ৰাজ্যগৃহৰ নিৰ্ম্মাণ কাৰ্য্য আগবাঢ়িছে
১ আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯৮৩ চনত অৱস্থিত হোৱা “ৰাজ্যৰ ঐক্যতা” নামৰ জিলা অধিৱেশনত ঘোষণা কৰা হৈছিল যে সমষ্ট যুক্তৰাষ্ট্ৰ আৰু কানাডাত ৰাজ্যগৃহবোৰ নিৰ্ম্মাণ আৰু পুনৰ নিৰ্মাণ কৰাত সহায় কৰিবলৈ এক বিশেষ পুঁজিৰ ব্যৱস্থা কৰা হৈছে। আমি জানিব পৰা নাছিলোঁ যে সঞ্চিত হোৱা তেনে কম ধনৰ পৰা কেনে আশীৰ্ব্বাদ লাভ কৰিব পাৰিম। কিন্তু শীঘ্ৰেই গীত ৯২:৪ পদত বৰ্ণনা কৰাৰ দৰে আমি সম্পূৰ্ণকৈ অনুভৱ কৰিব পাৰিলোঁ, যʼত এইদৰে কোৱা হৈছে: “হে যিহোৱা, তুমি তোমাৰ কৰ্ম্মৰ দ্বাৰাই মোক আনন্দিত কৰিছা; মই তোমাৰ হাতে কৰা কাৰ্য্যত আনন্দ-ধ্বনি কৰিম।” পাছলৈ আৰ্থিকভাৱে দৰিদ্ৰতাত থকা আফ্ৰিকা, এছিয়া, মধ্য আৰু দক্ষিণ আমেৰিকা আৰু পূব ইউৰোপীয় দেশবোৰত থকা ভাইসকলক সহায় কৰাৰ অৰ্থে এই পুঁজিৰ ধন ব্যৱহাৰ কৰিবলৈ কাৰ্য্যক্ৰমক বৃদ্ধি কৰা হʼল।
২ এতিয়ালৈকে যি সম্পন্ন হʼল তাৰ বাবে আমি সকলোৱে আনন্দিত হʼব পাৰোঁ। বৰ্তমান সময়ত গোটেই বিশ্বত ৰাজ্যগৃহ নিৰ্ম্মাণ কৰাৰ আঁচনি হাতত লোৱা হৈছে। কিন্তু ভাৰতত হোৱা এই কাৰ্য্যত আমি কেনেকৈ ভাগ লʼব পাৰোঁ? আমি আমাৰ দেশত হোৱা ৰাজ্যগৃহ নিৰ্ম্মাণ কাৰ্য্যৰ কাৰ্য্যক্ৰমত সহযোগ কৰি ভাগ লʼব পাৰোঁ যিটো স্থানীয় মণ্ডলীসমূহে আগবঢ়োৱা কম বা বেছি পৰিমাণৰ আৰ্থিক সাহায্যৰ ওপৰত নিৰ্ভৰ কৰে। বহুতো ভায়ে নিজৰ সক্ষমতা আৰু দক্ষতাক তেনে আঁচনিবোৰত ব্যৱহাৰ কৰিবলৈ স্বইচ্ছাৰে আগবাঢ়ি আহিছে। আমি সম্পূৰ্ণ হৃদয়েৰে যিমান পৰিমাণে নিদিওঁ কিয় আমি নিজেই উপলব্ধি কৰিব পাৰিম যে সেই সকলো ব্যৱস্থা যিহোৱা ঈশ্বৰৰ নিৰ্দ্দেশনা, সহায়, আশীৰ্ব্বাদ আৰু আমাৰ যৌথ প্ৰচেষ্টাৰ দ্বাৰা অৱশ্যেই সফল হʼব।—গীত ১২৭:১.
৩ প্ৰত্যেকখন দেশত থকা সকলো ৰাজ্যগৃহত তেনে নিৰ্ম্মাণ কাৰ্য্যৰ পুঁজিৰ বাবে দানৰ বাকচ আছে যʼত প্ৰচাৰকসকলে তেওঁলোকৰ দান-বৰঙণি প্ৰদান কৰে। তদুপৰি বহুতো মণ্ডলীয়ে তেওঁলোকৰ পুঁজিত জমা কৰিবলৈ মাহেকীয়া হিচাবে এক ধনৰ পৰিমাণ নিৰ্দ্ধাৰিত কৰিছে। কিছুমান মণ্ডলীয়ে তেওঁলোকৰ পুঁজি বেংকত নিৰ্দ্ধাৰিত জমা ৰখাৰ পৰিৱৰ্তে ধনবোৰ ৰাজ্যগৃহৰ ফাণ্ডত জমা কৰিছে। এনেদৰে কৰাৰ দ্বাৰা ভৱিষ্যতে প্ৰয়োজন হোৱা সময়ত ৰাজ্যগৃহৰ সৈতে জড়িত থকা আন নিৰ্ম্মাণ কাৰ্য্যত কেৱল নিজৰ জমা পুঁজিৰেই নহয়, কিন্তু আন মণ্ডলীসমূহে জমা কৰা পুঁজিৰ পৰাও লাভৱান হʼব পাৰিব।
৪ এতিয়ালৈকে তাৰ কেনে সঁহাৰি পোৱা গৈছে? বিগত বছৰৰ মাৰ্চ মাহৰ পৰা প্ৰকাশকসকলে এই নতুন ব্যৱস্থাৰ বিষয়ে প্ৰথমবাৰৰ বাবে জানিব পাৰিলে আৰু যথেষ্ট পৰিমাণে পুঁজি জমা হʼল, যাৰ ফলস্বৰূপে দুখনকৈ নতুন ৰাজ্যগৃহ নিৰ্ম্মাণ কৰিলে। যি মণ্ডলীয়ে ইতিমধ্যেই এই ব্যৱস্থাৰ পৰা লাভৱান হৈ উপযুক্ত ৰাজ্যগৃহ নিৰ্ম্মাণ কৰিলে, তেওঁলোকে আন মণ্ডলীয়ে লাভৱান হʼবলৈ একেৰাহে দান-বৰঙণি দি থকা দেখিবলৈ পোৱাটো আমাৰ বাবে এক অতি উৎসাহজনক বিষয়। যিসকলে নিজাকৈ ৰাজ্যগৃহ নিৰ্ম্মাণ কৰিবলৈ সক্ষম নহয়, এতিয়া তেওঁলোকে নিজৰ মাহেকীয়া দান-বৰঙণি ৰাজ্যগৃহৰ পুঁজিলৈ পঠিয়াবলৈ আৰম্ভ কৰিছে। তেওঁলোকে জানিবলৈ পাই আনন্দিত হʼব যে সেই পুঁজিৰে দেশত আৱশ্যক হোৱা কোনোবা মণ্ডলীৰ বাবে এখন ৰাজ্যগৃহ বনোৱা হʼব। উপযুক্ত সময়ত সেই একেই পুঁজিৰ সাহায্যৰে তেওঁলোকেও নিজৰ ৰাজ্যগৃহ নিৰ্ম্মাণ কৰিব পাৰিব।
৫ আন দেশবোৰত এই ব্যৱস্থাৰে নিৰ্ম্মিত ৰাজ্যগৃহৰ কাৰ্য্যত যে যিহোৱাৰ আশীৰ্ব্বাদ আছে, তাক আপুনি নিজেই ইয়াত দেখুওৱা কিছুমান নতুনকৈ নিৰ্ম্মাণ কৰা ৰাজ্যগৃহৰ ছবি চাই উপলব্ধি কৰিব পাৰিব। কল্পনা কৰক যে যিহোৱাৰ সাক্ষীসকলৰ তেনে নিৰ্ম্মাণ কাৰ্য্যই সেই দেশবোৰক কিমান প্ৰভাৱিত কৰিলে। বাস্তৱতে এই তিনিটা বৈশিষ্ট্যপূৰ্ণ এলেকা অৰ্থাৎ আমাৰ বিশ্বব্যাপী ভাতৃত্ব সমাজৰ ঐক্যতাবদ্ধই তেওঁলোকৰ স্থানীয় সম্প্ৰদায়ক প্ৰভাৱিত কৰিলে আৰু মণ্ডলীৰ সভাবোৰত উপস্থিতিৰ সংখ্যা বৃদ্ধি পাব ধৰিলে। এই সংখ্যাৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰত আফ্ৰিকা দেশত নিৰ্ম্মাণ কৰা কিছুমান ৰাজ্যগৃহৰ বিষয়ে উল্লেখ কৰা হৈছে, কিন্তু ভৱিষ্যতে আমাৰ ভাৰতত ৰাজ্যগৃহ নিৰ্ম্মাণ কাৰ্য্য কেনেকৈ আগবাঢ়িছে তাৰ বিষয়ে মনোযোগ দিয়া হʼব। আপোনাৰ মণ্ডলীয়ে এই ব্যৱস্থাৰ পৰা লাভৱান হৈছেনে? যিহোৱাই আপোনালোকক এই কাৰ্য্যক্ৰমক সফল কৰিবলৈ কৰা সকলো প্ৰচেষ্টাত অৱশ্যেই আশীৰ্ব্বাদ দিব।
[Pictures on page 5]
বিম্ব্, বাংগই
মধ্য আফ্ৰিকা গণতন্ত্ৰ
বেগুৱে, বাংগই
[Pictures on page 6]
উকৱানগা, টানজানিয়া
ছালালা, লাইবেৰিয়া
কʼপেমে, টোগো
ছকʼদা, টোগো
কেৰৈ, জিম্বাবʼৱে