পূৰ্বীয় ইউৰূপত সত্য উপাসনাৰ বৃদ্ধি
১ প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে সম্পূৰ্ণ উৎসাহৰে শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰিছিল। তেওঁলোক অৰ্থাৎ মণ্ডলীবিলাকে বিশ্বাসত দৃঢ় হৈ, “দিনে দিনে লেখত বাঢ়ি” যোৱা সত্য উপাসকৰ সংখ্যা দেখি আনন্দিত হৈছিল। (পাঁচ. ১৬:৫) তেওঁলোকে আগ্ৰহী হৈ কৰা প্ৰচাৰ কাৰ্য্যই এচিয়া, আফ্ৰিকা, আৰু ইউৰূপ আদি দেশবিলাকত সত্যৰ উপাসনা বিস্তৃত কৰিছিল। তাৰ পৰিণামস্বৰূপে সত্যক স্বীকাৰ কৰা বিশ্বাসী লোকসকলৰ সংখ্যা বৃদ্ধি হৈছিল। এইদৰে কাৰ্য্য কৰাৰ দ্বাৰা এক সফলতা লাভ কৰিছিল।
২ বৰ্তমান সময়তো, পূৰ্বীয় ইউৰূপত দিনে দিনে সত্য উপাসকৰ সংখ্যা একেৰাহে বৃদ্ধি হʼব ধৰিছে। এনেবোৰ দেশতো, যি ১৯৯০ চনলৈকে চৰকাৰ প্ৰতিবন্ধকত আছিল। তেনে দেশবিলাকতো দিনে দিনে সত্য উপাসনাৰ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। ১৯৯০ চনৰ বাৰ্ষিক পুস্তক-ত প্ৰকাশ কৰিছে যে ৰুচিয়া আৰু ইউক্ৰিনৰ দৰে দেশৰ পৰা পোৱা প্ৰত্যেক ৰিপৰ্টে দেখুৱাইছে যে ১,০০,০০০ জনতকৈ অধিক প্ৰচাৰকে পৰিচৰ্য্যা কাৰ্য্যত ভাগ লৈছে। পূৰ্ব্বৰ চোভিয়েট ইউনিয়নৰ ১৫ খন স্থানত, ১৯৯১ চনৰ পৰা ২,২০,০০০ জনতকৈ অধিক ব্যক্তিয়ে নিজকে যিহোৱালৈ সমৰ্পিত কৰি বাপ্তিষ্মা লৈছে! এই ব্যাপকহাৰত বৃদ্ধি হোৱা উপাসকসকলৰ সংখ্যা দেখি নতুন ৰাজ্যগৃহ আৰু সন্মিলনী ভৱন নিৰ্ম্মাণ কৰাটো আৱশ্যক হৈছে। ইয়াৰ ওপৰিও শাখা কাৰ্য্যালয়সমূহক নিৰ্ম্মাণ কৰা আৱশ্যকতা আহি পৰিছে।
৩ সেইবাবে, যিদৰে যুক্টৰাষ্ট্ৰত প্ৰকাশিত হোৱা ১৯৯৭ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ত কোৱা হʼল। যি ঠাইবোৰত আৱশ্যকীয় সামগ্ৰী আৰু ধনৰ নাটনিৰ বাবে ৰাজ্যগৃহ নিৰ্ম্মাণ কৰিব পৰা নাই বা যি ঠাইবিলাকত ৰাজ্যগৃহৰ আৱশ্যকতা আছে, তেনে ঠাইত ৰাজ্য পৰিচৰ্য্যা পুজিৰ পৰা ঋণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ১৯৯৬ চনৰ মাৰ্চ মাহৰ পৰা লৈ ১৯৯৮ চনৰ অক্টোবৰ মাহৰ মাজ ভাগত পূৰ্বীয় ইউৰূপৰ ১১ খন ৰাজ্যই শাখা সমিটিলৈ কৰা অনুৰোধক সংস্থাই স্বীকাৰ কৰে। সেই অনুৰোধৰ অনুসৰি ৩৫৯ টা ৰাজ্যগৃহৰ নিৰ্ম্মাণৰ বাবে ঋণ মঞ্জুৰী দিয়ে। বৰঙণিত প্ৰাপ্ত হোৱা ধনৰ দ্বাৰা ভূমি আৰু নতুন ৰাজ্যগৃহৰ বাবে আৱশ্যকীয় বস্তু কিনা হয়। ৰাজ্যগৃহক উন্নত সা-সুবিধাৰে সৈতে মেৰামতি কৰিবলৈও মণ্ডলীবিলাকক সেই ধনৰ দ্বাৰা সহায় কৰা হয়। তলত দিয়া ব্যাখ্যাই আমাক বুজিবলৈ সহায় কৰিব যে কেনেকৈ যুক্তৰাষ্ট্ৰৰ আৰু পূৰ্বীয় ইউৰূপত থকা ভাইসকলে সংস্থাৰ ৰাজ্যগৃহৰ পুজিৰ পৰা লাভৱান হৈছে।
৪ বুলগেৰিয়াত ১৯৯৮ চনত ১২ শতাংশ বৃদ্ধি হʼল। সেই একেই বছৰৰ এপ্ৰিল মাহত যেতিয়া প্ৰথম ৰাজ্যগৃহ স্থাপিত কৰা হয় তেতিয়া ভাইসকলে আনন্দত হৰ্ষিত হৈছিল। ক্ৰৱেশ্বিয়াত ৪ শতাংশ বৃদ্ধি হোৱাৰ বাবে ভাইসকল আনন্দিত হয় আৰু বৰ্তমান তেওঁলোকে সত্য উপাসনাক অধিক বৃদ্ধি কৰিবলৈ কেইবাটাও ৰাজ্যগৃহ নিৰ্ম্মাণ কৰিছে। হাঙ্গেৰীত ১৪৪ টা মণ্ডলীয়ে প্ৰায় ৮০ টা ৰাজ্যগৃহ ব্যৱহাৰ কৰে। ইয়াৰ অৰ্থ হৈছে সেই দেশত ২৩৫ টা মণ্ডলীৰ ভিতৰত ৬১ শতাংশৰে উপাসনা কৰিবলৈ নিজাবৱীয়াকৈ ৰাজ্যগৃহ আছে। মেছিদনিয়াত ৰাজ্যগৃহ নিৰ্ম্মাণ কাৰ্য্যক্ৰমত দুটা নতুন ৰাজ্যগৃহ নিৰ্ম্মাণ কাৰ্য্য সম্পন্ন কৰা হয় আৰু বহুতো ৰাজ্যগৃহৰ নিৰ্ম্মাণ কাৰ্য্য চলি আছে। ১৯৯৯ চনৰ গ্ৰীষ্ম ঋতুত, স্কপ্জেৰ প্ৰধান চহৰত এটা দুমহলীয়া ৰাজ্যগৃহৰ নিৰ্ম্মাণ কাৰ্য্য সম্পূৰ্ণ কৰা হʼল। এই ৰাজ্যগৃহত প্ৰায় ছটা মণ্ডলীয়ে সভা চলায়।
৫ ১৯৯৮ চনত ৰুচিয়াত গড় হিচাপে প্ৰত্যেক সপ্তাহত ২৬০ জনে বাপ্তিষ্মা লয়! আন দেশৰ আৰ্হিক অনুকৰণ কৰি ৰুচিয়াত থকা শাখাই তেওঁলোকৰ দেশত ভৱিষ্যতে ৰাজ্যগৃহ নিৰ্ম্মাণ কাৰ্য্যত সহায় কৰিবলৈ ১২ টা ৰিজনেল বিল্ডিং কমিটি সংস্থাপন কৰে। ছেন্ট. পীটাৰ্ছ্বাৰ্গৰ উত্তৰ ভাগত প্ৰথম সন্মিলনী ভৱনৰ নিৰ্ম্মাণ কাৰ্য্য চলি আছে যʼত ১,৬০০ খন আসনৰ ব্যৱস্থা আছে। ইয়াত ২০০ খন আসনযুক্ত পাচঁটা ৰাজ্যগৃহৰ নিৰ্ম্মাণৰ আচঁনিও জড়িত আছে। ইউক্ৰেইনত থকা ভাইসকল আৰু বহুতো আগ্ৰহ থকা লোকৰ আধ্যাত্মিক আৱশ্যৱকতাত সহায় কৰিবলৈ ৮৪ টা ৰাজ্যগৃহ নিৰ্ম্মাণ কাৰ্য্য সম্পূৰ্ণ কৰা হয় আৰু ৮০ টাৰ নিৰ্ম্মাণ কাৰ্য্য চলি আছে।
৬ পূৰ্বীয় ইউৰূপত হোৱা সত্য উপাসনাৰ বৃদ্ধিয়ে আমাৰ মন আৰু হৃদয়ক প্ৰফুল্লিত নকৰেনে? আমি যʼতে নাথাকোঁ কিয়, সত্য উপাসনাৰ বৃদ্ধিয়ে আমাক সোঁৱৰাই দিয়ে যে ঈশ্বৰ পক্ষপাতী নহয় আৰু তেওঁ ধৈৰ্য্য ধৰাৰ অৰ্থ হৈছে “এক বৰ লোকসমূহৰ” উদ্ধাৰ। (প্ৰকা. ৭:৯; ২ পিত. ৩:৯) আমি আনৰ আধ্যাত্মিক উন্নতিৰ হকে দান কৰা আমাৰ ক্ষুদ্ৰ অংশৰ দ্বাৰা দূৰ দেশবিলাকত থকা আমাৰ ভাই-ভনীক সহায় কৰাটো আমাৰ বাবে কিযে এক বিশেষ অধিকাৰ! হিতোপদেশ ২৮:২৭ পদে আমাক আশ্বাস দিছে যে “যি মানুহে দৰিদ্ৰক দান কৰে, তেওঁৰ অভাৱ নহব।” এই নিৰ্ম্মাণ কাৰ্য্যক সম্পন্ন কৰিবলৈ আমি আগ্ৰহী হৈ কৰা সহায়ৰ পৰিণাম হৈছে ভৌতিক বস্তুৰ “সমতা,” যাৰ দ্বাৰা আন্তৰিক সুখ পোৱা যায়। বিশ্বজুৰি সত্য উপাসনা বৃদ্ধি হোৱাৰ ফলত আগ্ৰহীলোকক সত্যলৈ অহা দেখি আমি মানসিক আনন্দ লাভ কৰিম।—২ কৰি. ৮:১৪, ১৫; পাঁচ. ২০:৩৫.
[Picture on page 3]
চাচেলে, ৰোমানীয়া
[Picture on page 3]
মাʼৰডো, এষ্টনীয়া
[Picture on page 3]
ছেফনিকা, শ্লʼভেনীয়া
[Picture on page 3]
তিছজাভাছৱাৰি, হাঙ্গেৰী
[Pictures on page 4]
জোৰমাল্লা, লʼটিভিয়া
[Pictures on page 4]
তাল্লিন্না, স্টʼনিয়া
[Picture on page 4, 5]
ট্বৌʼৰেজ, লিথিউনীয়া
[Picture on page 4, 5]
বেলগ্ৰেদ, য়েগʼচ্লোভিয়া
[Pictures on page 5]
প্ৰিভেজা, স্লʼভাকিয়া
[Pictures on page 5]
মেটাজ্ঝালকা, হাঙ্গেৰী
[Pictures on page 6]
ৰোমা, য়েগʼচ্লোভিয়া
[Pictures on page 6]
ৱাৰনভ্ নাদ টপলোʼউ, শ্লʼভেকিয়া
[Pictures on page 6]
টʼৰনাক্লানছ্, লেটিভিয়া