টেলিফোনৰ সৈতে সংযোগ থকা উত্তৰ দিয়া যন্ত্ৰৰ সৈতে কেনেকৈ কথোপকোথন কৰিব?
যি ঘৰবোৰত গৃহস্থক লগ পোৱা নাযায় বা যি লোকসকলে দুৰ্গ্যম স্থানত বাস কৰে, তেনে ব্যক্তিসকলক সাক্ষী দিবলৈ টেলিফোনেই হৈছে একমাত্ৰ মাধ্যম। যিহেতু, বেছিভাগ লোকেই টেলিফোনৰ দ্বাৰা উত্তৰ নিদিয়ে। কিন্তু তাৰ পৰিৱৰ্ত্তে তেওঁলোকৰ টেলিফোনৰ সৈতে এনে এক যন্ত্ৰ সংযোগ কৰা থাকে যিয়ে তেওঁলোকৰ হৈ উত্তৰ দিয়ে। তেনে পৰিস্থিতিত আপুনি কি কৰা আৱশ্যক? টেলিফোন ৰাখি দিয়াৰ পৰিৱৰ্তে আপুনি ভালকৈ তৈয়াৰ কৰি লিখি ৰাখা উত্তৰসমূহক টেলিফোনৰ দ্বাৰা পঢ়া প্ৰয়োজন। সেয়েহে সেই লিখনিক টেলিফোনত পঢ়াৰ আগতে ভালকৈ অভ্যাস কৰা আৱশ্যক। আপুনি গৃহস্থৰ উত্তৰ দিয়া যন্ত্ৰত কি কি বিষয়ে কʼব?
আপুনি গৃহস্থক ৰাজহুৱা ভাষণৰ বাবে ৰাজ্য গৃহলৈ আমন্ত্ৰণ কৰিব পাৰে। গতিকে আপুনি এইদৰে কʼব পাৰে: “মোৰ নাম . . . । মই আপোনাক ফোন কৰিছিলোঁ, কিন্তু আপোনাক লগ নাপালোঁ। যদি আপুনি বেয়া নাপাই মই আপোনাক বাইবেল আধাৰিত এক ভাষণ [ৰাজহুৱা ভাষণৰ এটা বিষয়ক উল্লেখ কৰক] শুনিবলৈ আমন্ত্ৰণ কৰিছোঁ, অনুগ্ৰহ কৰি যিহোৱা সাক্ষীসকলৰ ৰাজ্য গৃহত উপস্থিত হওঁক। আমি সকলো লোকক এই বিষয়ে শুনিবলৈ আমন্ত্ৰণ কৰিছোঁ, ইয়াৰ বাবে কোনো ধন লোৱা নহয়।” তাৰ পাছত আপুনি ৰাজ্য গৃহৰ ঠিকনা, সভাৰ সময় আৰু দিন আদিৰ বিষয়ে স্পষ্টকৈ কোৱা আৱশ্যক।
এনে কৰাৰ পাছত যিকোনো নতুন ব্যক্তিয়ে সভাত উপস্থিত হবলৈ আহিব পাৰে। তেওঁক আপোনাৰ পৰিচয় দিয়ক আৰু আন্তৰিকতাৰে আদৰণি জনাওঁক। তেওঁক আপুনি বাইবেল অধ্যয়নৰ বাবে আমন্ত্ৰণ কৰিবলৈ নাপাহৰিব!