উপকাৰ আৰু সহভাগিতাৰ কাৰ্য্য কৰক
১ দৰ্কাক “দান আদি সৎকৰ্ম্মেৰে পূৰ হোৱা” বুলি জনা গৈছিল। (পাঁচ. ৯:৩৬, ৩৯) তাইৰ উদাৰ মনোবৃত্তিৰ বাবে পৰিচিত লোক আৰু যিহোৱা ঈশ্বৰ, উভয়েৰে প্ৰিয়পাত্ৰ আছিল। ইব্ৰী ১৩:১৬ পদত এইদৰে কৈছে: “উপকাৰ আৰু সহভাগিতাৰ কাৰ্য্য নাপাহৰিবা; কিয়নো এনে যজ্ঞত ঈশ্বৰ সন্তুষ্ট হয়।” বৰ্তমান সময়ত আমি কেনেকৈ উপকাৰ আৰু সহভাগিতাৰ কাৰ্য্য কৰিব পাৰোঁ?
২ ইয়াৰে এটা পদ্ধতি হৈছে আমাৰ “সম্পত্তিৰে” আনৰ লাভৰ অৰ্থে কাৰ্য্য কৰা। (হিতো. ৩:৯) আমি দিয়া দান-বৰঙণিয়ে বিশ্বজুৰি কাৰ্য্যৰ বাবে গোটেই পৃথিৱীত ৰাজ্যগৃহ, সন্মিলন ভৱন আৰু শাখা কাৰ্য্যালয় নিৰ্মাণ কৰাত সম্ভৱ হৈছে। আমাৰ উদাৰতাৰ বাবে লাখ লাখ লোকে ঈশ্বৰশাসিত নিৰ্দ্দেশনা আৰু উন্নতজনক আধ্যাত্মিক সঙ্গতিৰ দ্বাৰা লাভৱান হয়।
৩ সকলোকে শান্ত্বনাৰ বাৰ্ত্তা শুনোৱা: যেতিয়া কোনো প্ৰাকৃতিক দুৰ্যোগ দেখা দিয়ে, তেতিয়া যিহোৱাৰ লোকসকলে সত্যত থকা বা নথকা সকলোলৈ “হিতজনক কৰ্ম্ম” কৰে। (গালা. ৬:১০) ফ্ৰান্সত এটা ৰাসায়নিক কাৰখানাত বিস্ফোৰণ হোৱাৰ পিছত, কাৰখানাৰ কাষত বাস কৰা এহাল দম্পতীয়ে এইদৰে কয়: “আমাৰ খ্ৰীষ্টান ভাই-ভনীসকলে সহায়ৰ বাবে তৎক্ষণাত আহিল। তেওঁলোকে আমাৰ এপাৰ্টমেন্ট্ পৰিষ্কাৰ কৰাৰ উপৰিও আনসকলৰ ঘৰবোৰো পৰিষ্কাৰ কৰাত সহায় কৰিলে। অনেক ভাই-ভনীয়ে সহায় কৰিবলৈ অহা দেখি আমাৰ চুবুৰীয়াই আচম্বিত হৈছিল।” আন এগৰাকী ভনীয়ে এইদৰে কয়: “প্ৰাচীনসকলে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিল। তেওঁলোকে আমাক উৎসাহিত কৰিলে। আমাক মানসিক সহায়তকৈ এনে ধৰণৰ সহায়ৰ আৱশ্যক আছিল।”
৪ আমাৰ চুবুৰীয়াক সহায় কৰিবলৈ বহুতো পদ্ধতি আছে। কিন্তু তেওঁলোকক সহায় কৰাৰ সকলোতকৈ লাভদায়ক পদ্ধতিটো হৈছে, সত্যতাৰ বহুমূলীয়া জ্ঞান, অৰ্থাৎ যিহোৱা ঈশ্বৰৰ প্ৰতিজ্ঞাত ‘অনন্ত জীৱনৰ আশাৰ’ বিষয়ে ঘোষণা কৰা। (তীত ১:১-৩) কিয়নো বাইবেলৰ বাৰ্ত্তাই এই জগত আৰু নিজৰ পাপময় অৱস্থাত দুখিত হোৱাসকলক প্ৰকৃত শান্ত্বনা প্ৰদান কৰে। (মথি ৫:৪) এতেকে আঁহক আমি আনৰ প্ৰতি উপকাৰ আৰু আমাৰ সামৰ্থৰ অনুসাৰে সহায় কৰোঁহঁক।—হিতো. ৩:২৭.