সকলোৰে জীৱন বিপদগ্ৰস্ত অৱস্থাত আছে!
১ বাইবেলত স্পষ্টৰূপে কৈছে যে যিহোৱাৰ ইচ্ছা হৈছে “সকলো মানুহে যেন পৰিত্ৰাণ” পায়। যিহেতু, এই পৃথিৱীত যিহোৱা ঈশ্বৰে যীচু খ্ৰীষ্টৰ দ্বাৰা স্থাপিত কৰিবলগীয়া অনন্ত জীৱনৰ আশীৰ্ব্বাদ প্ৰাপ্ত কৰিবলৈ হʼলে সকলোৱে ভাল মনোবৃত্তি ৰখা আৱশ্যক। কিয়নো মাত্ৰ ভাল মনোবৃত্তিহে “সত্যৰ জ্ঞান” ওপৰত আধাৰিত। (১ তীম. ২:৩, ৪) যিহেতু আমি জানিব পাৰিছোঁ যে অতি সোনকালে এই দুষ্ট ব্যৱস্থাক আতঁৰাই ঈশ্বৰে ধাৰ্ম্মিকতাৰ নতুন জগত স্থাপন কৰিব, সেইকাৰণে আমাক এক গুৰুত্বপূৰ্ণ জীৱনৰক্ষক কাৰ্য্য সম্পন্ন কৰাৰ ভাৰ দিয়া হৈছে।—মথি ২৪:১৪; ২৮:১৯, ২০; ৰোমী. ১০:১৩-১৫.
২ এইটো কিয় ইমান গুৰুত্বপূৰ্ণ? যীচুৱে এনে এটা মহাক্লেশৰ বিষয়ে সাৱধান কৰি কৈছিল: “সেই কালত যেনে মহাক্লেশ হব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই, আৰু নহবও।” (মথি ২৪:২১) আৰু সেই মহাক্লেশৰ অন্ত হৰমাগিদোনত হʼব। (প্ৰকা. ১৬:১৬) যদি লোকবিলাকে এই বাৰ্ত্তালৈ মনোযোগ নিদিয়ে তেনেহʼলে তেওঁলোকলৈ ধ্বংস অপেক্ষা কৰি আছে যʼত সন্মিলিত আছে আমাৰ অবিশ্বাসী সমন্ধীয়, ওচৰ-চুবুৰীয়া, সঙ্গী কৰ্ম্মচাৰী, স্কুলৰ সঙ্গীবৃন্দ আৰু জনা-পৰিচিত লোকবিলাক। কিন্তু আমাৰ লক্ষ্য হৈছে ঈশ্বৰক অনুকৰণ কৰি ‘সকলো মানুহলৈ’ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰা। কিয়নো ঈশ্বৰে নিজৰ পুত্ৰ, যীচু খ্ৰীষ্টৰ মুক্তিপণ বলিদানৰ দ্বাৰা মানৱজাতিলৈ প্ৰেম প্ৰদৰ্শন কৰিলে। (যোহ. ৩:১৬) ঈশ্বৰৰ সুৰক্ষা স্থানত ঠাই পাবলৈ আমি সকলোকে আমন্ত্ৰণ কৰিবলৈ উৎসাহেৰে চেষ্টা কৰা উচিত। যদি আমি সম্পূৰ্ণৰূপে প্ৰচাৰ কাৰ্য্য কৰোঁ, তেতিয়াহে আমি ৰক্তপাতৰ দোষৰ পৰা হাত হাৰিব পাৰিম।—যিহি. ৩৩:১-৭; ১ কৰি. ৯:১৬.
৩ আমাৰ উদ্দেশ্য কি? ঈশ্বৰৰ বাক্যই প্ৰচাৰ কৰা মূল কাৰণসমূহক বৰ্ণনা কৰি আহিছে। যিদৰে পাঁচনি পৌলে প্ৰকাশ কৰিছিল যে “খ্ৰীষ্টৰ প্ৰেমে আমাক” ঈশ্বৰৰ পথৰ সামঞ্জস্যত জীৱন-যাপন কৰিবলৈ “সীমাবদ্ধ কৰি ৰাখিছে।” (২ কৰি. ৫:১৪) ইয়াৰ ওপৰিও, প্ৰহৰীদুৰ্গ আলোচনীয়ে আমাৰ প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা কৰ্তব্যৰ ওপৰত জোৰ দি আহিছে। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼই কেনেকৈ প্ৰচাৰ কাৰ্য্য উন্নত ৰীতিৰে কৰিব পাৰি তাৰ বিষয়ে একেৰাহে নিৰ্দ্দেশনা দিছে। প্ৰাচীনসকলে প্ৰচাৰ কাৰ্য্যক ব্যৱস্থিত কৰে আৰু সকলোকে ইয়াত ভাগ লবলৈ উৎসাহিত কৰে। সঙ্গী প্ৰচাৰকসকলে আমাক তেওঁলোকৰ সৈতে পৰিচৰ্য্যা কাৰ্য্যত ভাগ লবলৈ নিমন্ত্ৰণ কৰে। আমাৰ প্ৰস্তুতি কেনেকৈ তৈয়াৰ কৰিব লাগে, আলোচনী আৰু অন্য সাহিত্যবোৰ আগবঢ়াব লাগে, পুনৰ সাক্ষ্যাৎ কৰিব লাগে, বাইবেল অধ্যয়ন কৰিব লাগে আৰু সকলো সুযোগতে সাক্ষী দিবলৈ পাৰি ইয়াৰ বিষয়ে আমি বহুতো নিৰ্দ্দেশন পাইছোঁ। এই সকলোবোৰে জীৱন ৰক্ষা কৰা আমাৰ লক্ষ্যত উপনীত হʼবলৈ সহায় কৰিব।—১ কৰি. ৯:২২, ২৩; ইফি. ১:১৩.