“মই কিদৰে সময় উলিয়াব পাৰোঁ?”
১ এইদৰে আমাৰ বহুতে আপত্তি দৰ্শাই কয়। কিয়নো আমি অতি ব্যস্তভাৱে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। সাধাৰণতে প্ৰচলিত এটা প্ৰবাদত এইদৰে কোৱা হৈছে যে সময় হৈছে অতি মূল্যৱান আৰু আমাৰ অল্পকালস্থায়ী সম্পত্তি। গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্য্য যি ঈশ্বৰৰ বাক্য অধ্যয়ন আৰু পাঠ কৰাৰ বাবে আমি কেনেকৈ সময় উলিয়াব পাৰোঁ?—ফিলি. ১:১০.
২ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে, ইয়াত আমি অতিৰিক্ত সময় উলিয়াবলৈ নহয়, কিন্তু আমাৰ ওচৰত উপলব্ধ থকা সময় অনুসাৰে কৰিবলগীয়া গুৰুত্বপূৰ্ণ কাৰ্য্যৰ বাবে নিৰ্ণয় লোৱা। এক সপ্তাহত আমাৰ হাতত ১৬৮ ঘন্টা সময় থাকে, তাৰে ১০০ ঘন্টা খোৱা আৰু জিৰণী লোৱাত অতিবাহিত কৰোঁ। এতেকে আমাৰ হাতত বাকী থকা সময়খিনিক কেনেকৈ বুদ্ধিমানেৰে ব্যৱহাৰ কৰিব পাৰি? সেয়েহে ইফিচীয়া ৫:১৫-১৭ পদত আমাক এইদৰে কোৱা হৈছে যে “অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলিবা; সুসময়ক কিনি লবা; . . . [যিহোৱাৰ, NW] ইচ্ছা কি, তাক জ্ঞাত হোৱা।” এই পৰামৰ্শই এইটো প্ৰকাশ কৰিছে যে যিহোৱাৰ দৃষ্টিত যিবোৰ কাৰ্য্য অতি গুৰুত্বপূৰ্ণ তাক কৰিবলৈ আমি প্ৰত্যেকটো সুযোগ গ্ৰহণ কৰা আৱশ্যক।
৩ যীচুৱে আমাৰ সময়ছোৱাক নোহৰ সময়ৰ সৈতে তুলনা কৰিছিল। (লূক ১৭:২৬, ২৭) কিয়নো সেই সময়ৰ লোকসকলেও বৰ্তমান সময়ৰ দৰে দৈনন্দিন জীৱন-প্ৰণালীত ব্যস্ত হৈ আছিল। কিন্তু তথাপিও, নোহে জাহাজ নিৰ্ম্মাণ আৰু প্ৰচাৰ কৰিবলৈ সময় উলিয়াইছিল। (ইব্ৰী ১১:৭; ২ পিত. ২:৫) কেনেকৈ? ঈশ্বৰৰ ইচ্ছাক প্ৰথম স্থান আৰু তেওঁক আজ্ঞা দিয়াৰ ‘সকলোকে কৰাৰ’ দ্বাৰা।—আদি. ৬:২২.
৪ কেনে কাৰ্য্যক প্ৰথম স্থান দিয়া উচিত? যীচুৱে এইদৰে কৈছিল: “মানুহ কেৱল পিঠাৰেই নিজীব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যেৰেহে জীব।” (মথি ৪:৪) প্ৰত্যেক সপ্তাহে “উচিত সময়ত নিৰূপিত [আধ্যাত্মিক] আহাৰ” আমি গ্ৰহণ কৰোঁ। (লূক ১২:৪২) এই আহাৰৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼবলৈ আমি নিয়মীয়াকৈ ব্যক্তিগত অধ্যয়ন আৰু পাঠ কৰিবলৈ তালিকা বনোৱা আৱশ্যক। আমি সেই আধ্যাত্মিক আহাৰক ফাষ্ট্ ফুড্ৰ দৰে খৰখেদাকৈ গ্ৰহণ কৰা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে আমি ইয়াৰ প্ৰতি কৃতজ্ঞতা হোৱা আৱশ্যক। এতেকে আঁহক আমি ইয়াৰ প্ৰতি মুল্যাঙ্কণ দেখুৱাই আধ্যাত্মিক বিষয়বোৰক অধ্যয়ন কৰাৰ দ্বাৰা আনন্দিত হওঁহঁক।
৫ কিয়নো এই আধ্যাত্মিক আহাৰে আমাক অনন্ত জীৱনলৈ পৰিচালিত কৰিব। (যোহ. ১৭:৩) তদুপৰি, এই আধ্যাত্মিক আহাৰ গ্ৰহণ কৰাত আমাৰ দৈনন্দিন জীৱনৰ সকলো কাৰ্য্যতকৈ ইয়াক প্ৰথম স্থান দিয়া উচিত। আমি নিতৌ বাইবেল অধ্যয়ন আৰু সভাবোৰৰ বাবে প্ৰস্তুতি কৰিবলৈ সময় উলিয়াব পাৰিমনে? অৱশ্যেই পাৰিম। তেতিয়াহে আমি ঈশ্বৰৰ ইচ্ছাক পালন কৰি আৰু তেওঁৰ জ্ঞান লৈ “পৰম লাভ” প্ৰাপ্ত কৰিব পাৰিম।—গীত. ১৯:৭-১১.