পৰিচৰ্য্যা সভাৰ তালিকা
টোকা: আহিবলগীয়া মাহবোৰত মণ্ডলীত হোৱা আমাৰ ৰাজ্য পৰিচৰ্য্যা সভাৰ তালিকাত সাল-সলনি কৰা হʼব যাতে ভাই-ভনীসকলে অহিবলগীয়া “বাক্য পালন কৰোঁতা হোৱা” জিলা অধিবেশনত উপস্থিত হʼব পাৰে। যদি সম্ভৱ জিলা অধিবেশন হোৱা আগৰ সপ্তাহত সেৱা সভাত ১৫ মিনিটৰ বাবে এই মাহৰ অন্তপত্ৰৰ পৰা কিছুমান আৱশ্যকীয় বিষয় আলোচনা কৰক। প্ৰত্যেক ৰাতিপূৱা আৰু দুপৰীয়াৰ কাৰ্য্যক্ৰম আৰম্ভ হোৱাৰ আগতে কাৰ্য্যক্ৰমৰ সূচীখন চাবলৈ সকলোকে উৎসাহিত কৰক যাতে তেওঁলোক জানিব পাৰিব যে কাৰ্য্যক্ৰমত কি কি কোৱা হʼব। এইদৰে তেওঁলোকে কাৰ্য্যক্ৰমবোৰক ভালদৰে শুনিব পাৰিব আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰৰ নোট লব পাৰি। অধিবেশনৰ পাছত মণ্ডলীত হোৱা সেৱা সভাৰ দুইৰ পৰা চাৰি সপ্তাহৰ ভিতৰত অধিবেশনত বৰ্ণনা কৰা আৱশ্যকীয় বিষয়বোৰক ৩০ মিনিটৰ বাবে সংক্ষেপকৈ পুনৰ আলোচনা কৰক। এই আৱশ্যকীয়া বিষয়বোৰক আলোচনা কৰিবলৈ তিনিজন অভিজ্ঞতা থকা ভাইক ভালদৰে তৈয়াৰী কৰি কʼবলৈ নিযুক্ত কৰক। এই ভাইসকলক এইটো কবলৈ কওঁক যে অধিবেশনৰ পৰা তেওঁলোকে যি যি শিকিলে তাক কেনেকৈ নিজৰ জীৱনত আৰু প্ৰচাৰ কাৰ্য্যত প্ৰয়োগ কৰিব পাৰে। তেওঁলোকে নিজৰ বাক্যত এটা বা দুটা অনুভৱৰ বিষয়েও কব পাৰে। এই ভাগত থকা সেৱা সভাক উৎসাহিত আৰু ৰসালজনক কৰি তুলিবলৈ ভালকৈ তৈয়াৰী কৰা আৱশ্যক।
ছেপ্টেম্বৰ ১১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৩৯
১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ।
১৫ মি: “যিহোৱাৰ আশীৰ্ব্বাদে আমাক ধনৱান কৰে।” এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।—ইনচাইট্, খণ্ড ২, পৃষ্ঠা ৮০৪, ৬-৭ অনুচ্ছেদ।
২০ মি: “কথা-বতৰা আৰম্ভ কৰিবলৈ ট্ৰ্যাক্ট ব্যৱহাৰ কৰক।” সাধাৰণতে আপোনাৰ এলেকাত বেছিকৈ ব্যৱহাৰ হোৱা যিকোনো চাৰিখন ট্ৰ্যাক্টৰ বিষয়ে পুনৰ আলোচনা কৰক। প্ৰত্যেকখন ট্ৰ্যাক্টৰ পৰা এটা এটাকৈ প্ৰশ্ন সোধক যাৰ উত্তৰ ট্ৰ্যাক্টখনত দিয়া আছে। কথা-বতৰা হৈ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ কেনেদৰে প্ৰশ্ন কৰিলে লাভজনক হʼব, এই বিষয়ে শ্ৰোতাসকলক পৰামৰ্শ দিবলৈ আমন্ত্ৰণ কৰক। এইদৰে কেনেকৈ কৰিব পৰি এই বিষয়ে দুখন ট্ৰ্যাক্ট আৰু মাহটোত দিবলগীয়া আন আলোচনী ব্যৱহাৰ কৰি প্ৰদৰ্শন দেখুৱাওঁক।
গীত ৫৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ছেপ্টেম্বৰ ১৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।
১৫ মি: যোৱা বছৰত আমি কি সম্পন্ন কৰিলোঁ? সেৱা ওভাৰচিয়াৰৰ দ্বাৰা ভাষণ। মণ্ডলীৰ ২০০০ চনৰ সেৱা বছৰৰ ৰিপৰ্টৰ বিষয়ে সংক্ষেপকৈ আলোচনা কৰক। ভাল কাৰ্য্যৰ বাবে সকলোকে প্ৰশংসা কৰক। যি যি ক্ষেত্ৰত উন্নতি কৰিব লাগে তাৰ বিষয়ে উল্লেখ কৰক। মণ্ডলীয়ে কেনেকৈ সভাত উপস্থিতি হোৱা, বাইবেল অধ্যয়ন আৰম্ভ আৰু পৰিচালনা কৰা আৰু নিয়মীয়াকৈ প্ৰচাৰ ক্ষেত্ৰত ভাগ লোৱাৰ ওপৰত কাৰ্য্য কৰিলে তাৰ বিষয়ে উল্লেখ কৰক। আহিবলগীয়া বছৰবোৰতো একেদৰেই ব্যৱহাৰিক লক্ষ্য ৰাখিবলৈ উৎসাহিত কৰক।
২০ মি: “সকলোৰে জীৱন বিপদগ্ৰস্ত অৱস্থাত আছে!” শ্ৰোতাসকলৰ সৈতে আলোচনা। এই বিষয়টোত উদ্ধৃত কৰা শাস্ত্ৰীয় পদবোৰক সংক্ষেপকৈ উল্লেখ কৰক।
গীত ৩০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ছেপ্টেম্বৰ ২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৯৩
১৫ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে ছেপ্টেম্বৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। প্ৰশ্ন বক্সৰ আলোচনা কৰক।
১৫ মি: “আপুনি পবিত্ৰ প্ৰৱন্ধৰ প্ৰতি মূল্যাঙ্কন দেখুৱাই নে?” এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। জিলা অধিবেশনৰ গোটেই কেইদিন উপস্থিত হোৱা গুৰুত্বতাৰ বিষয়ে উল্লেখ কৰক।
১৫ মি: “তোমালোকৰ সকলো কৰ্ম্ম প্ৰেমেৰে কৰা হওঁক।” প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক। যেতিয়া ভাই-ভনীসকলে হোটেলত ৰুম সংৰক্ষিত কৰা পৰামৰ্শৰ ওপৰত ধ্যান নিদিয়ে, তাৰ ফলস্বৰূপে উৎপন্ন হোৱা সমস্যাবোৰৰ বিষয়ে কওঁক। ইয়াৰ উপৰিও স্থানীয়ৰূপে প্ৰয়োগ হোৱা ব্যৱহাৰিক পৰামৰ্শ দাঙি ধৰক।
গীত ২০১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
অক্টোবৰ ২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৬৯
৫ মি: স্থানীয় ঘোষণাসমূহ।
১০ মি: আমাৰ আলোচনীবোৰ হৈছে অতি মূল্যৱান। যেতিয়া পুৰণি প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ বহুত সংখ্যাত জমা হয়, তেতিয়া আপুনি কি কৰে? এইটো দেখিবলৈ পোৱা গৈছে যে কিছুমান ভাই-ভনীয়ে এই আলোচনীবোৰক পুৰণি বুলি পেলাই দিয়ে। কিন্তু যদি আমি ১৯৯৩ চনৰ ছেপ্টেম্বৰ মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৩ পৃষ্ঠাত চাওঁ, তাত কোৱা হৈছে যে আমি প্ৰচাৰলৈ যাওঁতে আমাৰ সৈতে কিছুমান পুৰণি আলোচনী নিয়া আৱশ্যক। সেই আলোচনীবোৰ আমি এনে লোকক দিব পাৰোঁ যিসকলে সেইবিলাকৰ প্ৰতি আগ্ৰহী। পৰিস্থিতি অনুসৰি যিবোৰ আলোচনী সঠিক, আমি তেনে আলোচনীবোৰক যিসকল পুৰুষ, মহিলা, ব্যৱসায়ী লোক, বৃদ্ধ আৰু ডেকা বা কিশোৰে পঢ়িব বিচাৰে তেওঁলোকক এই আলোচনীবোৰ দিব পাৰে। আমাৰ এই আলোচনীত দিয়া কোনো এক বিষয়ক কেনেকৈ বাচঁনি আৰু বিতৰণ কৰিব পৰা যায় এই সম্বন্ধে এক উপস্থাপন প্ৰস্তুত কৰক। ভাই-ভনীসকলে পুৰণি আলোচনীবোৰ দি সফলতা লাভ কৰা এনে কিছুমান অনুভৱ কওঁক।
১৫ মি: “ঈশ্বৰৰ পবিত্ৰ বাক্যৰ প্ৰতি মনোযোগ দিয়ক।” প্ৰশ্ন আৰু উত্তৰ। অধিবেশনৰ প্ৰত্যেক দিনা কাৰ্য্যক্ৰম আৰম্ভ হোৱাৰ পূৰ্বেই নিজ নিজ আসন গ্ৰহণ কৰাটো কিয় আৱশ্যক।
১৫ মি: “আমাৰ ভাল আচাৰ-ব্যৱহাৰে ঈশ্বৰলৈ মহিমা আনে।” এজন প্ৰাচীনে এটা পৰিয়ালৰ সদস্যসকলৰ সৈতে আলোচনা কৰে যে ৰাজহুৱা স্থানবোৰত নিজ সাজ-পোছাক, আচাৰ-ব্যৱহাৰ, শৃংখলাবদ্ধতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজায় ৰখাটো অতি আৱশ্যক।
গীত ২০৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।