প্ৰশ্ন বক্স
▪ প্ৰচাৰ কাৰ্য্যৰ বাবে পৰিচালনা কৰা সভাত কেনে বিষয়ক প্ৰস্তুত কৰা উচিত?
প্ৰচাৰ কাৰ্য্যৰ বাবে পৰিচালনা কৰা সভাৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ সকলোকে প্ৰচাৰ কাৰ্য্যৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰিবলৈ সহায় কৰা। সেইবাবে পৰিচালকে ভালদৰে তৈয়াৰী কৰা আৰু এনে এক নিৰ্দ্দিষ্ট বিষয় প্ৰদান কৰা আৱশ্যক যিটো উৎসাহজনক আৰু ব্যৱহাৰিক হয়। যদি দিনটো শাস্ত্ৰীয় পদটো পোনপটীয়াকৈ প্ৰচাৰ কাৰ্য্যৰ সৈতে জড়িত আছে, তেনেহʼলে চমুকৈ আলোচনা কৰাটো উত্তম হʼব। যিহেতু এই সভাই প্ৰাথমিকভাৱে আমাৰ হাতত থকা প্ৰচাৰ কাৰ্য্যৰ ওপৰত প্ৰাধান্যতা দিয়া আৰু যিসকলে সেই দিনা প্ৰচাৰ কাৰ্য্যত ভাগ লয়, তেওঁলোকক সফলতাৰে প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰিবলৈ সহায় কৰে।—২ তীম. ৪:৫.
সকলোৱে আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া চলিত আলোচনীবোৰক কেনেকৈ প্ৰস্তুত কৰিব, তাৰ বিষয়ে আলোচনা কৰক। আলোচনী বিতৰণৰ দিনত কেনেকৈ কʼব লাগে এই সম্পৰ্কে “আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?” নামৰ প্ৰবন্ধটোৰ পৰা প্ৰদৰ্শন কৰিব পাৰে। আন আন অভিযানত স্থানীয় এলেকাত উপযোগী হোৱা এটা বা দুটা বিষয়ক ৰিজনিং কিতাপৰ পৰা প্ৰস্তুত কৰিব পাৰে। প্ৰচাৰ কাৰ্য্যৰ যি কোনো এটা ভাগক আলোচনা বা প্ৰদৰ্শন কৰিব পাৰে, যেনে, প্ৰচাৰ কাৰ্য্যত কেনেকৈ বাইবেলখন ব্যৱহাৰ কৰিব পাৰি, কেনেকৈ কাৰ্য্যকাৰীৰূপে তৰ্ক-বিতৰ্কক প্ৰতিৰোধ কৰিব পাৰে, কেনেকৈ বাইবেল অধ্যয়ন আৰম্ভ কৰিব বা আগ্ৰহীলোকক পুনৰ সাক্ষ্যাৎ কৰিব পাৰে।
প্ৰচাৰ কাৰ্য্যৰ সভা, গ্ৰুপসমূহক নিৰ্দ্দেশনা দিয়া, এলেকাসমূহত নিযুক্ত আৰু প্ৰাৰ্থনা কৰি সমাপ্তি কৰাটো ১০-১৫ মিনিটলৈ সীমিত হোৱা আৱশ্যক। যেতিয়া সভা সমাপ্ত হয়, তেতিয়া উপস্থিত থকা সকলোৱে জনা উচিত যে কোনে কাৰ সৈতে কোন এলেকালৈ আৰু কʼলৈ গৈছে। প্ৰত্যেক ভাই-ভনীক এলেকাৰ মানচিত্ৰ কাৰ্ড (S-12) দেখুৱা উচিত, যাতে যোৱাৰ আগতেই জানিব পাৰে যে তেওঁলোকক কোনটো এলেকাত প্ৰচাৰ কৰিবলৈ কোৱা হৈছে। এনে কৰাৰ দ্বাৰা বৃহৎসমূহে একেলগে প্ৰচাৰ এলেকালৈ যোৱাৰ পৰা বিৰত থাকিব আৰু ৰাইজৰ দৃষ্টিও আকৰ্ষণ নকৰিব। প্ৰচাৰ কাৰ্য্যৰ সভাত উপস্থিত হʼবলৈ সকলোৱে সময়ৰ আগতেই অহা উচিত। যেতিয়া প্ৰচাৰ কাৰ্য্যৰ সভা মণ্ডলীৰ প্ৰহৰীদুৰ্গ অধ্যয়নৰ সভাৰ পাছত পৰিচলনা কৰা হয়, তেতিয়া সেই সভা সংক্ষেপতে হোৱা উচিত। তেতিয়া দৈনিক শাস্ত্ৰৰ পাঠ আলোচনা কৰাটো আৱশ্যক নহয়, কিয়নো সকলোৱে ইতিমধ্যেই প্ৰহৰীদুৰ্গ অধ্যয়নত শাস্ত্ৰৰ অধ্যয়ন কৰিব পাই আনন্দ উপভোগ কৰিলে।
উপযুক্ত বাপ্তিষ্মাপ্ৰাপ্ত কোনো এজন ভাইক প্ৰচাৰ কাৰ্য্যৰ প্ৰত্যেক সভা পৰিচলনা কৰিবলৈ দিয়া আৱশ্যক। যদি সেই দিনা কোনো বাপ্তিষ্মাপ্ৰাপ্ত ভাই উপস্থিত নাথাকে, তেনেহʼলে আৱশ্যকতাৰ অনুসাৰে প্ৰাচীনসকলে কোনো এগৰাকী বাপ্তিষ্মাপ্ৰাপ্ত ভনীক সেই সভা পৰিচলনা কৰিবলৈ কোৱা প্ৰয়োজন। ভনী গৰাকীয়ে নিজৰ আসনত বহি গ্ৰুপসমূহক দিনটোৰ শাস্ত্ৰ পদ বা তাৰ সৈতে সম্বন্ধ থকা আন বিষয়সমূহ চমুকৈ আলোচনা কৰা আৱশ্যক। তেনে কৰোঁতে ভনী গৰাকীয়ে মূৰত উৰণি লোৱা আৱশ্যক।
প্ৰচাৰ কাৰ্য্যৰ সভাই আমাৰ সকলোকে এজনে আনজনক উৎসাহিত কৰি পৰিচৰ্য্যা কাৰ্য্যৰ বাবে সাজু হবলৈ সুযোগ দিয়ে। গতিকে সেই সভা পৰিচালনা কৰা ভাইজনে ভালদৰে তৈয়াৰী কৰিলে সকলোৱে লাভবান হʼব।