“উচিত সময়ত কোৱা বাক্য”
১ আনক ৰাজ্যৰ বাৰ্ত্তাৰ বিষয়ে কোৱাটো আপোনাৰ বাবে প্ৰত্যহ্বানজনক নে? আপুনি কেতিয়াবা এনে অনুভৱ কৰিছেনে যে কেনেধৰণৰ কথা-বতৰাই প্ৰচাৰ ক্ষেত্ৰত লগ পোৱা লোকসকলক প্ৰভাৱিত কৰিব? এই সংক্ৰান্তত যীচুৱে এক উত্তম আৰ্হি প্ৰস্তুত কৰিছিল, তেওঁ শিষ্যসকলক শুভবাৰ্ত্তা প্ৰচাৰৰ বাবে পঠিওৱাৰ সময়ত এইদৰে কৈছিল: “আৰু যাওঁতে যাওঁতে, ঘোষণা কৰি কবা, স্বৰ্গৰাজ্য ওচৰ হল।” (মথি ১০:৭) সেই বাৰ্ত্তা অতি সৰল আৰু সহজ ভাষাৰে প্ৰস্তুত কৰা হৈছিল। ঠিক একেইদৰে বৰ্তমান সময়টো আমি শুভবাৰ্ত্তাক সহজ আৰু সৰল ভাষাত কোৱা উচিত।
২ কেনেকৈ লোকসকলৰ সৈতে কথা-বতৰা আৰম্ভ কৰিব পাৰি? মাত্ৰ কেইটামান বাক্যৰ যোগেদিও লোকসকলৰ সৈতে কথা-বতৰা আৰম্ভ কৰিব পাৰি। উদাহৰণস্বৰূপে, যেতিয়া ফিলিপে এজন নপুংসক ব্যক্তিক সাক্ষাৎ কৰে তেতিয়া তেওঁক এইদৰে সুধিছিল: “আপুনি যি পঢ়িছে তাক বুজিছে নে?” (পাঁচ. ৮:৩০) গতিকে ‘উচিত সময়ত কোৱা বাক্যৰ’ পৰিণাম কিযে ফলদায়ক আছিল!—হিতো. ২৫:১১.
৩ আমিও প্ৰচাৰ কাৰ্য্যত ঠিক একেইদৰে কথা-বতৰা আৰম্ভ কৰিব পাৰোঁ। কেনেকৈ এইদৰে কৰিব পাৰোঁ? আমি বুদ্ধিমান হৈ পৰিস্থিতিৰ অনুসৰি সঠিক শব্দ ব্যৱহাৰ কৰাৰ দ্বাৰাই কৰিব পাৰোঁ। প্ৰথমতে প্ৰশ্ন সোধক আৰু তেওঁলোকে যি কয় তাৰ প্ৰতি ধ্যান দিয়ক।
৪ আপুনি সুধিব পৰা ব্যৱহাৰিক প্ৰশ্নসমূহ: কথা-বতৰা আৰম্ভ কৰিবলৈ আপুনি তলত দিয়া যি কোনো এটা প্ৰশ্ন সুধিব পাৰে:
▪ “আপুনি আপোনাৰ উপাসনাত প্ৰভু (বা পিতৃ) প্ৰাৰ্থনা কৰেনে?” (মথি ৬:৯, ১০) প্ৰাৰ্থনাত কোৱা কিছুমান বিষয়ক উল্লেখ কৰি কওঁক: “কিছুমানে সুধে যে ‘ঈশ্বৰৰ নাম কি, যাৰ বিষয়ে যীচুৱে পবিত্ৰ (বা সন্মান) কৰিবলৈ কৈছিল?’ আন কিছুমানে সুধে, ‘সেই ৰাজ্য কি যাৰ বিষয়ে যীচুৱে আমাক প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল?’ আপুনি কেতিয়াবা এনে প্ৰশ্নসমূহৰ সঠিক উত্তৰ পোৱাত সক্ষম হৈছেনে?”
▪ “‘আমাৰ জীৱনৰ উদ্দেশ্য কি?’ এই বিষয়ে ভাবি আপুনি কেতিয়াবা আচৰিত হৈছেনে?” একমাত্ৰ ঈশ্বৰৰ জ্ঞানৰ যোগেদিহে এই প্ৰশ্নটোৰ উত্তৰ পাব পাৰি, এই বিষয়ে গৃহস্থজনক বৰ্ণনা কৰি কওঁক।—উপ. ১২:১৩; যোহ. ১৭:৩.
▪ “কেতিয়াবা আপুনি ভাবিছেনে যে এনে এটা দিন আহিব যেতিয়া মানুহৰ মৃত্যু নহব?” ইয়াৰ উত্তৰ দিবলৈ যিচয়া ২৫:৮ আৰু প্ৰকাশিত বাক্য ২১.৪ পদটো ব্যৱহাৰ কৰক।
▪ “বৰ্তমান সময়ত চলি থকা জাতিগত ঘৃণা, গৃহ যুদ্ধ আদি সমস্যাবোৰক কোনে সমাধান কৰিব পাৰে?” একমাত্ৰ ঈশ্বৰেহে কৰিব পাৰে, কিয়নো তেওঁ কৈছে যে “তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা।”—মথি ২২:৩৯.
▪ “আমাৰ পৃথিৱীখন কোনো গ্ৰহ বা নক্ষেত্ৰৰ সৈতে খুন্দা খাই ধ্বংস হবনে?” ইয়াৰ বিপৰীতে বাইবেলে প্ৰতিজ্ঞা কৰিছে যে পৃথিৱীখন সদায়ে স্থিৰ থাকিব।।—গীত. ১০৪:৫.
৫ ওপৰত উল্লেখ কৰা প্ৰস্তৱনাসমূহক ব্যৱহাৰ কৰি শুভবাৰ্ত্তাক সহজ আৰু সৰলভাৱে প্ৰস্তুত কৰক। অৱশ্যেই, তেওঁৰ “বাক্যক” প্ৰস্তুত কৰিবলৈ আপুনি কৰা চেষ্টাত যিহোৱাই নিশ্চয় আপোনাক আশীৰ্ব্বাদ কৰিব।