একেৰাহে প্ৰচাৰ কাৰ্য্যত লাগি থাকক
১ আমি এই জগতৰ শেষ, অৰ্থাৎ ভয়ঙ্কৰ সময়ত বাস কৰিছোঁ। সেয়েহে আজি নাগৰিক বিৰোধিতা, জাতিগত সংঘৰ্ষ, প্ৰাকৃতিক দুৰ্যোগ আৰু আন আন ভয়াবহ ঘটনাবোৰ আগতকৈ অধিক দেখিবলৈ পোৱাতো এটা সাধাৰণ বিষয় হৈ পৰিছে। তদুপৰি আধ্যাত্মিক বিষয়ৰ প্ৰতি থকা লোকসকলৰ হাবিয়াহো ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। কিছুমান ঠাইত প্ৰায়ে লোকবিলাকক ঘৰত লগ পোৱা নাযায় আৰু ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা শুনিবলৈ অনিচ্ছুক নাইবা বাইবেল অধ্যয়ন কৰিবলৈ আগ্ৰহী নহয়। তথাপিও আমি ঈশ্বৰৰ ৰাজ্য নহালৈকে একেৰাহে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত লাগি থকাটো হৈছে এক অত্যাৱশ্যক কৰ্তব্য।—মথি ২৪:১৪.
২ লোকসকলৰ প্ৰতি থকা প্ৰেম: আমাৰ প্ৰচাৰ কাৰ্য্যই মানুহৰ প্ৰতি থকা যিহোৱাৰ প্ৰেমৰ ওপৰত লোকসকলক আকৰ্ষিত কৰে। তেওঁৰ ইচ্ছা এই যে, “কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন-পালটনত প্ৰবৃত্ত হয়।” (২ পিত. ৩:৯; যিহি. ৩৩:১১) কিয়নো যিহোৱা ঈশ্বৰে এইদৰে ৰায় দিছে, যাৰ বিষয়ে যীচুৱে কৈছিল যে, “প্ৰথমে সকলো জাতিৰ আগত শুভবাৰ্ত্তা প্ৰচাৰিত হব লাগে।” (মাৰ্ক ১৩:১০) ঈশ্বৰে লোকবিলাকক চয়তানৰ জগতত আহিবলগীয়া ন্যায়-বিচাৰৰ পৰা ৰক্ষা পাবলৈ নিজ নিজ মন পালটন কৰিবলৈ অনুৰোধ কৰিছে। (যোৱে. ২:২৮, ২৯, ৩২; চফ. ২:২, ৩) যিহোৱাই আমালৈ তেনে সুযোগ আগবঢ়োৱাৰ বাবে আমি কৃতজ্ঞ নহওঁনে?—১ তীম. ১:১২, ১৩.
৩ বিশ্বজুৰি ২০০৪ চনৰ সেৱা বছৰৰ ৰিপোৰ্টে দেখুৱাইছে যে, গড় হিচাপে ৬০,৮৫,৩৮৭ জন ব্যক্তিৰ সৈতে প্ৰকাশকসকলে প্ৰত্যেক মাহত বাইবেল অধ্যয়ন আৰু গড় হিচাপে প্ৰায় ৫,০০০ জনে প্ৰত্যেক সপ্তাহে বাপ্তিষ্মা লৈ নতুন শিষ্য হৈছে! প্ৰকাশকসকলক নিযুক্ত কৰা এলেকাত একেৰাহে প্ৰত্যেকজনক শুভবাৰ্ত্তা শুনাবলৈ কৰা প্ৰচেষ্টা যিহোৱাই কৰা আশীৰ্ব্বাদৰ বাবে নতুনকৈ হোৱা শিষ্যসকলৰ কিছুমানে সত্য শিকিব পাৰিলে। সেইবাবে মণ্ডলীয়ে অধিক আনন্দ প্ৰদান আৰু জীৱন-ৰক্ষক কাৰ্য্যত ভাগ লʼবলৈ পোৱাটো এক বিশেষাধিকাৰ নহয়নে বাৰু!—১ কৰি. ৩:৫, ৬, ৯.
৪ ঈশ্বৰৰ নাম স্তুতি কৰা: আমি সকলো মানুহৰ আগত যিহোৱা ঈশ্বৰৰ নাম পবিত্ৰকৰণ আৰু ৰাজহুৱাভাৱে তেওঁক স্তুতি কৰিবলৈ একেৰাহে প্ৰচাৰ কাৰ্য্যত প্ৰচেষ্টা কৰা আৱশ্যক। (ইব্ৰী ১৩:১৫) মানুহৰ সমস্যাবোৰ সমাধান কৰাত ঈশ্বৰৰ শক্তি নাই, তেওঁ মানুহৰ দুখ-কষ্টৰ প্ৰতি যত্নহীন বা তেওঁ অস্তিত্বত নাই বুলি বিশ্বাস কৰিবলৈ চয়তানে “জগতৰ ভ্ৰান্তি জন্মায়।” (প্ৰকা. ১২:৯) আমি প্ৰচাৰ কাৰ্য্যৰ দ্বাৰা আমাৰ মহান পিতৃৰ বিষয়ে সত্যতা প্ৰকাশ কৰোঁ। এতেকে আঁহক আমি একেৰাহে এতিয়া আৰু চিৰকালৰ বাবে যিহোৱা ঈশ্বৰৰ নাম মহিমা কৰোঁহঁক।—গীত ১৪৫:১, ২.