আপুনি দ্ৰুতগতিত আগবঢ়া এটা কাৰ্য্যত জড়িত আছে
১ “ষষ্ঠ দূতে” তূৰী বজোৱাৰ পিছত বজ্ৰধ্বনিৰে অহা “ঘোঁৰাত উঠা সৈন্যৰ সংখ্যা” আছিল “দুহাজাৰ লাখ।” সেয়া কোনো সাধাৰণ সৈন্য-বাহিনী নাছিল। “ঘোঁৰাবোৰৰ মূৰ, সিংহৰ মূৰৰ নিচিনা” আছিল। সেইবোৰৰ মুখৰ পৰা জুই, ধোঁৱা, গন্ধক বাহিৰ হৈছিল আৰু সেইবোৰৰ “নেজ সাপৰ নিচিনা” আছিল। এই লাক্ষণিক অশ্বাৰোহীবিলাকে আক্ৰমণাত্মকৰূপে আগবাঢ়ি যোৱাৰ ফল বিধ্বংমূলক হৈছে। (প্ৰকা. ৯:১৯) আপুনি জানেনে যে দ্ৰুতগতিত পূৰ্ণ হোৱা এই ভৱিষ্যতবাণীমূলক দৰ্শনত আপুনি কেনেকৈ জড়িত আছে?
২ অভিষিক্তবৰ্গ আৰু তেওঁলোকৰ সঙ্গী অৰ্থাৎ অন্য মেৰবৰ্গৰ সদস্যসকলে মিলিত হৈ ঈশ্বৰৰ ন্যায়-বিচাৰৰ বিষয়ে সকলোৰে আগত ঘোষণা কৰিছে। ইয়াৰ ফলস্বৰূপে, খ্ৰীষ্টীয়জগতে যে আধ্যাত্মিক মৃত অৱস্থাত আছে সেই বিষয়ে সম্পূৰ্ণকৈ প্ৰকাশ কৰিছে। আঁহক আমি সেই ভৱিষ্যতবাণীমূলক দৰ্শনৰ দুটা দিশৰ বিষয়ে পৰীক্ষা কৰোঁহঁক যিয়ে আলোকপাত কৰিছে যে ঈশ্বৰৰ উপাসকসকলৰ পৰিচৰ্য্যা কাৰ্য্য কিয় ইমান কাৰ্য্যকাৰীৰূপে প্ৰমাণিত হৈছে।
৩ ঈশ্বৰৰ বাৰ্ত্তা প্ৰচাৰ কৰিবলৈ প্ৰশিক্ষিত আৰু সুসজ্জিত কৰা: ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল আৰু মণ্ডলীৰ আন সভাৰ দ্বাৰা ঈশ্বৰৰ উপাসকসকলক পূৰ্ণ অধিকাৰৰ সৈতে তেওঁৰ বাৰ্ত্তা প্ৰচাৰ কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে। তেওঁলোকে যীচু আৰু তেওঁৰ শিষ্যসকলে ৰাখা আৰ্হিক অনুকৰণ কৰি সকলো স্থানতে লগ পোৱা আগ্ৰহী লোকবিলাকক প্ৰচাৰ কৰিছে। (মথি ১০:১১; মাৰ্ক ১:১৬; লূক ৪:১৫; পাঁচ. ২০:১৮-২০) বাইবেলত বৰ্ণিত পদ্ধতি অনুসৰি প্ৰচাৰ কাৰ্য্য কিমান যে কাৰ্য্যকাৰী প্ৰমাণিত হৈছে!
৪ প্ৰকৃত খ্ৰীষ্টান পৰিচাৰকসকলে ঈশ্বৰৰ বাৰ্ত্তা প্ৰচাৰ কৰা আজ্ঞা পালন কৰি কোটি কোটি সংখ্যাত বাইবেল, বাইবেল আধাৰিত কিতাপ, ব্ৰচাৰ আৰু আলোচনী বিতৰণ কৰিছে। এই সাহিত্যবোৰ বহুতো প্ৰকাৰৰ লোকৰ সুবিধাৰ অৰ্থে প্ৰায় ৪০০ টা ভাষাত বহুতো বিষয়ত প্ৰকাশ কৰা হৈছে। আপুনি এই সঁজুলিবোৰক কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰিছেনে?
৫ স্বৰ্গীয় নিৰ্দ্দেশনা আৰু সমৰ্থন লাভ কৰা: তদুপৰি ভৱিষ্যতবাণীমূলক দৰ্শনে স্পষ্টকৈ প্ৰকাশ কৰিছে যে দৰাচলতে সক্ৰিয়ভাৱে প্ৰতিনিধিত্ব কৰা দ্ৰুতগতিত আগবঢ়া লাক্ষণিক অশ্বাৰোহীক ঈশ্বৰে স্বয়ং সাহায্য কৰিছে। (প্ৰকা. ৯:১৩-১৫) বিশ্বজুৰি সম্পন্ন হোৱা প্ৰচাৰ কাৰ্য্য কোনো মানুহৰ জ্ঞান শক্তিৰে নহয় কিন্তু একমাত্ৰ ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰাহে কাৰ্য্যকাৰী হৈছে। (জখ. ৪:৬) যিহোৱা ঈশ্বৰে তেওঁৰ দূতবোৰক এই কাৰ্য্যৰ বাবে নিৰ্দ্দেশনা দিবলৈ ব্যৱহাৰ কৰিছে। (প্ৰকা. ১৪:৬) এইদৰে মানৱীয় সাক্ষীসকলৰ প্ৰচেষ্টাত যিহোৱা ঈশ্বৰে স্বৰ্গীয় সহায় আগবঢ়াই নম্ৰ ব্যক্তিসকলক তেওঁৰ কাষলৈ আনিছে।—যোহ. ৬:৪৫, ৬৫.
৬ প্ৰশিক্ষণপ্ৰাপ্ত আৰু সুসজ্জিত হৈ ঈশ্বৰৰ বাৰ্ত্তা প্ৰচাৰ কৰা আৰু স্বৰ্গদূতীয় নিৰ্দ্দেশনাত কাৰ্য্য কৰাৰ বাবে তেওঁৰ উপাসকসকলক একোৱেই বাধা দিব নোৱাৰে। এতেকে আঁহক আমি সেই ৰোমাঞ্চক ভৱিষ্যতবাণীমূলক দৰ্শনৰ পূৰ্ণতাত একেৰাহে আমাৰ ভূমিকা আদায় কৰোঁহঁক।
[Study Questions]
১, ২. বৰ্তমান সময়ত ঈশ্বৰৰ উপাসকসকলে প্ৰকাশিত বাক্য ৯:১৩-১৯ পদত লিপিবদ্ধ কৰা ভৱিষ্যতবাণীমূলক দৰ্শনৰ পূৰ্ণতাত কেনেকৈ জড়িত হৈ আছে?
৩. ঈশ্বৰৰ বাৰ্ত্তা কাৰ্য্যকাৰীৰূপে প্ৰচাৰ কৰিবলৈ আপুনি কেনে প্ৰশিক্ষণ লাভ কৰিছে?
৪. প্ৰকাশকসকলৰ বাবে কেনে সঁজুলি উপলব্ধ কৰা হৈছে যাৰ বাবে তেওঁলোকে কাৰ্য্যকাৰীৰূপে তেওঁলোকৰ পৰিচৰ্য্যা কাৰ্য্য সম্পন্ন কৰিব পাৰিছে?
৫, ৬. কিহে প্ৰকাশ কৰিছে যে যিহোৱাৰ লোকসকলৰ ওচৰত স্বৰ্গীয় সমৰ্থন আছে?