ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০৫ পৃষ্ঠা ১
  • মনোযোগী হৈ ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মনোযোগী হৈ ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ কৰক
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • বুজনশীল হৈ ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ কৰক
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰচাৰ এলেকাৰ বিষয়ে আপোনালোকৰ দৃষ্টিভংগী কি?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০৫ পৃষ্ঠা ১

মনোযোগী হৈ ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ কৰক

১ যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টই লোকসকলৰ নিৰ্দিষ্ট আৱশ্যকতা বুজি তেওঁলোকক সহায় কৰে। (২ বং. ১৬:⁠৯; মাৰ্ক ৬:⁠৩৪) যেতিয়া আমি প্ৰচাৰ কাৰ্য্যত লগ পোৱা লোকসকলৰ আগ্ৰহকতা আৰু চিন্তাৰ বিষয়ে বুজিব পাৰোঁ, তেতিয়া আমি সেই অনুসাৰে আমাৰ শুভবাৰ্ত্তা প্ৰস্তুত কৰিব পাৰিম।

২ মনোযোগেৰে নিৰীক্ষণ কৰক: যীচুৱে মনোযোগেৰে নিৰীক্ষণ কৰিছিল। (মাৰ্ক ১২:⁠৪১-⁠৪৩; লূক ১৯:⁠১-⁠৬) একেইদৰে, যেতিয়া আমি গৃহস্থৰ ঘৰলৈ যাওঁ, তেতিয়া তেওঁৰ ধৰ্ম্মীয় ৰীতি-নীতি, যান-বাহনত লিখি ৰখা নীতিবাক্য বা চোতালত পৰি থকা কোনো খেলনা আদিৰ বিষয়ে লক্ষ্য কৰা উচিত। কিয়নো তেনেদৰে নিৰীক্ষণ কৰাৰ দ্বাৰা আমি কাৰ্য্যকাৰীৰূপে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাক কʼবলৈ সুযোগ পাম।

৩ এজন ব্যক্তিৰ মুখভঙ্গী আৰু আচাৰ-ব্যৱহাৰৰ দ্বাৰা জানিব পাৰি যে তেওঁ নিজৰ অনুভূতিৰ বিষয়ে কি ভাবিছে। (হিতো. ১৫:⁠১৩) সম্ভৱতঃ তেওঁ নিজৰ প্ৰিয়জনক হেৰুৱা বা আন কোনো দুখজনক পৰিস্থিতিৰ বাবে তেওঁক শান্ত্বনাৰ আৱশ্যক। তেওঁক কোনো উপযুক্ত শাস্ত্ৰীয় পদ পঢ়িবলৈ দিলে অধিক কাৰ্য্যকাৰী হʼব। (হিতো. ১৬:⁠২৪) গৃহস্থক অধিক খৰখেদা কৰা বা কোলাত কান্দি থকা কেঁচুৱাক লোৱা দেখিছেনে? যদি দেখিছে, তেন্তে আন এটা সময়ত তেওঁক সাক্ষাৎ কৰিলে অধিক উপযুক্ত হʼব। তেওঁৰ প্ৰতি বিবেচক আৰু “ভ্ৰাতৃপ্ৰেমকাৰী” মনোবৃত্তি দেখুৱাৰ বাবে সেই ব্যক্তিজনে হয়তো পিছৰ সাক্ষাতত আমাৰ বাৰ্ত্তা শুনিবলৈ প্ৰেৰিত হʼব।​—⁠১ পিত. ৩:⁠৮.

৪ পৰিস্থিতিক বুজি মন্তব্য দিয়ক: পাঁচনি পৌলে এথেন্স চহৰত “অবিদিত ঈশ্বৰলৈ” বুলি লিখা এটা বেদী দেখিবলৈ পালে। ইয়ে তেওঁক এইদৰে শুভবাৰ্ত্তা কʼবলৈ প্ৰেৰিত কৰিলে: “তোমালোকে যাক নাজানি পূজা কৰা, তাক মই তোমালোকক জনাওঁ।” পৌলে সতৰ্ক হৈ দিয়া ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ বিষয়ে কিছুমানে বিবেচনা কৰি পিছলৈ বিশ্বাসী হৈ পৰে।​—⁠পাঁচ. ১৭:⁠২৩, ৩৪.

৫ পৌলৰ নিচিনাকৈ আমিও নিৰীক্ষণ কৰি আগ্ৰহী লোকসকলক বুজিবলৈ সহায় আৰু এইদৰে উপযুক্ত লোকসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰিব পাৰিম। গৃহস্থৰ মনত কি আছে, সেই বিষয়ে জানিবলৈ প্ৰশ্ন সোধক। গৃহস্থক অধিক আগ্ৰহী কৰি তুলা শাস্ত্ৰীয় পদ ব্যৱহাৰ কৰক। (হিতো. ২০:⁠৫) আমি বিবেচক আৰু আনৰ প্ৰতি আন্তৰিকতাৰে ব্যক্তিগতভাৱে আগ্ৰহী হোৱাৰ দ্বাৰা নিপুণভাৱে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিব পাৰিম।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক