ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০০ পৃষ্ঠা ৩
  • “বিলাই দিবলৈ আৰু ভগাই লবলৈকো ইচ্ছূক হওক”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “বিলাই দিবলৈ আৰু ভগাই লবলৈকো ইচ্ছূক হওক”
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • “উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত হওক”
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপকাৰ আৰু সহভাগিতাৰ কাৰ্য্য কৰক
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • অধিক পৰিশ্ৰমে আশীৰ্ব্বাদ কঢ়িয়াই আনে
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০০ পৃষ্ঠা ৩

“বিলাই দিবলৈ আৰু ভগাই লবলৈকো ইচ্ছূক হওক”

১ বহু শতাব্দীৰ আগতে পাচঁনি পৌলে তীমথিয়ক পৰামৰ্শ দিছিল যাতে সঙ্গী বিস্বাসীসকল “উত্তম কৰ্ম্মৰূপ ধনত ধনৱন্ত হওক; বিলাই দিবলৈ আৰু ভগাই লবলৈকো ইচ্ছুক” হবলৈ উৎসাহিত কৰে। (১ তীম. ৬:১৮-১৯) পৌলে যিহূদী খ্ৰীষ্টানসকলক ‘উপকাৰ আৰু সহভাগিতাৰ কাৰ্য্য নাপাহৰিবলৈ’ স্মৰণ কৰাই দিছিল। (ইব্ৰী ১৩:১৬) তেওঁ কিয় এনে পৰামৰ্শ দিছিল? কিয়নো তেওঁ জালিছিল যে “সৎকৰ্ম্ম সাধনা কৰা সকলোলৈ গৌৰৱ মৰ্য্যাদা, আৰু শান্তি হব।”—ৰোমী. ২:১০.

২ যিহোৱাই হৈছে এই সকলো বস্তুৰ সৃষ্টিকৰ্ত্তা। (প্ৰকা. ৪:১১) আমাৰ সকলোৱে তেওঁ কৰা কাৰ্য্যৰ বাবে নিশ্চয়ে প্ৰশংসা কৰা আৱশ্যক। যদিও বহুতো ব্যক্তিয়ে তেওঁ কৰা কাৰ্য্যৰ বাবে প্ৰশংসা কৰা নাই তথাপিও আমাৰ মহান সৃষ্টিকৰ্ত্তাই সকলোকে জীয়াই থকাৰ আৱশ্যকতাসমূহক পূৰণ কৰি আহিছে। (মথি ৫:৪৫) সেইবাবে তেওঁ সকলো মানৱজাতিয়ে অনন্ত জীৱন লাভ কৰিবলৈ তেওঁৰ একমাত্ৰ প্ৰিয় পুত্ৰক বলিদান কৰিলে। আমাক দেখুওৱা এই মহান প্ৰেমৰ বাবে আমি তেওঁক ধন্যবাদ নকৰিমনে আৰু আনৰ প্ৰতি উদাৰচিত্ত নহমনে?—২ কৰি. ৫:১৪, ১৫.

৩ আমি কি ভগাই দিব পাৰোঁ? ঈশ্বৰৰ হৃদয়ক আনন্দিত কৰিবলৈ আমাৰ ওচৰত থকা সম্পত্তিক তেওঁৰ কাৰ্য্যত ব্যৱহাৰ কৰা আৱশ্যক। নিশ্চয়ে আমি বিশ্বজুৰি ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যত ভৌতিকৰূপে আৰু আধ্যাত্মিকৰূপে সহায় কৰিম। আমি জানো যে সকলো ভৌতিক সম্পত্তিতকৈ বহুমূলীয়া সম্পদ হৈছে শুভবাৰ্ত্তা, ইয়াক যিকোনোৱে লাভ কৰিব পাৰে, কিয়নো ই হৈছে “পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি।” (ৰোমী. ১:১৬) আমাৰ সময় আৰু সম্পদ বিলাই দিবলৈ প্ৰত্যেক মাহত প্ৰচাৰ আৰু শিক্ষা দিয়া কাৰ্য্যত ভাগ লওঁক, এইদৰে আমি আনৰ সৈতে আধ্যাত্মি সম্পদৰ ভাগ কৰিব পাৰিম আৰু অনন্ত জীৱনৰ পথালৈ আগুৱাই যাব পাৰিম।

৪ যদিও আমি অলপ সময়হে প্ৰচাৰ কাৰ্য্যত অতিবাহিত কৰিম, তেতিয়াও যিহোৱাই সুখী হʼব। তেওঁ আমাক আশীৰ্ব্বাদ দিবলৈ প্ৰতিজ্ঞা কৰিছে আৰু আমাক মনত পেলাই দিছে: “ক্ৰোধৰ দিনা ধন-সম্পত্তি অনুপকাৰী; কিন্তু ধাৰ্ম্মিকতাই মৃত্যুৰ পৰা উদ্ধাৰ কৰে।” (হিতো. ১১:৪; ১৯:১৭) ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যত ভৌতিকৰূপে সহায় কৰা আৰু শুভবাৰ্ত্তা প্ৰচাৰ কৰাত সম্পূৰ্ণৰূপে অংশ গ্ৰহণ কৰাৰ দ্বাৰা বিলাই দিবলৈ আৰু ভগাই লবলৈকো ইচ্ছূক বুলি প্ৰমাণ কৰিব পাৰিম।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক