প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
ভাগ ১১: বিদ্যাৰ্থীসকলক পুনৰ সাক্ষাৎ কৰিবলৈ সহায় কৰা
১ বাইবেল বিদ্যাৰ্থীজনে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ আৰম্ভ কৰাৰ পিছত শুভবাৰ্ত্তাৰ প্ৰতি আগ্ৰহকতা দেখুৱা লোকসকলক সাক্ষাৎ কৰিব। এতেকে আমি সেই নতুন প্ৰকাশকজনক আগ্ৰহী লোকসকলক কাৰ্য্যকাৰীতাৰে পুনৰ সাক্ষাৎ কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰোঁ?
২ লোকসকলক প্ৰথম লগ পাওঁতেই পুনৰ সাক্ষাতৰ বাবে সাজু কৰা। আগ্ৰহী লোকসকলৰ সৈতে আন্তৰিকতাৰে কথোপকথন হʼবলৈ বিদ্যাৰ্থীজনক উৎসাহিত কৰক। (ফিলি. ২:৪) লগ পোৱা আগ্ৰহী লোকসকলক তেওঁলোকৰ অভিমত প্ৰকাশ আৰু তেওঁলোকে দিয়া মন্তব্যৰ প্ৰতি মনোযোগেৰে শুনি বিবেচনাপূৰ্ণ বিষয়বোৰক টোকি ৰাখিবলৈ ক্ৰমান্বয়ে বিদ্যাৰ্থীজনক প্ৰশিক্ষণ দিয়ক। যেতিয়া কোনো এজন ব্যক্তিয়ে আগ্ৰহকতা প্ৰকাশ কৰে, তেতিয়া নতুন প্ৰকাশকজনক তেনেবোৰ সংবাদ লিখি ৰাখিবলৈ কওক যিবোৰৰ ওপৰত আধাৰিত কৰি পুনৰ সাক্ষাতৰ সময়ত আলোচনা কৰিবলৈ সহায়ক হʼব।
৩ পুনৰ সাক্ষাতৰ বাবে সাজু হোৱা: নতুন প্ৰকাশকজনক প্ৰথম সাক্ষাতৰ বিষয়ে সোঁৱৰাই দি দেখুৱাউক যে কেনেকৈ শুভবাৰ্ত্তা প্ৰচাৰৰ কোনো এটা দিশ বাছনি কৰি গৃহস্থক আগ্ৰহী কৰি তুলিব পাৰে। (১ কৰি. ৯:১৯-২৩) অধ্যয়নৰ বাবে প্ৰকাশনৰ এটা অনুচ্ছেদত দিয়া বাইবেল পদ উল্লেখ থকা প্ৰস্তাৱনাক চমুকৈ একেলগে তৈয়াৰ কৰক। তদুপৰি আলোচনাৰ শেষত আগন্তুক সাক্ষাতত সুধিবলগীয়া প্ৰশ্নবোৰ সুধিবলৈ তৈয়াৰ কৰিব পাৰে। প্ৰত্যেকবাৰে ঈশ্বৰৰ বাক্যৰ পৰা কেনেকৈ আগ্ৰহী ব্যক্তিজনৰ জ্ঞান বৃদ্ধি কৰি কাৰ্য্যকাৰীতাৰে পুনৰ সাক্ষাৎ কৰিব পাৰে, সেই বিষয়ে নতুন প্ৰকাশকজনক দেখুৱাউক।
৪ নতুন বিদ্যাৰ্থীসকলক এটা সহজ পাতনি আগবঢ়ায়ো সহায় কৰিব পাৰি। গৃহস্থজনক সম্ভাষণ জনোৱাৰ পিছত হয়তো তেওঁ এইদৰে কʼব পাৰে: “পিছৰ বাৰ আপোনাৰ সৈতে কথোপকথন হৈ মই বহুত আনন্দিত হʼলোঁ আৰু আপোনাক বাইবেলৰ পৰা [বিষয়টো উল্লেখ কৰক] এটা সংবাদ দিবলৈ পুনৰাই আহিলোঁ।” তদুপৰি আপুনি নতুন প্ৰকাশকজনক শিকোৱা আৱশ্যক যে কেনেকৈ বেলেগ বেলেগ ঘৰত লগ পোৱা লোকসকলৰ প্ৰশ্নৰ উত্তৰ দিব লাগে।
৫ পুনৰ সাক্ষাৎ কৰিবলৈ পৰিশ্ৰম কৰক: নতুন প্ৰকাশকজনক আগ্ৰহী ব্যক্তিসকলক পলম নকৰাকৈ পুনৰ সাক্ষাৎ কৰি এক উত্তম আৰ্হি ৰাখিবলৈ উৎসাহিত কৰক। লোকসকলক ঘৰত লগ পাবলৈ যোৱাৰ বাবে প্ৰচেষ্টাৰ আৱশ্যক হʼব পাৰে। বিদ্যাৰ্থীজনক প্ৰশিক্ষণ দিয়ক যে কেনেকৈ পুনৰ সাক্ষাৎ কৰি তেওঁ দিয়া কথা ৰাখিব আৰু কিয় পুনৰ সাক্ষাৎ কৰা অতি আৱশ্যক। (মথি ৫:৩৭) মেৰৰ দৰে মন থকা লোকসকলক বিচৰা আৰু তেওঁলোকক আগ্ৰহী কৰি তুলাৰ সময়ত বিবেচক আৰু সন্মানীয় হোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ে নতুন প্ৰকাশকজনক প্ৰশিক্ষণ দিয়ক।—তীত ৩:২.