পৰিচৰ্য্যাত উন্নতি কৰিবলৈ আপোনাৰ সন্তানক সহায় কৰক
১ নিজৰ সন্তানক সৰুৰে পৰা খ্ৰীষ্টান পৰিচৰ্য্যাত প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ ওপৰত এক গম্ভীৰ দায়িত্ব দিয়া হৈছে। এই দায়িত্ব কেবাটাও পদ্ধতিৰে সম্পন্ন কৰিব পাৰি। কিছুমান লʼৰা-ছোৱালীয়ে পঢ়িবলৈ শিকাৰ আগতেই বাইবেলৰ শাস্ত্ৰীয় পদবোৰ আবৃত্তি কৰিব পাৰে। ইয়ে শ্ৰোতাসকলক অধিক প্ৰভাৱিত কৰিব পাৰে। এই অকণিসকলৰ বয়স যেনেকৈ বাঢ়ি আহিব, তেওঁলোকে আৰু অধিককৈ পৰিচৰ্য্যা কাৰ্য্য কৰিব পাৰিব। এতেকে পিতৃ-মাতৃয়ে কেনেকৈ নিজৰ সন্তানক সাক্ষী দিয়া কাৰ্য্যত ভাগ লʼবলৈ সহায় কৰিব পাৰে? সম্ভৱতঃ তলত দিয়া পৰামৰ্শবোৰে সহায় কৰিব পাৰে।
২ গৃহস্থক সম্ভাষণ জনোৱাৰ পিছত আপুনি হয়তো এইদৰে কʼব পাৰে:
◼ “মোৰ লʼৰাটোৱে, [নামটো কওক] আপোনাক এক অৰ্থপূৰ্ণ শাস্ত্ৰীয় পদ পঢ়ি শুনাব বিচাৰিছে।” আপোনাৰ লʼৰাটোৱে হয়তো এইদৰে কʼব: “গীতমালাৰ এই শাস্ত্ৰীয় পদটোত ঈশ্বৰৰ নামৰ বিষয়ে শিকাইছে। [লʼৰাটোৱে গীত ৮৩:১৮ পদটো পঢ়ে বা আবৃত্তি কৰে।] এই আলোচনীখনত যিহোৱা ঈশ্বৰে আমাৰ বাবে কি কৰিব, সেই বিষয়ে কৈছে। মই আপোনাক এই আলোচনীখন দিব পাৰোঁনে?” তাৰ পিছত আপুনি কেনেকৈ বিশ্বব্যাপী কাৰ্য্যৰ বাবে সাহায্য আগবঢ়োৱা হয়, সেই বিষয়ে বুজাই দি কথোপকথন সমাপ্তি কৰক।
৩ নতুবা আপুনি হয়তো এই প্ৰস্তাৱনাটো ব্যৱহাৰ কৰিব পাৰে:
◼ “নমস্কাৰ। মই মোৰ ছোৱালীজনীক [নামটো কওক], আন সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি বিবেচনা কৰিবলৈ প্ৰশিক্ষণ দিছোঁ। তাই আপোনাক বাইবেলৰ পৰা এটা সংবাদ দিব বিচাৰিছে।” ছোৱালীজনীয়ে এইদৰে কʼব পাৰে: “মই ভৱিষ্যতৰ বিষয়ে লোকসকলক বাইবেলৰ পৰা এটা আশাৰ বিষয়ে কৈছোঁ। [জীয়েকে প্ৰকাশিত বাক্য ২১:৪ পদটো পঢ়ে বা আবৃত্তি কৰে।] এই আলোচনীখনত ঈশ্বৰৰ ৰাজ্যই আমাৰ বাবে কি কৰিব, সেই বিষয়ে বৰ্ণনা কৰিছে। মই ভাবোঁ যে আপুনি আলোচনীখন পঢ়ি আনন্দিত হʼব।”
৪ নিতৌ সৰল প্ৰস্তাৱনাবোৰ একেৰাহে ব্যৱহাৰ কৰিবলৈ শিকাৰ দ্বাৰা ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ লʼৰা-ছোৱালীৰ নিশ্চয়তা অধিক দৃঢ় হʼব। অনুশীলন কৰাৰ সময়ত বিভিন্ন পৰিস্থিতিত উপযুক্ত স্বৰ আৰু স্পষ্টকৈ কোৱাত অভ্যাস কৰাৰ ওপৰত মনোযোগ দিব পাৰে। উত্তমভাৱে কৰা প্ৰস্তুতি আৰু আন্তৰিকতাৰে শলাগ লোৱাৰ দ্বাৰা এই কণমানিসকলক তেওঁলোকৰ বিশ্বাসৰ বিষয়ে কʼবলৈ সহায় কৰিব পাৰি।
৫ এনেদৰে উৎসাহিত কৰাৰ বাবে বহুতো কিশোৰ-কিশোৰীয়ে বাপ্তিষ্মা নোলোৱা প্ৰকাশক হʼবলৈ উপযুক্ত হʼব পাৰিছে। খ্ৰীষ্টান পৰিচৰ্য্যাত আমাৰ লʼৰা-ছোৱালীবিলাকে তেনেদৰে উন্নতি কৰা দেখিবলৈ পোৱাটো বাস্তৱতে কিমান যে এক আনন্দৰ বিষয়!—গীত ১৪৮:১২, ১৩.