চিৰস্থায়ী লাভৱান কৰি তুলা এখন ভিডিঅ’
দায়ূদে ঈশ্বৰৰ ওপৰত ভাৰসা ৰাখিলে নামৰ ভিডিঅʼখনে আমাক কেনে সংবাদ দিলে? একেইদৰে আমিও দায়ূদৰ দৰে যিহোৱা ঈশ্বৰক ভাৰসা কৰা উচিত। (গীত ৯১:২) দায়ূদৰ জীৱনত ঘটা গুৰুত্বপূৰ্ণ ঘটনাবোৰে সৰু হওক বা ডাঙৰ হওক সকলোকে তেওঁ ৰাখা আৰ্হিৰ পৰা শিকিবলৈ সহায় কৰিব। (গীত ৩১:১৪) এই ডিভিডিৰ পৰা আমি অধিককৈ লাভৱান হʼবলৈ এটা অতিৰিক্ত “ভিডিঅ’ কুইজ” আৰু বহুতো “শিকিবলগীয়া প্ৰবন্ধৰ” ব্যৱস্থা কৰা হৈছে।
ভিডিঅʼখন চাওক আৰু নিজকে এই এইদৰে সোধক: (১) যিহোৱা ঈশ্বৰে কিয় এজন উত্তম ৰজাৰ বাছনি কৰিলে? (১ চমূ. ১৫:১০, ১১; ১৬:১) (২) ঈশ্বৰে কিয় দায়ূদৰ আন ভায়েকবিলাকক বাছনি নকৰিলে? (১ চমূ. ১৬:৬, ৭) (৩) চৌলে কিয় দায়ূদে বীণা বজোৱাটো পছন্দ কৰিছিল? (১ চমূ. ১৬:১৪-২৩) (৪) গলিয়াথ কোন আছিল? (১ চমূ. ১৭:৪-১০) (৫) দায়ূদে কিয় গলিয়াথৰ সৈতে যুদ্ধ কৰিবলৈ বিচাৰিছিল? (১ চমূ. ১৭:২৩, ২৪, ৩৬, ৩৭) (৬) যোনাথন কোন আছিল? (১ চমূ. ১৪:১) (৭) কোন সময়ৰ পৰা চৌলে দায়ূদৰ ঘোৰ শত্ৰু হৈ পৰিল? (১ চমূ. ১৮:২৫-২৯) (৮) দায়ূদে কিয় চৌলক বধ নকৰিলে? (১ চমূ. ২৬: ৭-১১) (৯) চৌলৰ কেনেকৈ মৃত্যু হʼল? (১ চমূ. ৩১:১-৬) (১০) যোনাথনৰ মৃত্যুত দায়ূদে কেনে মনোভাৱ দেখুৱালে? (২ চমূ. ১:১১, ১২) (১১) যিহোৱা ঈশ্বৰে দায়ূদক কেনে প্ৰতিজ্ঞা কৰিছিল? (২ চমূ. ৭:১২, ১৩, ১৬; ১১:১-৫, ১৪-১৭) (১৩) দায়ূদে যি ভুল কৰিলে তাৰ বাবে অতি দুখিত আছিল বুলি কেনেকৈ প্ৰকাশ কৰিলে? (গীত ৫১) (১৪) ডেকা চলোমনক দায়ূদে কেনে শিক্ষাদান কৰিছিল? (১ ৰাজা. ২:১-৪; ১ বং. ২২:৬-১৩; ১ বং. ২৮:৯, ১০) (১৫) যীচুৰ শাসনে দায়ূদ, যোনাথন আৰু আপোনাক কেনেকৈ লাভৱান কৰিব? (যিচ. ১১:৬-৯; যোহ. ১১:২৫, ২৬)
দায়ূদে ঈশ্বৰৰ ওপৰত ৰাখা ভাৰসাৰ আৰ্হিক আপুনি কেনেকৈ ব্যক্তিগতভাৱে অনুকৰণ কৰিব পাৰে, সেই বিষয়ে এতিয়া বিবেচনা কৰিছেনে?
দায়ূদে ঈশ্বৰক ভাৰসা কৰা চিৰস্থায়ী গুৰুত্বতাৰ বিষয়ে পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ মনত প্ৰবিষ্ট কৰিব পাৰে।—গীত ৫৬:১১.