নিজকে প্ৰচাৰ কাৰ্য্যত ব্যস্ত ৰাখক!
১ ঈশ্বৰৰ ইচ্ছা এই যে, “সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।” (১ তীম. ২:৪) সেইবাবে তেওঁ আমাক শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ দায়িত্ব দিলে, যাতে আমি সেই শুভবাৰ্ত্তা প্ৰচাৰৰ যোগেদি লোকসকলক উদ্ধাৰৰ আশা দিওঁ। (মথি ২৪:১৪) গতিকে আমি এই প্ৰচাৰ কাৰ্য্য কিয় কৰিছোঁ তাৰ গভীৰতাৰ প্ৰতি সদায়ে মনোযোগ দিয়া উচিত, অন্যথা আমি অতি সোনকালে নিৰাশ হৈ পৰিম বা আন আন চিন্তাবোৰে আমাক এই কাৰ্য্য কৰাত বাধা দিব পাৰে।
২ আমি কিয় প্ৰচাৰ কাৰ্য্যৰ বাবে একেৰাহে চেষ্টা কৰা উচিত? এই জগতৰ লোকসকলে বিভিন্ন প্ৰকাৰৰ সমস্যা আৰু চিন্তাত আবদ্ধ হৈ থকাৰ বাবে আমি কোৱা সকলোবোৰ কথা তেওঁলোকে মনত ৰাখিব নোৱাৰে। সেইকাৰণে আমি তেওঁলোকক ঈশ্বৰৰ বাৰ্ত্তাৰ বিষয়ে বাৰে বাৰে কৈ থকা আৱশ্যক। (মথি ২৪:৩৮, ৩৯) তদুপৰি, আমি জানো যে লোকসকলৰ পৰিস্থিতি সদায়ে একে অৱস্থাত নাথাকে। আনকি পৃথিৱীখনৰ পৰিস্থিতিও একে ৰাতিৰ ভিতৰতে নাটকীয়ভাৱে সলনি হʼব পাৰে। (১ কৰি. ৭:৩১) কোনে জানে যে অহা কালিলৈ বা অহা সপ্তাহত আমি প্ৰচাৰ কৰা লোকসকলৰ পৰিস্থিতি কেনে হʼব! হয়তো তেওঁলোকে সন্মূখীন হোৱা নতুন সমাস্যসমূহৰ বাবে আমাৰ বাৰ্ত্তাৰ প্ৰতি গভীৰভাৱে মনোযোগ দিব পাৰে। আপুনি যি ভাই-ভনীসকলৰ বাবে ঈশ্বৰৰ সত্য জ্ঞান পালে তেওঁলোকৰ প্ৰতি কৃতজ্ঞ নহবনে?
৩ ঈশ্বৰে প্ৰকাশ কৰা মহান দয়াৰ অনুসাৰে কাৰ্য্য কৰক: যিহোৱাই ধৈৰ্য্যশীল হোৱাৰ বাবে এতিয়ালৈকে দুষ্ট জগতখনক ধ্বংস কৰা নাই। তেওঁ আমাৰ যোগেদি নম্ৰ হৃদয়ৰ লোকসকলক অনুৰোধ কৰিছে যে যাতে তেওঁলোকে ঈশ্বৰৰ কাষ চাপি আহে আৰু এই জগতৰ ধ্বংসৰ পৰা ৰক্ষা পায়। (২ পিত. ৩:৯) যদি তেওঁলোকক ঈশ্বৰৰ এই বাৰ্ত্তাৰ বিষয়ে নকওঁ, তেনেহʼলে আমি তেওঁলোকৰ তেজৰ দোষী হʼম। (যিহি. ৩৩:১-১১) গতিকে লোকসকলে শুনক বা নুশুনক, আমি প্ৰচাৰ কাৰ্য্যৰ বাবে কেতিয়াও অৱহেলা কৰা উচিত নহয়। কিয়নো তেনে কৰিলেহে সেই নম্ৰ মনৰ লোকসকলে ঈশ্বৰৰ মহান দয়াৰ পৰা লাভৱান হʼব পাৰিব।—পাঁচ. ২০:২৬, ২৭; ৰোমী. ১২:১১.
৪ প্ৰেম প্ৰদৰ্শন কৰক: যিহোৱা ঈশ্বৰে যীচুৰ যোগেদি গোটেই পৃথিৱীত প্ৰচাৰ কৰিবলৈ আমাক এক বিশেষ আজ্ঞা দিছে। (মথি ২৮:১৯, ২০) গতিকে, যদিও লোকসকলে ঈশ্বৰৰ বাৰ্ত্তা শুনিবলৈ অস্বীকাৰ কৰে, তথাপিও আমি প্ৰচাৰ কাৰ্য্যত ব্যস্ত থাকি এইটো প্ৰকাশ কৰিম যে আমি লোকসকলক প্ৰেম কৰোঁ আৰু ঈশ্বৰৰ প্ৰতি নিষ্ঠা বজাই ৰাখোঁ।—১ যোহ. ৫:৩.
৫ সেয়েহে আঁহক আমি সকলোৱে এইটো ঠিৰাং কৰোঁ যে যেতিয়ালৈকে যিহোৱাৰ “পৰিত্ৰাণৰ দিন” নাহে, তেতিয়ালৈকে আমি সম্পূৰ্ণ উৎসাহেৰে প্ৰচাৰ কাৰ্য্যত ব্যস্ত থাকোঁহঁক!—২ কৰি. ৬:২.