প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
ভাগ ৬: বিদ্যাৰ্থীসকলে যেতিয়া কোনো প্ৰশ্ন সোধে
১ এবাৰ বাইবেল অধ্যয়ন আৰম্ভ হোৱাৰ পিছত ইটোৰ পৰা সিটো বিষয়ত জঁপিয়াই ফুৰাৰ পৰিৱৰ্তে সুশৃঙ্খলাবদ্ধভাৱে বাইবেল শিক্ষাবোৰ শিকোৱা আৱশ্যক। ইয়ে বিদ্যাৰ্থীজনক যথাৰ্থ জ্ঞানৰ বুনিয়াদ গঢ়ি আধ্যাত্মিকভাৱে উন্নতি কৰাত সহায় কৰিব। (কল. ১:৯, ১০) কিন্তু যদি বিদ্যাৰ্থীজনে অধ্যয়নৰ সময়ছোৱাত বিভিন্ন বিষয়বোৰত প্ৰশ্ন সোধে, তেন্তে কি কৰিব পাৰি?
২ বিবেচক হোৱা: অধ্যয়ন বিষয়টোৰ সৈতে জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ তেতিয়াই দিয়া আৱশ্যক। যদি প্ৰশ্নবোৰৰ উত্তৰ পিছৰ অধ্যয়নত আলোচনা কৰিবলগীয়া বিষয়ত আছে, তেন্তে বিদ্যাৰ্থীজনক আমি উত্তৰটো পিছৰবাৰ আলোচনা কৰাৰ সময়ত পাম বুলি কোৱা আৱশ্যক। যদি বিদ্যাৰ্থীজনে কৰা প্ৰশ্নবোৰ অধ্যয়ন বিষয়টোৰ সৈতে সম্পৰ্ক নাই বা যাৰ সঠিক উত্তৰৰ বাবে অনুসন্ধান কৰা আৱশ্যক তেতিয়া অধ্যয়নৰ পিছত অথবা আন কোনো সময়ত সেই প্ৰশ্নটো বিবেচনা কৰিলে উত্তম হʼব। কিছুমান পৰিচালকে সেই প্ৰশ্নবোৰ এখন কাগজত লিখি ৰাখে আৰু তেনে কৰাৰ দ্বাৰা বিদ্যাৰ্থীজনে নিশ্চিত হয় যে পৰিচালকে সেই প্ৰশ্নটোক গভীৰতাৰে লৈছে। এনে কৰাৰ দ্বাৰা আমাৰ অধ্যয়নৰ মূল উদ্দেশ্যৰ পৰা আঁতৰি যোৱাৰ পৰা বিৰত থাকিব পাৰিম।
৩ আমাৰ মূল অধ্যয়নৰ সাহিত্যবোৰত বহুত বাইবেলীয় শিক্ষাক চমূকৈ আলোচনা কৰা হৈছে। যদি বিদ্যাৰ্থীজনে কোনো বিশেষ শিক্ষা বা মিছা বিশ্বাসৰ বিষয়ে থকা শিক্ষাক গ্ৰহণ কৰিবলৈ কঠিন বুলি ভাবে তেন্তে কি কৰিব পাৰি? বাইবেলে সেই বিষয়টোৰ সম্পৰ্কে কি কৈছে এই সম্বন্ধে অতিৰিক্ত বিষয়বস্তুৰ পৰা সম্পূৰ্ণকৈ আলোচনা কৰাটো লাভজনক হʼব। বিদ্যাৰ্থীজনে যদি তেতিয়াও প্ৰত্যয় যোৱা নাই, তেন্তে বিষয়টো আন এটা সময়ৰ বাবে এৰি তেওঁৰ সৈতে অধ্যায়টো আলোচনা কৰিব লাগে। (যোহ. ১৬:১২) বিদ্যাৰ্থীজনৰ যেনেকৈ জ্ঞান বৃদ্ধি হʼব আৰু আধ্যাত্মিকৰূপে উন্নতি কৰিব, তেতিয়া তেওঁ বাইবেলৰ শিক্ষাবোৰ বুজিব পাৰিব।
৪ বিনম্ৰ হওক: যদি আপুনি কোনো প্ৰশ্নৰ উত্তৰ দিবলৈ নিশ্চিত নহয়, তেন্তে নিজৰ কোনো অভিমত বা ভুল উত্তৰ দিয়াৰ পৰা বিৰত থাকক। (২ তীম. ২:১৫; ১ পিত. ৪:১১) বিদ্যাৰ্থীজনক কওক যে সেই প্ৰশ্নটোৰ বিষয়ে আপুনি অনুসন্ধান কৰিব আৰু পিছৰবাৰত ইয়াৰ উত্তৰ দিব। তদুপৰি আপুনি হয়তো সেই বিদ্যাৰ্থীজনে কেনেকৈ তেওঁ কৰা প্ৰশ্নৰ অনুসন্ধান নিজেই কৰিব সেই বিষয়ে শিকাব পাৰে। ক্ৰমান্বয়ে বিদ্যাৰ্থীজনক আপুনি যিহোৱাৰ সংগঠনে প্ৰবন্ধ কৰা বিভিন্ন অনুসন্ধানমূলক সহায়বোৰ দেখুৱাব পাৰে। এইদৰে কৰাৰ দ্বাৰা এটা সময়ত বিদ্যাৰ্থীজনে নিজেই নিজৰ প্ৰশ্নৰ উত্তৰ বিচাৰি উলিয়াব পাৰিব।—পাঁচ. ১৭:১১.