ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০২ পৃষ্ঠা ১
  • অধিক পৰিশ্ৰমে আশীৰ্ব্বাদ কঢ়িয়াই আনে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অধিক পৰিশ্ৰমে আশীৰ্ব্বাদ কঢ়িয়াই আনে
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • সুবিবেচক হৈ প্ৰচুৰ পৰিমাণে সিঁচক
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • “বিলাই দিবলৈ আৰু ভগাই লবলৈকো ইচ্ছূক হওক”
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০২ পৃষ্ঠা ১

অধিক পৰিশ্ৰমে আশীৰ্ব্বাদ কঢ়িয়াই আনে

১ বৰ্তমান সময়ত যিহোৱাৰ প্ৰচুৰ আশীৰ্ব্বাদ পোৱাৰ দ্বাৰা যদিও আমাৰ জীৱনটো আনন্দিত হৈছে, তথাপিও আমি ঈশ্বৰৰ বাক্যত বৰ্ণনা কৰা প্ৰতিজ্ঞাসমূহৰ পূৰ্ণতালৈ বাট চাই আছোঁ। ব্যক্তিগতভাৱে অধিক লাভবান হʼবলৈ আমি কঠিন পৰিশ্ৰম কৰা আৱশ্যক। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল, যে “যি জনে অধিককৈ বয়, তেওঁ অধিককৈ দাব।” (২ কৰি. ৯:⁠৬) আঁহক আমি এই সিদ্ধান্তটো প্ৰযোজ্য হোৱা দুটা দিশৰ বিষয়ে আলোচনা কৰোঁহঁক।

২ ব্যক্তিগতভাৱে কৰা পৰিচৰ্য্যা কাৰ্য্য: আমাত থকা সকলো সামৰ্থৰে লোকসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰি আমি বহুতো আশীৰ্ব্বাদৰ ভাগী হʼব পাৰোঁ। (হিতো. ৩:⁠২৭, ২৮) প্ৰশংসাৰ বিষয়ে এই যে সহযোগী বা নিয়মিত অগ্ৰগামী আৰু আন বহুতো প্ৰকাশকে পৰিচৰ্য্যা কাৰ্য্যত অধিকৈ ভাগ লʼবলৈ অত্যন্ত কঠোৰ পৰিশ্ৰম কৰিছে। যেতিয়া কোনো সুযোগ পোৱা যায় তেতিয়া আমাৰ সকলোৱে প্ৰচাৰকাৰ্য্যত লগ পোৱা আগ্ৰহীলোকক পুনৰ সাক্ষাৎ আৰু তেওঁলোকৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰা প্ৰয়োজন। (ৰোমী. ১২:⁠১১) এনেদৰে কঠোৰ পৰিশ্ৰম কৰাৰ ফলস্বৰূপে আমাৰ বহুতো উৎসাহিতজনক অভিজ্ঞতা আৰু পৰিচৰ্য্যা কাৰ্য্য অধিক আনন্দময় হʼব পাৰে।

৩ ঈশ্বৰৰ ৰাজ্যক সহযোগ কৰা: পৌলে ভৌতিক বস্তু দান কৰাৰ ক্ষেত্ৰত ‘অধিককৈ ববলৈ’ উল্লেখ কৰিছিল। (২ কৰি. ৯:⁠৬, ৭, ১১, ১৩) বৰ্তমান সময়ত ঈশ্বৰৰ ৰাজ্যক সহযোগ কৰিবলৈ আমি শাৰীৰিক আৰু ভৌতিকৰূপে অধিকৈ সাহায্য আগবঢ়াই ৰাজ্যগৃহ নিৰ্ম্মাণ কৰা আৰু সত্য উপাসনাৰ স্থানবোৰত পৰিষ্কাৰ-পৰিছন্নতা বজাই ৰখাত ভাগ লʼব পাৰোঁ। ইয়াৰ উপৰিও আমি স্থানীয় মণ্ডলীয়ে খৰচ-পাতি বহন, বিশ্বজুৰী ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কাৰ্য্য আৰু শিষ্য বনোৱা কাৰ্য্যত আৰ্থিক সাহায্য আগবঢ়াব পাৰোঁ। আমাৰ সকলোৱে নিজৰ সামৰ্থৰ অনুসাৰে কাৰ্য্য কৰি দেখিবলৈ পাম যে যিহোৱাই তেওঁৰ কাৰ্য্য কৰিবলৈ কেনেকৈ প্ৰচুৰ পৰিমাণে আশীৰ্ব্বাদ দিছে!​—⁠মলা. ৩:⁠১০; লূক ৬:⁠৩৮.

৪ ঈশ্বৰৰ বাক্যই আমাক “সৎকৰ্ম্ম কৰি, উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত . . . ; বিলাই দিবলৈ আৰু ভগাই লবলৈকো ইচ্ছুক” হʼবলৈ উৎসাহিত কৰিছে। আমি এই পৰামৰ্শক পালন কৰি অধিক আশীৰ্ব্বাদ লাভ কৰিম। একেই সময়ত আমি “প্ৰকৃত জীৱন ধাৰণ কৰিবলৈ পৰকালৰ নিমিত্তে নিজৰ অৰ্থে উত্তম ভিত্তিমূলস্বৰূপ ধন” সাঁচিব পাৰিম।​—⁠১ তীম. ৬:⁠১৮, ১৯.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক