যিহোৱাক মহিমান্বিত কৰিবলৈ আনক সহায় কৰক
১ বিশ্বজুৰি এই বুলি এক গুৰুত্বপূৰ্ণ বাৰ্ত্তা ঘোষণা কৰা হৈছে: “ঈশ্বৰক ভয় কৰি, তেওঁৰ গৌৰৱ স্বীকাৰ কৰাহঁক; তেওঁৰ সোধ-বিচাৰৰ সময় আহিল; আৰু স্বৰ্গ, পৃথিবী, সাগৰ, জলৰ ভুমুকবোৰ, এই সকলোৰে সৃষ্টিকৰ্ত্তাক প্ৰণিপাত কৰাহঁক।” (প্ৰকা. ১৪:৬, ৭) সেয়েহে এই বাৰ্ত্তা ঘোষণা কৰা কাৰ্য্যত ভাগ লোৱাটো আমাৰ বাবে এক বিশেষাধিকাৰ। যিহোৱাক ভয় আৰু উপাসনা কৰিবলৈ লোকসকলে তেওঁৰ বিষয়ে কি জনা আৱশ্যক?
২ তেওঁৰ নাম: লোকসকলে সত্য ঈশ্বৰৰ নাম জনা আৱশ্যক যিয়ে তেওঁক বৰ্তমানে উপাসনা কৰা মিছা দেৱ-দেৱীবিলাকৰ পৰা একেবাৰে পৃথকে ৰাখে। (দ্বিতী. ৪:৩৫; ১ কৰি. ৮:৫, ৬) দৰাচলতে বাইবেলৰ লিখকসকলে বাইবেলত যিহোৱাৰ সেই মহান নামটো ৭,০০০ বাৰতকৈ অধিক বাৰ উল্লেখ কৰিছে। সেয়েহে আমি ঈশ্বৰৰ মহান নামৰ বিষয়ে লোকসকলক কবলৈ লাজ বা কুণ্ঠাবোধ কৰি সেই নামৰ পৰিৱৰ্তে আন উপাধিবোৰ ব্যৱহাৰ কৰা উচিত নহয়। কিয়নো লোকসকলে তেওঁৰ নাম জনাটোৱেই হৈছে ঈশ্বৰৰ ইচ্ছা।—গীত. ৮৩:১৮.
৩ তেওঁৰ ব্যক্তিত্ব: লোকসকলে ঈশ্বৰক মহিমান্বিত কৰিবলৈ তেওঁ কেনে ধৰণৰ ঈশ্বৰ এই বুলি তেওঁৰ ব্যক্তিত্বৰ সৈতে পৰিচিত হোৱা আৱশ্যক। আমি নিশ্চয়ে লোকসকলক ঈশ্বৰৰ সেই প্ৰমুখ গুণসমূহ যেনে, তেওঁৰ প্ৰেম, অত্যুত্তম জ্ঞান, সম্পূৰ্ণ ন্যায়, দয়া, প্ৰেমপূৰ্বক-দয়া আৰু আন আচৰিত গুণসমূহৰ সৈতে সৰ্ব্বশক্তিমান হোৱাৰ বিষয়েও কোৱা আৱশ্যক। (যাত্ৰা. ৩৪:৬, ৭) তেওঁলোকে নিশ্চয়ে ঈশ্বৰলৈ হিতকাৰী ভয় বিকাশিত, তেওঁক সন্মান কৰিবলৈ শিকা আৰু তেওঁলোকৰ জীৱন যে যিহোৱাৰ অনুমোদনৰ ওপৰত নিৰ্ভৰশীল তাৰ বিষয়ে জনা আৱশ্যক।—গীত ৮৯:৭.
৪ ঈশ্বৰৰ কাষ চপা: আহিবলগা ঈশ্বৰৰ সেই ন্যায় বিচাৰৰ পৰা ৰক্ষা পাবলৈ লোকসকলে অৱশ্যেই যিহোৱাক বিশ্বাস কৰা উচিত। (ৰোমী. ১০:১৩, ১৪; ২ থিচ. ১:৮) ইয়াৰ বাবে কেৱল ঈশ্বৰৰ নাম আৰু তেওঁৰ গুণসমূহৰ বিষয়ে জ্ঞান লোৱাটোৱেই যথেষ্ট নহয়। যিহোৱাৰ সৈতে ব্যক্তিগত সম্বন্ধ গঢ়া আৰু তেওঁক সম্পূৰ্ণ হৃদয়েৰে ভাৰসা কৰিবলৈ আমি নিশ্চয়ে লোকসকলক সহায় কৰা আৱশ্যক। (হিতো. ৩:৫, ৬) যেনেকৈ তেওঁলোকে শিকা বিষয়বোৰৰ অনুসাৰে চলি ঈশ্বৰলৈ সম্পূৰ্ণ মনেৰে প্ৰাৰ্থনা কৰে, তেওঁলোকে নিজৰ জীৱনত যিহোৱাৰ সহায় অনুভৱ কৰিব আৰু এইদৰে ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ বিশ্বাস দৃঢ় হʼব আৰু যিহোৱাৰ কাষ চাপিব পাৰিব।—গীত ৩৪:৮.
৫ গতিকে আঁহক আমি উৎসাহী হৈ যিহোৱাৰ নামৰ বিষয়ে জনাই তেওঁত সম্পূৰ্ণ হৃদয়েৰে ভাৰসা আৰু হিতকাৰী ভয় বিকাশিত কৰিবলৈ লোকসকলক সহায় কৰোঁহঁক। এইদৰে আমি এতিয়াও অনেক লোকক যিহোৱাৰ বিষয়ে জানি তেওঁলোকৰ “ত্ৰাণকৰ্ত্তা ঈশ্বৰ” হিচাপে মহিমান্বিত কৰিবলৈ সহায় কৰিব পাৰিম।—গীত ২৫:৫.