সকলো ভাষাৰ লোকসকলক একত্ৰিত কৰা হৈছে
১ “জাতিবিলাকৰ মাজৰ আটাই ভাষা কব পৰা” লোকসকল সত্য উপাসনাৰ বাবে একত্ৰিত হৈছে। (জখ. ৮:২৩) বাস্তৱতে ঈশ্বৰৰ বাক্য পূৰ্ণতা হোৱা দেখা গৈছে! ভাৰতবৰ্ষত থকা যিহোৱাৰ সাক্ষীসকলে কেনেকৈ সকলো জাতি আৰু ভাষাৰ লোকসকলক “মহা-ক্লেশৰ” পৰা ৰক্ষা পাই যিহোৱাৰ সম্মুখত এক শুদ্ধ বিবেকেৰে থিয় হʼবলৈ সহায় আগবঢ়াইছে?—প্ৰকা. ৭:৯, ১৪.
২ যিহোৱাৰ সংগঠনে সঁহাৰি জনাইছে: ভাৰতবৰ্ষত থকা লোকসকলে যাতে শুভবাৰ্ত্তাৰ গুৰুত্বতাৰ বিষয়ে স্পষ্টকৈ বুজি পাই তাৰ বাবে প্ৰশাসন গোষ্ঠীয়ে প্ৰায় ২৪ টা ভাষাত বাইবেল আধাৰিত সাহিত্যসমূহ উপলব্ধ কৰাৰ ব্যৱস্থা কৰিছে। বিভিন্ন ভাষাত সাহিত্যসমূহ প্ৰকাশ কৰাটো কোনো সহজ কাৰ্য্য নহয়। কিয়নো ইয়াক বিভিন্ন ভাষাত প্ৰকাশ কৰাৰ বাবে অনুবাদ কৰিবলৈ অৰ্হতাসম্পন্ন অনুবাদকসকলক একত্ৰিত, তেওঁলোকে সঠিককৈ অনুবাদ কৰিবলৈ উপযুক্ত সহায়, একেইদৰে ছপা কৰা আৰু ডাকযোগে পঠোৱাতো সন্মিলিত আছে। কিন্তু লোকসকলক বাইবেলৰ জীৱন-ৰক্ষক বাৰ্ত্তাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ প্ৰত্যেক ৰাজ্যৰ প্ৰচাৰকে এক প্ৰমুখ ভূমিকা আদায় কৰে।
৩ এক প্ৰত্যাহ্বান স্বীকাৰ কৰা: আন আন ভাষা কোৱা লোকসকলৰ বেছিসংখ্যকে তেওঁলোকৰ নিজৰ ঘৰুৱা স্থানৰ পৰা ওলাই আহি ডাঙৰ ডাঙৰ চহৰবোৰত বাস কৰাটো দেখিবলৈ পোৱা গৈছে। আমি তেনে লোকসকলক কাৰ্য্যকাৰীৰূপে শুভবাৰ্ত্তাৰ বিষয়ে জনোৱাত সাজু হʼবলৈ আমাৰ ওচৰত আন আন ভাষাৰ সাহিত্য আৰু আলোচনীবোৰ আছেনে? বহুতো যিহোৱাৰ সেৱকে ভিন্ন ভাষাৰ আলোচনী আৰু সাহিত্যসমূহ নিজৰ লগত ৰাখে আৰু ইয়াৰ উপৰিও তেওঁলোকে নিজৰ এলেকাত থকা আন ভাষা কোৱা লোকক তেওঁলোকৰ ভাষাত শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ বাবে আন আন ভাষা শিকিবলৈ চেষ্টা কৰে। তদুপৰি, যিসকলে ভাৰতীয় সঙ্কেতিক ভাষা জানে তেওঁলোকেও সঙ্কেতিক ভাষা কোৱা লোকসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰাত সফলতা লাভ কৰিছে। মন কৰিবলগীয়া এই যে এনে ব্যক্তিসকলে ঈশ্বৰৰ বাক্যৰ সত্যতাক গ্ৰহণ কৰিছে, যিসকলে আগতে যিহোৱাৰ বিষয়ে কেতিয়াও শুনা নাছিল বা বাইবেলৰ বিষয়ে একোকেই নাজানিছিল।—ৰোমী. ১৫:২১.
৪ আমি আন ভাষা কোৱা আগ্ৰহীলোকক কেনেকৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰিব পাৰোঁ? যদি আমাৰ চহৰত সেই ভাষা কোৱা মণ্ডলী আছে, তেনেহʼলে আমি আগ্ৰহী ব্যক্তিজনৰ নাম ঠিকনা, অনুগ্ৰহ কৰি সাক্ষাৎ কৰক (S-43) ফৰ্মখনত লিখি সেই মণ্ডলীলৈ পঠাব পাৰোঁ। যদি সেই ভাষা কোৱা মণ্ডলী নাই তেনেহʼলে সেই ভাষা কোৱা কোনো স্থানীয় প্ৰকাশকক এই বিষয়ে জনাব পাৰোঁ। যেতিয়া আমাক তেনে কোনো আগ্ৰহী লোকক সাক্ষাৎ কৰিবলৈ অনুৰোধ কৰা হয় তেতিয়া আমি সেই ব্যক্তিজনক সাক্ষাৎ কৰিবলৈ সম্পূৰ্ণকৈ প্ৰচেষ্টা কৰাটো উপযুক্ত নহʼবনে বাৰু? এইদৰে আমাৰ এলেকাত থকা ভিন্ন ভাষা কোৱা লোকসকলক তেওঁলোকে বুজি পোৱা ভাষাত সম্পূৰ্ণকৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰিব পাৰি।—কল. ১:২৫.
৫ যিহেতু সকলো ভাষা আৰু পৃষ্ঠভূমিৰ লোকে ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি আকৰ্ষিত হৈছে। গতিকে আঁহক আমি সকলো সুযোগতে তেওঁলোকক শুভবাৰ্ত্তাৰ বিষয়ে জনাবলৈ প্ৰচেষ্টা কৰোঁহঁক।