ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb16 জানুৱাৰী পৃষ্ঠা ৬
  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • কিয় গুৰুত্বপূৰ্ণ:
  • ইয়াক কেনেকৈ কৰিব:
  • ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—পুনৰ সাক্ষাৎ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • পুনৰ সাক্ষাতে বাইবেল অধ্যয়নলৈ পৰিচালিত কৰে
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • “নিৰূপিত” থকাসকলক সহায় কৰক
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
mwb16 জানুৱাৰী পৃষ্ঠা ৬

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক

কিয় গুৰুত্বপূৰ্ণ:

আমি সিঁচা সত্যৰ বীজত পানী দিব বিচাৰোঁ। (১কৰি ৩:৬) যদি কোনোবাই সত্যৰ প্ৰতি আগ্ৰহ দেখুৱায়, তেনেহʼলে পুনৰ সাক্ষাতত আলোচনা কৰিবলৈ আমি এটা প্ৰশ্ন সুধি অহা ভাল হʼব। ইয়াৰ যোগেদি তেওঁৰ আগ্ৰহ বাঢ়িব আৰু আমি পুনৰ সাক্ষাতৰ বাবে ভালদৰে প্ৰস্তুত কৰিব পাৰিম। যেতিয়া আমি তেওঁৰ ওচৰলৈ পুনৰ যাওঁ, তেতিয়া আমি কʼব পাৰোঁ যে যোৱাবাৰ সোধা প্ৰশ্নটোৰ বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ।

ইয়াক কেনেকৈ কৰিব:

এজন সাক্ষীয়ে পুনৰ সাক্ষাতৰ বাবে তৈয়াৰী কৰিছে, ব্যক্তিজনৰ লগত কথা পাতিছে, সাক্ষাতৰ বিষয়ে বিতংকৈ লিখিছে
  • আপুনি ঘোষণা কাৰ্য্যৰ বাবে তৈয়াৰী কৰাৰ সময়ত, গৃহস্থক সুধি অহা প্ৰশ্নটোৰ উত্তৰ কেনেকৈ দিব পাৰি, তাৰ বিষয়েও প্ৰস্তুত কৰক। হয়তো এই প্ৰশ্নৰ উত্তৰ আপুনি ঘোষণা কাৰ্য্যত ব্যৱহাৰ কৰিবলগীয়া কোনো প্ৰকাশনত দিয়া হৈছে। নতুবা পুনৰ সাক্ষাতৰ সময়ত আপুনি পৰিচয় কৰিবলৈ ঠিৰাং কৰা, কোনো অধ্যয়নৰ প্ৰকাশনত হয়তো গৃহস্থক সোধা প্ৰশ্নৰ উত্তৰটো থাকিব পাৰে।

  • কোনো আগ্ৰহী ব্যক্তিৰ লগত কথা-বতৰা শেষ হোৱাৰ সময়ত, আপুনি তেওঁকো জানিবলৈ দিয়ক যে আপুনি তেওঁৰ লগত পুনৰ কথা পাতিবলৈ ইচ্ছা কৰে আৰু পুনৰ সাক্ষাতৰ বাবে আপুনি তৈয়াৰ কৰা এটা প্ৰশ্ন সুধি আহক। যদি সম্ভৱ হয়, তেনেহʼলে যোগাযোগৰ ঠিকনা লওক।

  • যদি আপুনি তেওঁক লগ ধৰিবলৈ কোনো দিন বা সময় দিছে, তেনেহʼলে নিজৰ কথা ৰাখক।—মথি ৫:৩৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক