ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০৫ পৃষ্ঠা ১
  • আমি আনৰ ধৰুৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমি আনৰ ধৰুৱা
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ধাৰ আৰু টকা-পইচাৰ সমস্যা—বাইবেলে সহায় আগবঢ়ায়নে?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • টেলিফোনৰ দ্বাৰা বহুতকে সাক্ষী দিব পাৰি
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • সকলোৰে জীৱন বিপদগ্ৰস্ত অৱস্থাত আছে!
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০৫ পৃষ্ঠা ১

আমি আনৰ ধৰুৱা

১ আনক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ পাঁচনি পৌলে কৰ্তব্য বুলি অনুভৱ কৰিছিল। তেওঁ জানিছিল যে যিহোৱাই নিজৰ পুত্ৰক বলিদানস্বৰূপে উৎসৰ্গ কৰিবলৈ পঠোৱাৰ বাবে সকলো জাতিৰ লোকসকলে পৰিত্ৰাণ পাবলৈ সম্ভৱ হʼল। (১ তীম. ২:⁠৩-⁠৬) সেইবাবে পৌলে এইদৰে কৈছিল: “গ্ৰীক আৰু অসভ্য, জ্ঞানী আৰু অজ্ঞানী, এই সকলোৰে মই ধৰুৱা হৈ আছোঁ।” তেওঁ নিজৰ সঙ্গী মানৱক ধাৰ শুধাবলৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰি একেৰাহে প্ৰচেষ্টা কৰিছিল।​—⁠ৰোমী. ১:⁠১৪, ১৫.

২ বৰ্তমান সময়ৰ প্ৰকৃত খ্ৰীষ্টানসকলে পৌলৰ দৰে তেওঁবিলাকৰ চুবুৰীয়াক সকলো সুযোগতে শুভবাৰ্ত্তা প্ৰচাৰ কৰে। যিহেতু “মহাক্লেশ” বেগাই নিকটৱৰ্তী হৈছে, সেয়েহে নম্ৰ মনৰ লোকসকলক বিচাৰি উলিওৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে। লোকসকলৰ প্ৰতি থকা আমাৰ প্ৰকৃত প্ৰেমে যেন সম্পূৰ্ণ হৃদয়েৰে জীৱনৰক্ষক কাৰ্য্য কৰিবলৈ প্ৰেৰিত কৰে।​—⁠মথি ২৪:⁠২১; যিহি. ৩৩:⁠৮.

৩ আমাৰ ঋণ পৰিশোধ কৰা: লোকসকলক সাক্ষাৎ কৰাৰ প্ৰধান পদ্ধতি হৈছে ঘৰে-ঘৰে প্ৰচাৰ কৰা। যেতিয়া আমি লোকসকলক ঘৰত লগ নাপাওঁ, তেতিয়া সঠিককৈ সেই ঘৰৰ ঠিকনাৰ ৰেকৰ্ড ৰাখক আৰু আন এটা সময়ত সাক্ষাৎ কৰক। এইদৰে আমি বহুতো লোকক সাক্ষাৎ কৰিব পাৰিম। (১ কৰি. ১০:⁠৩৩) তদুপৰি আমি ব্যৱসায় অঞ্চল, ৰাস্তা, পাৰ্ক আৰু টেলিফোনৰ দ্বাৰা বহুতো লোকক সাক্ষাৎ কৰিব পাৰোঁ। আমি নিজকে এইদৰে সুধিব পাৰোঁ, ‘এই জীৱনৰক্ষক বাৰ্ত্তাৰ বিষয়ে লোকসকলক শুনাবলৈ মই প্ৰচাৰ কাৰ্য্যৰ সকলো পদ্ধতিত অংশ গ্ৰহণ কৰিছোঁনে?’​—⁠মথি ১০:⁠১১.

৪ এগৰাকী অগ্ৰগামী ভনীয়ে তাইৰ প্ৰচাৰ এলেকাত থকা সকলৰ প্ৰতি নিজৰ দায়িত্ব উপলব্ধি কৰি সকলো লোকক সাক্ষাৎ কৰিবলৈ চেষ্টা কৰে। এখন ঘৰত ভনী গৰাকীয়ে সদায়ে খিড়িকীৰ পৰ্দা বন্ধ থকা দেখিবলৈ পায়। এবাৰ তাই পৰিচৰ্য্যাত নথকাৰ সময়ত সেই ঘৰখনৰ সম্মুখত এখন গাড়ী ৰৈ থকা দেখিবলৈ পালে। তাই এনে সুযোগ নেহেৰুৱাকৈ সেই ঘৰটোৰ কলিং বেল বজালে। এজন মানুহ ওলাই আহে আৰু কথোপকথন আৰম্ভ হয়। এনে কথোপকথনে ভনী গৰাকী আৰু তাইৰ স্বামীৰ বাবে পুনৰ সাক্ষাৎ কৰিবলৈ সুযোগ মুকলি হʼল। সেই ব্যক্তিজনে বাইবেল অধ্যয়ন কৰিবলৈ মান্তি হয় আৰু এতিয়া তেওঁ এজন বাপ্তিষ্মা লোৱা আমাৰ ভাই। সেই ভনী গৰাকীয়ে আনক শুভবাৰ্ত্তাৰ বিষয়ে কোৱা দায়িত্বক গভীৰভাৱে উপলব্ধি কৰাৰ বাবে ভাইজনে তাইৰ প্ৰতি শলাগ লয়।

৫ সেই সময় একেবাৰে কাষ চাপি আহিছে, গতিকে এতিয়া আমি লোকবিলাকক আমাৰ ঋণ পৰিশোধ কৰিবলৈ সম্পূৰ্ণ উৎসাহেৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰা আৱশ্যক।​—⁠২ কৰি. ৬:⁠১, ২.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক