একেৰাহে কিয় প্ৰচাৰ কৰা আৱশ্যক?
১ আপোনাৰ অঞ্চলত বহু সময়ৰ পৰা ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্য কৰা হৈছেনে? যদি হৈছে, তেনেহʼলে আপুনি হয়তো ভাবিব পাৰে যে মণ্ডলীৰ এলেকাবোৰত ভালদৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰা হৈছে। এতিয়া আপুনি সাক্ষাৎ কৰা লোকসকলে হয়তো ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি নিৰুদ্যম প্ৰকাশ কৰিব পাৰে। তেতিয়াও যিচয়া ভৱিষ্যতবাণী ভাগ ২ কিতাপখনত যীচুৰ প্ৰকৃত অনুগামীৰ বিষয়ে কি উল্লেখ কৰিছে তাক লক্ষ্য কৰক। তাত এইদৰে কোৱা হৈছে: “যদিও কিছুমান এলেকাত অধিক পৰিশ্ৰম আৰু প্ৰচেষ্টাৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰা হৈছিল, তথাপিও তেওঁলোকে পৰিচৰ্য্যা কাৰ্য্যত নাম মাত্ৰহে সফলতা লাভ কৰা দেখা গৈছিল। তেতিয়াও তেওঁলোকে ধৈৰ্য্য ধৰিছিল।” কিন্তু তেওঁলোকে কিয় একেৰাহে প্ৰচাৰ কৰিছিল?
২ ভৱিষ্যতবক্তা যিৰিমিয়াৰ বিষয়ে স্মৰণ কৰক: আমি বিশ্বাসী হৈ ধৈৰ্য্য ধৰাতো লোকসকলে আমাৰ বাৰ্ত্তা শুনা বা নুশুনাৰ ওপৰত নিৰ্ভৰ নকৰে। যদিও কিছুমান লোকে যিৰিমিয়াৰ বাৰ্ত্তা শুনিছিল আৰু অধিক সংখ্যকে বিৰোধ কৰিছিল, তেতিয়াও যিৰিমিয়াই ৪০ বছৰ সময় ধৰি একেটা এলেকাতে প্ৰচাৰ কৰিছিল। যিৰিমিয়াই কিয় তেনেদৰে একেৰাহে প্ৰচাৰ কাৰ্য্যত লাগি আছিল? কিয়নো তেওঁ ঈশ্বৰৰ আজ্ঞাক পালন কৰিছিল আৰু ভৱিষ্যতে যি ঘটিবলগীয়া আছিল তাকে জানি একেৰাহে ঘোষণা কৰিছিল।—যিৰি. ১:১৭; ২০:৯.
৩ আজি আমাৰ সময়ৰ পৰিস্থিতিও সেই সময়ৰ দৰে । যীচুৱে “জীয়া আৰু মৰা দুয়োৰো বিচাৰকৰ্ত্তা হবলৈ ঈশ্বৰে যি জনাক নিযুক্ত কৰিলে, তেৱেঁই সেই জনা, এই কথা জনসাধাৰণৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ, . . . আমাক আজ্ঞা দিলে।” (পাঁচ. ১০:৪২) আমি প্ৰচাৰ কৰা বাৰ্ত্তাত, শুনোতাসকলৰ জীৱন আৰু মৰণ নিৰ্ভৰ কৰে। লোকসকলে শুভবাৰ্ত্তাৰ প্ৰতি কেনে মনোবৃত্তি দেখুৱাই তাৰ আধাৰত তেওঁলোকক ন্যায়-বিচাৰ কৰা হʼব। গতিকে আমাৰ দায়িত্ব হৈছে আজ্ঞা দিয়াৰ দৰে কাৰ্য্য কৰা। লোকসকলে শুভবাৰ্ত্তা শুনিবলৈ যদিও নিবিচাৰে, ইয়ে তেওঁলোকৰ প্ৰতি গভীৰ প্ৰেম আৰু আমাক দিয়া কাৰ্য্যক একেৰাহে কৰি যিহোৱাৰ প্ৰতি আমাৰ ভক্তি দেখুৱাবলৈ সুযোগ দিয়ে। কিন্তু ইয়াত আৰু অধিক সন্মিলিত আছে।
৪ আমি লাভবান হৈছোঁ: প্ৰচাৰ এলেকাত লোকসকলে যিয়ে প্ৰতিক্ৰিয়া নেদেখুৱাক কিয় আমি ঈশ্বৰৰ ইচ্ছাক পালন কৰি আন্তৰিক শান্তি, সন্তুষ্টি আৰু সুখী হৈছোঁ। যিটো আন কোনো প্ৰকাৰে পোৱা নাযায়। (গীত. ৪০:৮) আমাৰ জীৱনৰ এক প্ৰকৃত অৰ্থ আৰু উদ্দেশ্য আছে। এতেকে আমি যিমানেই পৰিচৰ্য্যা কাৰ্য্যত ভাগ লʼম, সিমানেই আমাৰ মন আৰু হৃদয় ঈশ্বৰৰ নতুন জগতৰ অধীনত জীয়াই থকাৰ আশাৰ ওপৰত কেন্দ্ৰিত হʼব। এই শাস্ত্ৰীয় প্ৰতিজ্ঞাই আমাৰ আধ্যাত্মিকতাক উন্নত কৰিব আৰু যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধক দৃঢ় কৰি তুলিব।
৫ আমি প্ৰচাৰ কৰাৰ ফলাফল তৎক্ষণাত নাপাবও পাৰোঁ, কিন্তু ব্যক্তিসকলৰ হৃদয়ত বোৱা সত্যৰ বীজ যিহোৱাৰ সময়ৰ অনুসাৰে নিশ্চয়ে অঙ্কুৰিত হʼব। (যোহ. ৬:৪৪; ১ কৰি. ৩:৬) আমাৰ কোনেও নাজানে যে স্থানীয় বা বিশ্বব্যাপী যিহোৱাৰ লোকসকলৰ পৰা কিমানজনে ঈশ্বৰৰ ৰাজ্যৰ জ্ঞান লʼব।
৬ আমি আগতকৈ অধিক গুৰুত্ব বুজি যীচুয়ে কোৱা এই পৰামৰ্শক পালন কৰা উচিত। তেওঁ এইদৰে কৈছিল: “সাৱধান হোৱা; আৰু পৰ দি প্ৰাৰ্থনা কৰি থকা; কিয়নো সেই কাল কেতিয়া হব তাক তোমালোকে নাজানা। পৰ দি থাকা বুলি, তোমালোকক যি কৈছোঁ, তাক সকলোকে কৈছোঁ।” (মাৰ্ক ১৩:৩৩, ৩৭) এতেকে আঁহক আমি সকলোৱে আজিৰ পৰা একেৰাহে ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰি যিহোৱাৰ মহান আৰু শুদ্ধ নামক পবিত্ৰ বুলি ঘোষণা কৰি তেওঁৰ হৃদয় আনন্দিত কৰোঁহঁক।