ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 আগষ্ট পৃষ্ঠা ৮
  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—JW.ORG-ত তথ্য জানিবলৈ শিকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—JW.ORG-ত তথ্য জানিবলৈ শিকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • JW.ORG-ত বুদ্ধিৰে পৰিপূৰ্ণ পৰামৰ্শ বিচাৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ কʼত বিচাৰি পাম?
    জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ আমি কʼত বিচাৰি পাম?
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • আপুনি কেতিয়াবা চিন্তা কৰিছেনে?
    সচেতন থাকক!—২০১৯
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 আগষ্ট পৃষ্ঠা ৮
যোগাযোগৰ কাৰ্ড ব্যৱহাৰ কৰি এজন ভায়ে, এজন ব্যক্তিৰ ধ্যান jw.org ৱেবছাইটলৈ আকৰ্ষণ কৰিছ

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—JW.ORG-ত তথ্য জানিবলৈ শিকক

কিয় গুৰুত্বপূৰ্ণ: শিক্ষাদানৰ সঁজুলিৰ বাকচৰ সকলো প্ৰকাশনে jw.org ৱেবছাইটৰ বিষয়ে উল্লেখ কৰে। যোগাযোগৰ কাৰ্ড আৰু জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ কʼত বিচাৰি পাম? নামৰ ট্ৰেক্টখনৰ উদ্দেশ্য হৈছে লোকসকলক আমাৰ ৱেবছাইটলৈ আকৰ্ষণ কৰা। শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা কোনো ইলেক্‌ট্ৰনিক প্ৰকাশন ই-মেইল কৰিবলৈ বা এটা লিংক ছেয়াৰ কৰিবলৈ jw.org ৱেবছাইট ব্যৱহাৰ কৰক। যেতিয়া আন এক ভাষা কোৱা কোনো ব্যক্তিক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে আমি ঘোষণা কৰোঁ, তেতিয়া এই ৱেবছাইট বেছিকৈ সহায়ক হৈ পৰে। ইয়াৰ উপৰিও, হয়তো লোকসকলে সোধা কিছুমান প্ৰশ্নৰ উত্তৰ শিক্ষাদানৰ সঁজুলিৰ বাকচত থকা প্ৰকাশনবোৰত নাথাকিবও পাৰে। কিন্তু, যদি আমি তেওঁলোকক আমাৰ ৱেবছাইটলৈ ধ্যান আকৰ্ষণ কৰাওঁ, তেনেহʼলে আমি ঘোষণা কাৰ্য্য আৰু ভালকৈ কৰিবলৈ সক্ষম হʼম।

ইয়াক কেনেকৈ কৰিব:

  • যোগাযোগৰ কাৰ্ড ব্যৱহাৰ কৰি এজন ভায়ে, এজন ব্যক্তিৰ ধ্যান jw.org ৱেবছাইটলৈ আকৰ্ষণ কৰিছ

    “বাইবেলৰ শিক্ষা” পেজটো ব্যৱহাৰ কৰক। উদাহৰণস্বৰূপে, যদি আপুনি কোনো অভিভাৱকৰ সৈতে কথা-বতৰা হৈছে আৰু তেওঁলোকে লʼৰা-ছোৱালী ডাঙৰ-দীঘল কৰাৰ বিষয়ে বেছিকৈ জানিব বিচাৰিছে, তেনেহʼলে বাইবেলৰ শিক্ষা > বিবাহ আৰু পৰিয়াল ভাগটো দেখুৱাওক।

  • “প্ৰকাশনবোৰ” পেজটো ব্যৱহাৰ কৰক। উদাহৰণস্বৰূপে, আপুনি সুযোগ বিচাৰি স্কুলত ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে সাক্ষী দিছে আৰু আপুনি এজন সহপাঠীক কিশোৰ-কিশোৰীসকলে সোধা ১০ টা প্ৰশ্ন ব্ৰচাৰখন দিব বিচাৰিছে। তেতিয়া আপুনি প্ৰকাশনবোৰ > কিতাপ আৰু ব্ৰচাৰ ভাগটো দেখুৱাওক।

  • “আমাৰ বিষয়ে” ভাগটো ব্যৱহাৰ কৰক। উদাহৰণস্বৰূপে, আপুনি আপোনাৰ সহকৰ্ম্মী এজনক সাক্ষী দিছে আৰু তেওঁ আমাৰ বিশ্বাসৰ বিষয়ে চমুকৈ জানিব বিচাৰিছে। তেনেহʼলে আপুনি আমাৰ বিষয়ে > সঘনাই সোধা প্ৰশ্ন ভাগটো দেখুৱাওক।

JW.ORG-ত তথ্য জানিবলৈ শিকক নামৰ ভিডিঅʼখন চাওক আৰু আনক সহায় কৰাৰ বাবে ৱেবছাইটৰ কোনটো পেজ দেখুৱাব, তাৰ বিষয়ে বিবেচনা কৰক:

  • এগৰাকী নাস্তিক ব্যক্তি

  • অলপতে শোকজনক দুৰ্ঘটনাৰ সন্মুখীন হোৱা কোনো এজন ব্যক্তি

  • সত্যত নিষ্ক্ৰিয় হৈ পৰা কোনো ভাই বা ভনী

  • পুনৰ সাক্ষাতৰ সময়ত এজন গৃহস্থই জানিব বিচাৰে যে আমাৰ খৰচ-পাতি কেনেকৈ বহন কৰা হয়

  • বিদেশত বাস কৰা এজন ব্যক্তিয়ে, নিজৰ দেশত হোৱা সভাৰ স্থানৰ বিষয়ে জানিব বিচাৰিছে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক