আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ মাৰ্চ ১
“বৰ্তমান সময়ত লোকসকলে সম্মুখীন হোৱা ভৌতিক সমস্যাবোৰৰ সমাধান কৰাত সঠিক নিৰ্দ্দেশনা কোনে প্ৰদান কৰিব পাৰে বুলি আপুনি ভাবে? [উত্তৰৰ বাবে খন্তেক ৰওক। তাৰ পিছত কলচীয়া ৩:১৪ পদটো পঢ়ক আৰু আলোচনীখনৰ ১৮ পৃষ্ঠা খুলি দেখুৱাক।] এই আলোচনীখনে বৈবাহিক দম্পতীসকলৰ সহায়ৰ বাবে ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াইছে।”
সচেতন! মাৰ্চ ২২
“বহুতে পৰ্ব্বতবোৰৰ সুন্দৰতা দেখি ভাল পায়। কিন্তু আপুনি জানেনে যে পৃথিৱীত জীৱ-জন্তুৰ বাবে সেইবোৰৰ অতি আৱশ্যক? [উত্তৰৰ বাবে খন্তেক ৰওক।] এই আলোচনীখনত আলোচনা কৰা হৈছে যে আমাক কিয় সেইবোৰৰ আৱশ্যক আৰু বৰ্তমানে পৰ্ব্বতবোৰৰ সৈতে কি ঘটিছে। তদুপৰি ইয়াত এইটোও কোৱা হৈছে যে সৃষ্টকৰ্ত্তাই কেনেকৈ সেই গুৰুত্বপূৰ্ণ উৎসক ৰক্ষা কৰিব।” গীত ৯৫:৪ পদটো পঢ়ক।
প্ৰহৰীবুৰুজ এপ্ৰিল ১
“গোটেই বিশ্বৰ লোকসকলে যীচুৰ শিক্ষা শুনি প্ৰশংসা কৰে। [আলোচনীখনৰ ৩ পৃষ্ঠাৰ ১ অনুচ্ছেদত দিয়া উদ্ধৃতিটো পঢ়ক।] কিন্তু আপুনি ভাবেনে যে শাস্ত্ৰত পোৱা দৃষ্টান্তবোৰৰ যোগেদি লাভ কৰা শিক্ষাবোৰ বৰ্তমান সময়ৰ বাবে ব্যৱহাৰিক? [মথি ৫:২১, ২২ পদটো পঢ়ক। তাৰ পিছত উত্তৰৰ বাবে খন্তেক ৰওক।] যীচুৰ শিক্ষাসমূহৰ পৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ, এই বিষয়ে আলোচনীখনত বিবেচনা কৰা হৈছে।
সচেতন! এপ্ৰিল ৮
“কিশোৰ অৱস্থাত সম্মুখীন হোৱা সমস্যাবোৰৰ পৰা বিৰত থাকিবলৈ পিতৃ-মাতৃয়ে কেনেকৈ তেওঁলোকৰ লʼৰা-ছোৱালীক সহায় কৰিব পাৰে, এই বিষয়ে আপুনি কি ভাবে? [উত্তৰৰ বাবে খন্তেক ৰওক। তাৰ পিছত যিচয়া ৪৮:১৭, ১৮ পদটো পঢ়ক।] এই আলোচনীখনত সহায় আগবঢ়াইছে যে কেনেকৈ পিতৃ-মাতৃয়ে লʼৰা-ছোৱালীৰ সৈতে উত্তমৰূপে কথোপকথন আৰু তেওঁলোকৰ বাবে এক ব্যৱহাৰিক সীমা নিৰ্দ্ধাৰিত কৰিব পাৰে।”