এজনে আনজনক আধ্যাত্মিকৰূপে গঢ়ি তুলক
১ বিশ্বাসী সঙ্গী ভাই-ভনীসকলক আধ্যাত্মিকৰূপে শক্তিশালী কৰিবলৈ পাঁচনি পৌলে সকলোখিনি কৰিলে। (পাঁচ. ১৪:১৯-২২) একেইদৰে আমিও আমাৰ ভাই-ভনীসকলে কঠিন পৰিস্থিতিৰ সম্মুখীন হোৱাত সহায় কৰিবলৈ চিন্তিত হোৱা উচিত। বাইবেলে কৈছে যে আনৰ প্ৰতি কেৱল প্ৰাচীনসকলেই নহয়, সকলোৱে আগ্ৰহী হোৱা আৱশ্যক। (ৰোমী. ১৫:১, ২) প্ৰেমময় পৰামৰ্শক পালন কৰিবলৈ দুটা পদ্ধতিৰ বিষয়ে বিবেচনা কৰক, যʼত এইদৰে কোৱা হৈছে: “পৰস্পৰে প্ৰবোধ দি থাকা, আৰু ইজনে সিজনক ধৰ্ম্মত বৃদ্ধি কৰা।”—১ থিচ. ৫:১১.
২ আনৰ আৱশ্যকতাৰ প্ৰতি বিবেচনা কৰা: ঈশ্বৰৰ বাক্যই দৰ্কা নামৰ ভনীগৰাকীক “দান আদি সৎকৰ্ম্মেৰে পূৰ” হোৱা বুলি মন্তব্য দিছিল। (পাঁচ. ৯:৩৬, ৩৯) দৰ্কাই আনৰ আৱশ্যকতাবোৰ লক্ষ্য কৰি তেওঁলোকক সহায় কৰিবলৈ সকলোখিনি কৰিছিল। তাই আমাৰ বাবে কিযে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে! আপুনি হয়তো কোনো বয়সস্থ ভাই বা ভনীক সভালৈ আহিবলৈ যাতায়তৰ বাবে সহায়ৰ আৱশ্যকতাৰ বিষয়ে লক্ষ্য কৰিব পাৰিছে। অথবা মণ্ডলীত এনে এজন অগ্ৰগামী ভাই বা ভনী আছে, যিজনক তেওঁৰ সৈতে সপ্তাহটোৰ ব্যস্ত দিনকেইটাৰ আবেলিৰ সময়ছোৱাত পৰিচৰ্য্যা কাৰ্য্য কৰিবলৈ সহযোগৰ আৱশ্যক। আপুনি তেনে আৱশ্যকতাৰ বিষয়ে লক্ষ্য কৰিব পাৰি তেওঁলোকক ব্যৱহাৰিকৰূপে সহায় কৰিলে, তেওঁলোকে উৎসাহিত নহʼবনে বাৰু!
৩ আধ্যাত্মিক কথোপকথন: আমি কোৱা বাক্যেৰেও আনক আধ্যাত্মিকৰূপে গঢ়ি তুলিব পাৰোঁ। (ইফি. ৪:২৯) এই বিষয়ে এজন অভিজ্ঞতাপূৰ্ণ প্ৰাচীনে এইদৰে কয়: “যদি আপুনি উৎসাহী হʼব বিচাৰিছে, তেন্তে আধ্যাত্মিক বিষয়বোৰৰ সম্পৰ্কে কথোপকথন কৰক। উৎসাহজনক কথোপকথন আৰম্ভ কৰিবলৈ আপুনি হয়তো এইদৰে এটা সাধাৰণ প্ৰশ্ন কৰিব পাৰে, ‘আপুনি কেনেকৈ সত্যতালৈ আহিলে?’” মণ্ডলীত থকা যুৱা ভাই-ভনীসকলৰ প্ৰতি ব্যক্তিগতভাৱে আগ্ৰহী হওক। যিসকল নিৰাশ হৈ পৰিছে বা লাজকুৰীয়া স্বভাৱৰ, তেওঁলোকৰ সৈতে কথোপকথন হʼবলৈ আগভাগ লওক। (হিতো. ১২:২৫) সঙ্গী ভাই বা ভনীৰ সৈতে উত্তমৰূপে আধ্যাত্মিক কথোপকথনত বাধা হʼবলৈ জগতৰ ৰং-ধেমালীক অনুমতি নিদিব।—ৰোমী. ১:১১, ১২.
৪ আপুনি আনক আধ্যাত্মিকৰূপে গঢ়ি তুলিবলৈ আৰু কি কৰিব পাৰে? আপুনি অলপতে ব্যক্তিগতৰূপে কৰা বাইবেল অধ্যয়নত যিহোৱাৰ প্ৰতি থকা আপোনাৰ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ এনে কোনো এটা সিদ্ধান্ত বা বিষয় পাইছেনে? ৰাজহুৱা ভাষণ বা প্ৰহৰীবুৰুজ অধ্যয়নত এনে কোনো উৎসাহজনক বিষয় শুনিবলৈ পালেনে? নতুবা ঈশ্বৰৰ প্ৰতি বিশ্বাস শক্তিশালী কৰি তুলা কোনো হৃদয়স্পৰ্ষী অনুভৱ শুনিব পালেনে? যদি আপুনি আধ্যাত্মিক ৰত্নমণিবোৰক মূল্যাঙ্কন কৰে, তেন্তে আনক উৎসাহিত কৰিবলৈ আপোনাৰ ওচৰত সদায়ে কোনো বিষয় থাকিব।—হিতো. ২:১; লূক ৬:৪৫.
৫ ব্যৱহাৰিক সহায় আগবঢ়াই আৰু আমাৰ জীভাখনক বুদ্ধিমানেৰে ব্যৱহাৰ কৰি, আমি আনক আধ্যাত্মিকৰূপে দৃঢ় কৰি তুলিব পাৰিম।—হিতো. ১২:১৮.