ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০১ পৃষ্ঠা ৩
  • অধিবেশনসমূহ—এক আনন্দৰ সময়!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অধিবেশনসমূহ—এক আনন্দৰ সময়!
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি পবিত্ৰ প্ৰৱন্ধৰ প্ৰতি মূল্যাঙ্কন দেখুৱাই নে?
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ১৯৯৯ চনৰ “ঈশ্বৰৰ ভাৱিষ্যতসূচক বাক্য” জিলা অধিৱেশন
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০১ পৃষ্ঠা ৩

অধিবেশনসমূহ​—⁠এক আনন্দৰ সময়!

১ যিহোৱাৰ সাক্ষীসকলৰ অধিবেশন হৈছে এক আনন্দৰ উপলক্ষ্য। এশতকৈ অধিক বছৰ ধৰি আমাৰ সংগঠনত এনেধৰণৰ সমাবেশ বৃদ্ধি পাই আহিছে। আৰম্ভণীতে এক সৰু সমাবেশৰ পৰা লৈ আমাৰ বিশ্বজুৰি কাৰ্য্যত যিহোৱাৰ প্ৰচুৰ আশীৰ্ব্বাদৰ প্ৰমাণ দেখিবলৈ পোৱা গৈছে। চিকাগ্‌ৰ লিলীয়েন নামৰ চহৰত ১৮৯৩ চনত হোৱা প্ৰথমখন আধুনিক সময়ৰ অধিবেশনত উপস্থিত হোৱা ৩৬০ জন শ্ৰোতাৰ ভিতৰত ৭০ জনে যিহোৱালৈ নিজকে সমৰ্পণ কৰি পানীত বাপ্তিষ্মা লয়। যোৱা বছৰত গোটেই বিশ্বত “ঈশ্বৰৰ বাক্য পালন কৰোঁতা হোৱা” জিলা অধিবেশনত উপস্থিত হোৱা লোকৰ সংখ্যা আছিল ৯,৪৫,৪০৫৫ জন আৰু ১২,৯৩৬৭ জনে বাপ্তিষ্মা লয়। গতিকে আনন্দিত হোৱাৰ কিমান যে এক আচৰিত কাৰণ আছিল!

২ প্ৰাচীন সময়ৰ পৰা ঈশ্বৰৰ লোকসকলৰ বাবে সমাবেশ হোৱাৰ মুখ্য অৰ্থ হৈছে যিহোৱাৰ উপদেশ গ্ৰহণ কৰা। ইজ্ৰা আৰু নহিমিয়াৰ সময়ত লোকসকলে “ৰাতিপুৱাৰে পৰা দুপৰলৈকে” ব্যৱস্থাৰ পাঠ কৰা শুনিবলৈ একগোট হৈছিল। (নহি. ৮:⁠২, ৩) সেই উপলক্ষ্যত লোকসকলে পাঠ কৰা ব্যৱস্থাৰ বিষয়ে ভালকৈ বুজি “অতিশয় আনন্দিত” হৈছিল। (নহি. ৮:⁠৮, ১২) ঠিক একেইদৰে আমিও অধিবেশনসমূহত উপস্থিত হৈ যিহোৱাই ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ যোগেদি “উচিত সময়ত” ব্যৱস্থা কৰা আধ্যাত্মিক আহাৰ গ্ৰহণ কৰাৰ সুযোগ লৈ আনন্দিত হʼব পাৰোঁ। (মথি ২৪:⁠৪৫) তদুপৰি যীচুৱেও কৈছিল যে মানুহে “ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যেৰেহে জীব।” গতিকে অধিবেশনসমূহে এই সংক্ৰান্তত এক মুখ্য ভূমিকা আদায় কৰে।​—⁠মথি ৪:⁠৪.

৩ তাত উপস্থিত থাকিবলৈ সকলো প্ৰকাৰে প্ৰচেষ্টা কৰা: এই বছৰত হʼবলগীয়া “ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা” জিলা অধিবেশনত উপস্থিত থাকিবলৈ সকলোৱে ব্যক্তিগতৰূপে লক্ষ্য বনোৱা আৱশ্যক। আমি সকলোৱে অধিবেশন আৰম্ভ হোৱাৰ আগতে উপস্থিত আৰু অধিবেশনৰ সমাপ্তিৰ প্ৰাৰ্থনাৰ “আমেন!” কোৱালৈকে তাত থকা আৱশ্যক। অধিবেশনত উপস্থিত হʼবলৈ আমাক হয়তো আমাৰ কাৰ্য্য তালিকাখনত কিছু সাল-সলনি কৰা প্ৰয়োজন হʼব পাৰে। কিছুমানৰ বাবে হয়তো অধিবেশনত উপস্থিত হʼবলৈ চাকৰীৰ পৰা ছুটি লোৱাতো সহজ নহয়। কিন্তু আমি এক দৃঢ়ভাৱে পদক্ষেপ লোৱা আৱশ্যক যাতে কোনোপধ্যেই অধিবেশনত উপস্থিত নোহোৱাকৈ যেন নাথাকোঁ। যদি আমাক অধিবেশনত উপস্থিত হʼবলৈ পৰিবহন আৰু থাকিবলৈ হোটেলৰ প্ৰয়োজন, তেনেহʼলে আগতীয়াকৈ সেইবোৰৰ ব্যৱস্থা কৰা আৱশ্যক। আমি কৰা প্ৰচেষ্টা কেতিয়াও অথলে নাযায়!

৪ যিহোৱাৰ উপাসকসকলে অধিবেশনত উপস্থিত হৈ পোৱা আশীৰ্ব্বাদৰ সৈতে টকা-পইছাৰ তুলনা নকৰে। উদাহৰণস্বৰূপে ১৯৫৮ চনত নিউয়ৰ্ক চহৰত হোৱা যিহোৱাৰ সাক্ষীসকলৰ ঈশ্বৰীয় ইচ্ছা নামৰ অন্তৰাষ্ট্ৰীয় অধিবেশনৰ বিষয়ে বিবেচনা কৰক। এজন ভায়ে অধিবেশনত উপস্থিত হৈ স্বইচ্ছাৰে তাত কাম কৰিবলৈ দুসপ্তাহৰলৈকে তেওঁৰ ব্যৱসায় বন্ধ কৰিছিল। ৱাৰ্জিন দ্বীপপুঞ্জত থকা এজন ভায়ে নিজৰ ৫ একৰ মাটি বেচে যাতে তেওঁৰ ছয়জনীয়া পৰিয়ালটো অধিবেশনত উপস্থিত হʼব পাৰে। এহাল ডেকা দম্পতীয়ে তেওঁলোকৰ দুমাহৰ পৰা লৈ সাত বছৰীয়া তিনিটা লʼৰা-ছোৱালীৰ সৈতে অধিবেশনত উপস্থিত হʼবলৈ নিজৰ মটৰবোটখন (যান্ত্ৰিক নাওঁ) বিক্ৰি কৰে। কেলিফৰ্ণীয়ত থকা তিনিজন ভাই-ককায়েকক কোৱা হয় যে অধিবেশনৰ পৰা ঘূৰি অহাৰ পাছত তেওঁলোকৰ সেই চাকৰি নাথাকিব। তথাপিও তেওঁলোকে অধিবেশনত অনুপস্থিত হোৱাকৈ নাথাকিলে।

৫ যিহোৱাই আমি কৰা প্ৰচেষ্টাৰ বাবে পুৰষ্কাৰ দিয়ে: যিহোৱাই তেওঁৰ লোকসকলে কৰা প্ৰচেষ্টাক লক্ষ্য কৰে আৰু তাৰ বাবে তেওঁলোকক পুৰষ্কাৰ দিয়ে। (ইব্ৰী ৬:⁠১০) উদাহৰণস্বৰূপে ১৯৫০ চনত ঈশ্বৰীয় কাৰ্য্যবোৰক বৃদ্ধি কৰা নামৰ সন্মিলনত, উপস্থিত হোৱা লোকসকলে এক বৈশিষ্ট্যপূৰ্ণ ভাষণ শুনিবলৈ পাই। সেই ভাষণৰ বিষয় আছিল “নতুন জগতৰ ৰীতি-নীতিসমূহ।” এই ভাষণত ভাই ফেড্ৰিক ফ্ৰান্জে এটা উত্তেজনাপূৰ্বক প্ৰশ্ন দাঙি ধৰি এইদৰে কৈছিল: “অন্তৰাষ্ট্ৰীয় সন্মিলনৰ আজিৰ সন্ধ্যাত আমাৰ মাজত সেই নতুন জগতৰ ভাবী ৰাজকুমাৰসকল আছে বুলি জানি আমি সুখী হোৱা নাই নে?” ৫০ বছৰতকৈ অধিক সময় অতিক্ৰম হোৱাৰ স্বত্বেও আজি আমি গীতমালা ৪৫:⁠১৬ পদত ভাবী ৰাজকুমাৰসকলৰ সম্পৰ্কে স্পষ্টিকৰণ কৰাৰ বিষয়ে জ্ঞান লাভ কৰি আনন্দিত হৈছোঁ।

৬ যোৱা বছৰৰ জিলা অধিবেশনত উপস্থতি হোৱা এজন পৰিয়ালৰ মুখীয়ালে প্ৰশংসা দৰ্শাই এইদৰে চিঠি লিখিছিল: “ভাইসকল আপোনালোকে কল্পনা কৰিব নোৱাৰে যে অধিবেশনে কিমান যে জীৱন ৰক্ষকৰ কাৰ্য্য কৰিছে। মই আৰু মোৰ পৰিয়ালে চাকৰিৰ বাবে চহৰলৈ আহিবলগীয়া হʼল। যাৰ বাবে আমাৰ আধ্যাত্মিকতা ক্ৰমান্বয়ে দুৰ্ব্বল হবলৈ ধৰিল। . . . আমি আমাৰ খ্ৰীষ্টানৰ দায়িত্বসমূহৰ প্ৰতি অৱেহেলা কৰিব ধৰিলোঁ। ইয়াৰ ওপৰিও আমি সভা, প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈও বন্ধ কৰিলোঁ। . . . কিন্তু এই অধিবেশনে আমাৰ আধ্যাত্মিক লক্ষ্যসমূহত উপনীত আৰু পুনৰ সংগঠিত হʼবলৈ উৎসাহিত কৰিলে।”

৭ যিহোৱাই আমাৰ আৱশ্যকীয় আধ্যাত্মিক আহাৰৰ প্ৰবন্ধ কৰে। তেওঁ এই আহাৰ আমাক অধিবেশনৰ যোগেদি প্ৰচুৰমাত্ৰাত প্ৰদান কৰে। এই প্ৰবন্ধৰ প্ৰতি মুল্যাঙ্কন দেখুৱাই আমিও কৰ্ণীলিয়ই পাঁচনি পিতৰে সাক্ষাৎ কৰাৰ সময়ত কোৱাৰ দৰে কʼব পাৰিম। তেওঁ এইদৰে কৈছিল: “এতেকে [যিহোৱাই, NW] যি যি আজ্ঞা আপোনাক দিলে, সেইসকলো শুনিবলৈ আমি সকলোৱে এতিয়া ঈশ্বৰৰ সাক্ষাতে উপস্থিত আছোঁ।” (পাঁচ. ১০:⁠৩৩) গতিকে আঁহক আমি সকলোৱে “ঈশ্বৰৰ সাক্ষাতে উপস্থিত” হʼবলৈ এই বছৰৰ “ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা” জিলা অধিবেশনৰ প্ৰত্যেক দিনা উপস্থিত থাকি আনন্দ লাভ কৰোঁহঁক!

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক