ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 নৱেম্বৰ পৃষ্ঠা ৭
  • সেৱা সভা প্ৰভাৱশালী কৰাৰ পৰামৰ্শ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সেৱা সভা প্ৰভাৱশালী কৰাৰ পৰামৰ্শ
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • প্ৰশ্ন বক্স
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—JW.ORG-ত তথ্য জানিবলৈ শিকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 নৱেম্বৰ পৃষ্ঠা ৭
ছবি: ১. এজন ভায়ে সেৱা সভা পৰিচালনা কৰিবলৈ প্ৰস্তুতি কৰিছে। সৰু ছবিবোৰত কিছুমান ট্ৰেক্ট, অলপতে ঘটি যোৱা কোনো ঘটনাৰ বাতৰি আৰু এজন ব্যক্তিক দেখুওৱা হৈছে, যিজনে ট্ৰেক্টখন লʼবলৈ মানা কৰিছে। ২. পাছদিনাখন সেই ভাইজনে সেৱা সভা পৰিচালনা কৰিছে, তেওঁৰ হাতত ট্ৰেক্ট আৰু বাইবেল আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

সেৱা সভা প্ৰভাৱশালী কৰাৰ পৰামৰ্শ

মণ্ডলীৰ আন সভাবোৰৰ নিচিনা প্ৰচাৰৰ বাবে হোৱা সভাও যিহোৱাই কৰা ব্যৱস্থা হয়, যাতে ইয়াৰ যোগেদি আমি এজনে-আনজনক প্ৰেম আৰু ভাল কাম কৰিবলৈ উৎসাহিত কৰিব পাৰোঁ। (ইব্ৰী ১০:২৪, ২৫) এই সভাখন ৫-ৰপৰা ৭ মিনিটৰ ভিতৰত হোৱা উচিত। (কিন্তু মণ্ডলীৰ কোনো সভাৰ পাছত যদি এই সভা ৰখা হয়, তেনেহʼলে আৰু চমু হোৱা উচিত।) এই সময়ছোৱাত কোনজন প্ৰচাৰকে কাৰ লগত প্ৰচাৰ কৰিব আৰু কʼত কৰিব, তাৰ বিষয়ে জনোৱা উচিত আৰু ইয়াৰ পাছত প্ৰাৰ্থনা কৰা উচিত। সভা চলোৱা ভাইজনে এনে পৰামৰ্শ দিয়া উচিত, যিবোৰ ভাই-ভনীসকলে প্ৰচাৰ কৰাৰ সময়ত ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, কিছুমান ভাই-ভনীয়ে এসপ্তাহৰ পাছত শনিবাৰে প্ৰচাৰলৈ যায়। সেইবাবে, তেওঁলোকে লোকসকলৰ লগত কিহৰ বিষয়ে কথা পাতিব লাগে, তাৰ বিষয়ে আলোচনা কৰাটো সঠিক হʼব। সভা চলোৱা ভাইজনে আৰু কি কি বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে?

  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকাত দিয়া “আলোচনাৰ বাবে আৰ্হিৰ” বিষয়ে

  • অলপতে হোৱা ঘটনা বা বাতৰিৰ ব্যৱহাৰ কৰি কেনেকৈ কথা-বতৰা আৰম্ভ কৰিব পাৰি

  • কোনো বাধা কেনেকৈ পাৰ কৰিব পাৰি

  • যিসকল নাস্তিক হয়, বিৱৰ্তণৰ ওপৰত বিশ্বাস কৰে, আন ভাষা কয় বা বেলেগ ধৰ্মৰ হয়, তেওঁলোকৰ লগত কেনেকৈ কথা পাতিব পাৰি

  • jw.org ৱেবছাইট, JW লাইব্ৰেৰী বা বাইবেলৰ কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিব পাৰি

  • শিক্ষাদানৰ সঁজুলিৰ বাচকত দিয়া কোনো এখন আলোচনী কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিব পাৰি

  • ফোন, চিঠি, ৰাজহুৱাভাৱে প্ৰচাৰ, পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়ন আদি কেনেকৈ কৰিব পাৰি

  • প্ৰচাৰৰ সময়ত আৰু কি কি কথা ধ্যান দিয়া উচিত। উদাহৰণস্বৰূপে, সুৰক্ষা, ভাল আচাৰ-ব্যৱহাৰ বা পৰিস্থিতিৰ অনুসৰি কেনেকৈ কথা পাতিব পাৰি

  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক ব্ৰচাৰৰপৰা এটা অধ্যায় বা ভিডিঅʼৰ বিষয়ে

  • আমি যাৰ লগত প্ৰচাৰলৈ যাওঁ, তেওঁক কেনেকৈ উৎসাহিত কৰিব পাৰি

  • প্ৰচাৰৰ লগত জড়িত কোনো এটা বাইবেল পদ বা ভাল অনুভৱৰ বিষয়ে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক