পৰিচৰ্য্যা সভাৰ তালিকা
জুলাই ১১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৪৯
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্ব্বাচিত ঘোষণাসমূহ। (যদি আপোনাৰ এলেকাৰ বাবে উপযুক্ত হয়) ৪ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ জুলাই ১ প্ৰহৰীবুৰুজ আৰু জুলাই ২২ সচেতন! আলোচনীখন দিব পাৰে, সেই বিষয়ে প্ৰদৰ্শন কৰক। তদুপৰি আন ব্যৱহাৰিক প্ৰস্তাৱনাও ব্যৱহাৰ কৰিব পাৰে। প্ৰত্যেকটো উপস্থাপনত বেলেগ বেলেগ পদ্ধতিৰে প্ৰদৰ্শন কৰি দেখুৱাউক যে কেনেকৈ “মই ব্যস্ত আছোঁ” বুলি কোৱা লোকসকলৰ সৈতে সফলতাৰে কথোপকথন কৰিব পাৰি।—বাইবেলৰ পৰিচৰ্চ্চা নামৰ কিতাপখনৰ ১১ পৃষ্ঠাত চাওক।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
২০ মি: “যিমান সম্ভৱ বহুতো লোকক শুভবাৰ্ত্তাৰ বিষয়ে জনোৱা।” a লেখটোৰ ৫ অনুচ্ছেদ আলোচনা কৰাৰ সময়ত জুন ২০০৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ, ৮ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰক আলোচনা কৰক, যিবোৰ স্থানীয় এলেকাৰ বাবে উপযুক্ত হয়।
গীত ৮৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুলাই ১৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৭৩
১০ মি: স্থানীয় ঘোষণাসমূহ। আগষ্ট ১৫, ২০০০ চনৰ প্ৰহৰীবুৰুজ ৩২ পৃষ্ঠাটো বিবেচনা কৰক। ছুটি আৰু দৈনন্দিনৰ কাৰ্য্যৰ সময়ছোৱাতো নিতৌ বাইবেল পাঠ কৰাৰ তালিকা বজাই ৰাখাৰ সম্পৰ্কে দিয়া লাভসমূহৰ বিষয়ে আলোকপাত কৰক।
১৫ মি: “প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা—ভাগ ১১.” b এটা উপস্থাপন প্ৰস্তুত কৰি দেখুৱাউক যে অধ্যয়ন পৰিচালকে এজন নতুন বিদ্যাৰ্থীক পুনৰ সাক্ষাৎ কৰিবলৈ কেনেকৈ সহায় কৰে। তেওঁলোকে প্ৰথম সাক্ষাতৰ সময়ত টোকি ৰাখা বিষয়বোৰৰ পৰা কোনো এটা উপযুক্ত বিষয় বাছনি কৰি পুনৰ সাক্ষাতৰ বাবে সাজু কৰে। তদুপৰি তেওঁলোকে এক সৰল উপস্থাপন আৰু পুনৰ সাক্ষাতৰ সমাপ্তিত সুধিবলগীয়া এটা প্ৰশ্নৰ বিষয়েও তৈয়াৰ কৰে। তেওঁলোকে প্ৰস্তুত কৰা প্ৰস্তাৱনাটো আখৰা কৰি প্ৰদৰ্শনটো সমাপ্তি কৰে।
২০ মি: বাইবেলখনক মূল্যাঙ্কন কৰিবলৈ আনক সহায় কৰক। ঈশ্বৰক উপাসনা নামৰ কিতাপখনৰ ২৪-২৫ পৃষ্ঠা, ৩-৬ অনুচ্ছেদৰ ওপৰত আধাৰিত কৰি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। কিতাপখনত দিয়া অধ্যয়নৰ প্ৰশ্নবোৰ ব্যৱহাৰ কৰক। সকলো লোকৰ বাবে এখন কিতাপ নামৰ ব্ৰচাৰখনৰ ৩২ পৃষ্ঠাৰ মন্তব্যসমূহ সন্মিলিত কৰক।
গীত ১০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুলাই ২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৩৮
১৫ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপোৰ্ট আৰু দান প্ৰাপ্তি স্বীকাৰ পত্ৰখন পঢ়ক। (যদি আপোনাৰ এলেকাৰ বাবে উপযুক্ত হয়), ৪ পৃষ্ঠাত দিয়া পৰামৰ্শবোৰ ব্যৱহাৰ কৰি কেনেকৈ আগষ্ট ১ প্ৰহৰীবুৰুজ আৰু আগষ্ট ৮ সচেতন! আলোচনীখন দিব পাৰে, সেই বিষয়ে প্ৰদৰ্শন কৰক। তদুপৰি আন ব্যৱহাৰিক প্ৰস্তাৱনাও ব্যৱহাৰ কৰিব পাৰে। এটা উপস্থাপনত বজাৰ বা আন উপযুক্ত ৰাজহুৱা স্থানত অনিয়মিত সাক্ষী দিয়াত আলোচনী বিতৰণ কৰাৰ বিষয়ে প্ৰদৰ্শন কৰক।
১০ মি: সন্তানৰ হৃদয়ত সত্যতা প্ৰবিষ্ট কৰক। (দ্বিতী. ৬:৭) আগষ্ট ১৫, ২০০২ চনৰ প্ৰহৰীবুৰুজ ৩০-৩১ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি এজন প্ৰাচীনে ভাষণৰূপে এই ভাগটো পৰিচালনা কৰে। যিসকল খ্ৰীষ্টান স্বামী বা স্ত্ৰীৰ সত্যত নথকা সঙ্গী আছে, তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক প্ৰশিক্ষণ দিওঁতে কেনে নিৰ্দ্দেশনা দিয়া হৈছে, সেই বিষয়ে থকা শাস্ত্ৰীয় সিদ্ধান্তবোৰ আলোকপাত কৰক।
২০ মি: “আমি আনৰ ধৰুৱা।” c জুলাই ১, ২০০০ চনৰ প্ৰহৰীবুৰুজ ১১ পৃষ্ঠাৰ ১৩ অনুচ্ছেদত দিয়া মন্তব্যবোৰ সন্মিলিত কৰক।
গীত ৮২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
আগষ্ট ১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৮৭
১৫ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰচাৰকক জুলাই মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপোৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। পৰিচৰ্য্যা স্কুল কিতাপৰ ৭০ পৃষ্ঠাৰ পৰা মন্তব্য দিবলৈ শ্ৰোতাসকলক আমন্ত্ৰণ কৰক। কিতাপখনৰ ১-২ অনুচ্ছেদ আৰু “সভাত কেনেকৈ মন্তব্য দিয়া আৱশ্যক” নামৰ বক্সটো শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক।
১৫ মি: “পৰিচৰ্য্যাত উন্নতি কৰিবলৈ আপোনাৰ সন্তানক সহায় কৰক।” এই ভাগটো শ্ৰোতাসকলৰ সৈতে ভাষণ আৰু আলোচনাৰ দ্বাৰা পৰিচালনা কৰক। এটা সৰল উপস্থাপন ব্যৱহাৰ কৰি পিত-মাতৃ আৰু সন্তানৰ সৈতে প্ৰদৰ্শন কৰক। আমাৰ বিশ্বব্যাপী কাৰ্য্যৰ বাবে দান কৰাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰি পিতৃ-মাতৃয়ে প্ৰদৰ্শন সমাপ্তি কৰে।
১৫ মি: আপুনি পৰিস্থিতিৰ অনুসাৰে নিজৰ প্ৰস্তাৱনা আগবঢ়াইনে? এই ভাগটো জানুৱাৰি ২০০৫ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৬ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি এক ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনাৰূপে প্ৰস্তুত কৰে। তাত দিয়া পৰামৰ্শবোৰক পুনৰ উল্লেখ কৰি দেখুৱাউক যে কেনেকৈ পৰিস্থিতিৰ অনুসাৰে প্ৰস্তাৱনা আগবঢ়াই আগষ্ট মাহৰ বাবে দিয়া সাহিত্যবোৰ বিতৰণ কৰিব পাৰে। এটা বা দুটা প্ৰস্তাৱনাক প্ৰদৰ্শন কৰি দেখুৱাউক।
গীত ২১৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।