পৰিচৰ্য্যা সভাৰ তালিকা
নবেম্বৰ ১৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৫৩
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ।
১৩ মি: কিংডম নিউজ নং ৩৬ বিতৰণ কৰা সময়ত হোৱা অভিজ্ঞতাৰ সম্পৰ্কে কওঁক। এই বিষয়ে বিভিন্ন প্ৰচাৰকক কিংডম নিউজ বিতৰণ কৰা সময়ত পোৱা অনুভৱবোৰৰ বিষয়ে কবলৈ আমন্ত্ৰণ কৰক। সেই ট্ৰ্যাক্ট বিতৰণৰ বাবে সহযোগী আৰু নিয়মিত অগ্ৰগামীসকলে অতিবাহিত কৰা অধিক সময় আৰু বিভিন্ন প্ৰচাৰকৰ সৈতে কাৰ্য্য কৰি পোৱা অভিজ্ঞতাৰ বিষয়ে কবলৈ আমন্ত্ৰন কৰক।
২২ মি: ৰিজিনিং কিতাপত দিয়া পৰামৰ্শসমূহক সঠিভাৱে ব্যৱহাৰ কৰক। প্ৰশ্ন আৰু উত্তৰ দ্বাৰা ৭-৮ পৃষ্ঠালৈকে আলোচনা কৰক। প্ৰচাৰ কাৰ্য্যত সফলতা পোৱাত সহায় কৰিবলৈ এই কিতাপখনক কেনেকৈ ব্যৱহাৰিকৰূপে প্ৰস্তুত কৰা হৈছে, তাৰ বিষয়ে মন্তব্য দিয়ক। এই কিতাপখন ব্যৱহাৰ কৰি টেলিফোনৰ দ্বাৰা কেনেকৈ সাক্ষী দিব পৰা যায় এই বিষয়ে বৰ্ণনা কৰক। প্ৰদৰ্শন কৰি দেখুৱাক যে কেনেকৈ প্ৰশ্নৰ উত্তৰ দিবলৈ এই কিতাপখনে আমাক সহায় কৰে। সকলোকে এই কিতাপখনৰ সৈতে ভালদৰে পৰিচিত হবলৈ উৎসাহিত কৰক যাতে তেওঁলোকে সাক্ষী দিয়া কাৰ্য্যত নিতৌ ইয়াক ব্যৱহাৰ কৰিব পাৰে।
গীত ১৭৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
নবম্বেৰ ২০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১১১
১২ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। এতিয়ালৈকে কিমান ঠাইত প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰা হৈছে আৰু নবেম্বৰ ৩০ তাৰিখলৈকে সকলো স্থানতে প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰিবলৈ কি কৰা আৱশ্যক এই বিষয়ে চমূকৈ এটা বিবৰণী দাঙি ধৰক।
১৩ মি: প্ৰশ্ন বক্স। এজন প্ৰাচীনৰ দ্বাৰা ভাষণ।
২০ মি: “নিজকে প্ৰচাৰ কাৰ্য্যত ব্যস্ত ৰাখক!” ভাষণ আৰু সাক্ষ্যাতকাৰ। এনে ভাই-ভনীসকলৰ সাক্ষ্যাতকাৰ গ্ৰহণ কৰক যিসকলে দীৰ্ঘ সময় ধৰি যিহোৱাৰ সংগঠনৰ সৈতে সঙ্গতি আৰু প্ৰচাৰ কৰি আছে। ইয়াৰ উপৰিও তেওঁলোকক কবলৈ কওঁক যে কিহে সঠিক মনোবৃত্তি বজাই ৰাখি আনন্দ লাভ কৰাত সহায় কৰিছে। (জ্ঞান কিতাপ, ১৭৯ পৃষ্ঠ, ২০ অনুচ্ছেদ আৰু মে’ ১, ১৯৯২, প্ৰহৰীদুৰ্গ, ২১-২২ পৃষ্ঠাৰ ১৪-১৫ অনুচ্ছেদটো চাওঁক।) এনে এজন প্ৰচাৰকক আমন্ত্ৰন কৰক যিজনে বহু বছৰৰ পৰা উৎসাহেৰে প্ৰচাৰ কৰি আছে।
গীত ১৪১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা
নবম্বেৰ ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৪
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে নবম্বেৰ মাহৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। ডিচেম্বৰ মাহত নিউ ৰ্ৱল্ড ট্ৰান্চলেশ্ব্যান্ʼৰ সৈতে জ্ঞান কিতাপখন বিতৰণ কৰা হʼব। ব্যাখ্যা কৰক যে যিহোৱাৰ সাক্ষীসকলে কেনেকৈ অধিক ভাষাত বাইবেল উপলব্ধ কৰাত মুখ্য ভূমিকা আদায় কৰে।—অক্টোবৰ ১৫, ১৯৯৭, প্ৰহৰীদুৰ্গ ১১-১২ পৃষ্ঠাত চাওঁক।
২০ মি: “লোকসকলক আগ্ৰহী কৰি তুলিবলৈ কিংডম নিউজ নং ৩৬ ব্যৱহাৰ কৰক।” প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা ১-৫ অনুচ্ছেদলৈকে আলোচনা কৰক। যি স্থানবিলাকত এতিয়ালৈকে প্ৰচাৰ কাৰ্য্য হোৱা নাই, তাত কাৰ্য্য কৰিবলৈ কি ব্যৱস্থা কৰা হৈছে তাৰ বিষয়ে কওঁক। ৭ আৰু ৮ অনুচ্ছেদত পুনৰ সাক্ষাতৰ বাবে দিয়া উপস্থাপনবোৰক পুনৰ আলোচনা আৰু প্ৰত্যেকটো পৰামৰ্শক প্ৰদৰ্শন কৰি দেখুৱাওঁক। তাত বৰ্ণনা কৰা গুৰুত্বতাৰ প্ৰতি সকলোকে আগ্ৰহী আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰাত চেষ্টা কৰিবলৈ উৎসাহিত কৰক। ৯ অনুচ্ছেদত উল্লেখ কৰা বাইবেলৰ পদসমূহক আলোচনা কৰি শেষ কৰক।
১৫ মি: মই কেনেকৈ টিভি চোৱা অভ্যসক ত্যাগ কৰিব পাৰোঁ? প্ৰাচীনে এজন যুৱক ভাইৰ সৈতে আলোচনা কৰে, যিজনে অধিক সময় টিভি চোৱাত ব্যয় কৰে। প্ৰথমতে যুৱক ভাইজনে জোৰ দি কয় যে টিভি চোৱাত কোনো প্ৰকাৰৰ ক্ষতি নহয়। তেওঁ কয় যে টিভি মাত্ৰ মনোৰঞ্জনৰ বাবহে চাই। তেতিয়া প্ৰাচীনে তেওঁৰ সৈতে যুৱক যুৱতীয়ে সোধা কিতাপখনৰ ৩৬ অধ্যায়ৰ পৰা কিছুমান মুখ্য বিষয়ক আলোচনা কৰে। প্ৰাচীনজনে যুৱকজনক বৰ্ণনা কৰে যে অধিক মাত্ৰত টিভি চোৱা কাৰ্য্যই মূল্যৱান সময়ক নষ্ট কৰে। সেই সময়বোৰক ব্যক্তিগত অধ্যয়ন, প্ৰচাৰ কাৰ্য্য আৰু মণ্ডলীৰ বিভিন্ন কাৰ্য্যত সহায় কৰাত ব্যয় কৰিলে লাভজনক হʼব। প্ৰাচীনে দিয়া পৰামৰ্শৰ প্ৰতি ডেকা যুৱকজনে কৃতজ্ঞতা দেখুৱাই আৰু কয় যে তেওঁ আধ্যাত্মিক উন্নতিৰ কাৰণে টিভি চোৱা অভ্যাসক ত্যাগ কৰিব।
গীত ৬৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ডিচেম্বৰ ৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৮৯
১০ মি: স্থানীয় ঘোষণাসমূহ। “টেলিফোনৰ সৈতে সংযোগ থকা উত্তৰ দিয়া যন্ত্ৰৰ সৈতে কেনেকৈ কথোপকোথন কৰিব?”
১৫ মি: কিংডম নিউজ নং ৩৬ ট্ৰ্যাক্টৰ বিতৰণৰ সময়ত পোৱা অনুভৱবোৰৰ বিষয়ে কওঁক। কেনেকৈ সকলো স্থানত ট্ৰ্যাক্ট বিতৰণ কৰাত সফলতা প্ৰাপ্ত কৰিলে তাৰ বিষয়ে এক বিৱৰণী দাঙি ধৰক। মণ্ডলীৰ কোনো ভাই বা ভনীয়ে এই অভিযানৰ সময়ত প্ৰচাৰ কাৰ্য্যত প্ৰথমবাৰৰ বাবে ভাগ লৈছিল নে? তেওঁ কৰা কাৰ্য্যৰ বাবে গৃহস্থই কি দৰে সঠিক মন্তব্য দিছিল তাৰ বিষয়ে কবলৈ কওঁক। কোনা ভাই বা ভনীয়ে এই অভিযানৰ সময়ত বাইবেল অধ্যয়ন আৰম্ভ কৰাত সক্ষম হʼলনে? যদি বাইবেল অধ্যয়ন পোৱাত সক্ষম হʼল, তেন্তে বৰ্ণনা কৰিবলৈ কওঁক যে কেনেকৈ তেওঁ সফলতা প্ৰাপ্ত কৰিলে। সকলোকে আগ্ৰহী ব্যক্তিসকলক সাক্ষাৎ কৰি লাভ কৰা ইচ্ছুকতাক বজাই ৰাখিবলৈ উৎসাহিত কৰক।
২০ মি: “উচিত সময়ত কোৱা বাক্য।” শ্ৰোতাসকলৰ সৈতে আলোচনা আৰু প্ৰদৰ্শন। বহুতো ভাই-ভনীয়ে গৃহস্থৰ সৈতে কথোপকোথন আৰম্ভ কৰাত নিজকে অযোগ্য বুলি বোধ কৰে, সেইবাবে তেওঁলোকে ভাবে যে সফলতা পাবলৈ কোনো বিশেষ দক্ষতাৰ আৱশ্যক। বৰ্ণনা কৰক যে সৰু-বৰ সকলো প্ৰচাৰকে আগভাগ লোৱাত প্ৰচেষ্টা কৰি কেনেকৈ কথোপকোথন আৰম্ভ কৰিব পাৰে। তাত উল্লেখ কৰা প্ৰস্তুতিকৰণবোৰক পুনৰ আলোচনা কৰি ইয়াক স্পষ্টকৈ বুজাবলৈ দুজন বা তিনিজন প্ৰচাৰকৰ দ্বাৰা প্ৰদৰ্শন কৰি দেখুৱাক। এই বিষয়ে মাৰ্চ মাহৰ ১৯৯৮ চনৰ আমাৰ ৰাজ্যৰ পৰিচৰ্য্যা ৮ পৃষ্ঠাত চাওঁক, যʼত এই বিষয়ে অতিৰিক্ত প্ৰস্তুতিকৰণসমূহ দিয়া হৈছে যাক ব্যৱহাৰ কৰি সফলতা লাভ কৰিব পাৰে। সকলোকে সঠিক মনোবৃত্তি ৰাখি প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ কওঁক যাতে তেওঁলোকে পৰিচৰ্য্যা কাৰ্য্যত আনন্দ লাভ কৰিব পাৰে।
গীত ২১৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।