আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ মাৰ্চ ১
“আপুনি ভাবেনে যে যীচুৰ শিক্ষাসমূহ আজিও আমাৰ বাবে ব্যৱহাৰিক? [উত্তৰ বাবে ক্ষন্তেক ৰওক।] যীচুৱে পৃথিৱীত অতিবাহিত কৰা শেষ সময়ছোৱাত দিয়া আজ্ঞৰ সৈতে আপুনি নিশ্চয়ে মান্তি হʼব। [যোহন ১৫:১২ পদটো পঢ়ক।] সেই সময়ছোৱাত যীচুৱে লোকসকলক আন লাভজনক শিক্ষাও প্ৰদান কৰিছিল। এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনে দেখুৱাইছে যে কেনেকৈ আমি সেইবোৰৰ পৰা লাভবান হʼব পাৰোঁ।”
সচেতন! মাৰ্চ ২২
“আপুনি লক্ষ্য কৰিব পাৰিছেনে যে বৰ্তমান সময়ত বহুতো লোকে শান্তিমনে শুব নোৱাৰে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] ইয়াৰ কাৰণ হৈছে লোকসকলে অধিক চিন্তিত বা দুশ্চিন্তাগ্ৰস্ত। [উপদেশক ৫:১২ পদটো পঢ়ক।] এই আলোচনীখনত নিদ্ৰাৰ অভাবৰ কিছুমান কাৰণৰ বিষয়ে উল্লেখ আৰু আমি কেনেকৈ ভালকৈ টোপনি যাব পাৰোঁ তাৰ কিছুমান ব্যৱহাৰিক সহায় প্ৰদান কৰিছে।”
প্ৰহৰীবুৰুজ মাৰ্চ ১
“আগতে কেতিয়াও আমি ইমান অনিৰাপদ অনুভৱ কৰা নাছিলোঁ। আপুনি বিবেচনা কৰেনে যে বৰ্তমানৰ সমস্যাসমূহক সমাধান কৰিবলৈ আমি কোনোবা এজনক ভাৰসা কৰিব পাৰোঁ? [ক্ষন্তেক ৰওক আৰু গীতমালা ১৪৬:৩-৫ পদটো পঢ়ক।] আমাৰ সৃষ্টিকৰ্ত্তাই প্ৰতিজ্ঞা কৰিছে যে এনে এটা সময় আহিব যেতিয়া পৃথিৱীখনৰ পৰা সকলো সমস্যা দূৰ কৰা হʼব। এই আলোচনীখনে [১৩ পৃষ্ঠাত দিয়া বিষয়টো দেখুৱাউক।] বৰ্ণনা কৰিছে যে কিয় আমি ঈশ্বৰক ভাৰসা কৰিব পাৰোঁ।”
সচেতন! এপ্ৰি. ৮
“বহুতো যুৱক-যুৱতীয়ে ড্ৰাগছ্ লোৱাৰ দ্বাৰা নিজৰ জীৱনটো ধ্বংস কৰিছে। এইটো এটা দুখৰ বিষয় নহয়নে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] সমস্যাটো কেৱল তেতিয়াহে হোৱা দেখা যায় যেতিয়া যুৱক-যুৱতীসকলে বেয়া লোকসকলৰ সৈতে আত্মীয়তা গঢ়ি তুলে। [১ কৰিন্থীয়া ১৫:৩৩ পদটো পঢ়ক।] এই সংখ্যাৰ সচেতন! আলোচনীখনে আলোচনা কৰিছে যে কেনে সঙ্গতিত পৰি ডেকা ব্যক্তিসকলে ড্ৰাগছ্ সেৱন কৰিবলৈ আৰম্ভ কৰে আৰু পিতৃ-মাতৃয়ে তেওঁলোকক সুৰক্ষা দিবলৈ কি কৰিব পাৰে।”