কাৰ কৰা হয়নে? যদি আমি মলিয়ন পৰ্দা বা দেৱালৰ পৰা ওখোৰা-মোখোৰাকৈ ৰং ওলোৱাটোক সহজভাৱে দৃষ্টি কৰোঁ, অতি শীঘ্ৰেই ই আমাৰ বাবে এটা সাধাৰণ বিষয় হৈ পৰিব। কিন্তু যেতিয়া কোনো আগ্ৰহী ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যগৃহলৈ আহে, তেনে অৱস্থা দেখি তেওঁৰ মনত এক আপত্তিজনক প্ৰভাৱ পৰে। গতিকে আমি আমাৰ ৰাজ্যগৃহখন পৰিষ্কাৰকৈ ৰাখি এক আকৰ্ষণীয় অৱস্থাত ৰাখিবলৈ পৰিষ্কাৰ বা চফা কৰাৰ সময়ত অধিকৈ প্ৰচেষ্টা কৰা উচিত।

৭ আমি কোনো এশাৰী বাক্য নোকোৱাকৈ আমাৰ ব্যক্তিগত সাজ-পোচাক, ঘৰ, যান-বাহন আৰু ৰাজ্যগৃহত পৰিষ্কাৰ-পৰিছন্নতা আৰু শৃঙ্খলা বজাই ৰাখাৰ দ্বাৰা ঈশ্বৰক মহিমা কৰিব পাৰোঁ। আমাৰ ভাল আৰ্হিয়ে আনক বিঘিনি নহয় কিন্তু উপাসনা যে শুদ্ধ আৰু ন্যায়পৰায়ণ তাক প্ৰমাণিত কৰিব।​—⁠১ কৰি. ১০:⁠৩১, ৩২; যাকো. ১:⁠২৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক