ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০০ পৃষ্ঠা ৩
  • আপুনি পবিত্ৰ প্ৰৱন্ধৰ প্ৰতি মূল্যাঙ্কন দেখুৱাই নে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি পবিত্ৰ প্ৰৱন্ধৰ প্ৰতি মূল্যাঙ্কন দেখুৱাই নে?
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • ১৯৯৯ চনৰ “ঈশ্বৰৰ ভাৱিষ্যতসূচক বাক্য” জিলা অধিৱেশন
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ২০০৬ চনত হ’বলগীয়া যিহোৱাৰ সাক্ষীসকলৰ জিলা অধিৱেশনৰ বিষয়টো হৈছে “উদ্ধাৰৰ সময় নিকটৱৰ্ত্তী”
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০০ পৃষ্ঠা ৩

আপুনি পবিত্ৰ প্ৰৱন্ধৰ প্ৰতি মূল্যাঙ্কন দেখুৱাই নে?

১ যেতিয়া আমাক পবিত্ৰ প্ৰৱন্ধৰ প্ৰতি মূল্যাঙ্কন দেখুৱাৰ বিষয়ে প্ৰশ্ন কৰা হয় তেতিয়া আমি তৎক্ষণাত উত্তৰ দি কওঁ যে হয় আমি কৰোঁ! ঈশ্বৰৰ এনে পবিত্ৰ প্ৰৱন্ধবোৰ কি কি, যিবোৰৰ প্ৰতি আমি মূল্যাঙ্কন দেখুৱাওঁ?

২ আমাৰ স্বৰ্গীয় পিতৃৰ সৈতে আমাৰ ব্যক্তিগত সমন্ধ বজাই ৰাখিবলৈ চেষ্টা কৰোঁ আৰু ই কিমান যে মূল্যবান! সেইকাৰণে তেওঁ আমাক আশ্বাস দিছে যে যদি আমি ‘ঈশ্বৰৰ ওচৰলৈ কাষ চাপি আহোঁ; তাতে তেৱোঁ আমাৰ ওচৰলৈ চাপিব।’ (যাকো. ৪:⁠৮) কিয়নো যীচু খ্ৰীষ্টৰ মুক্তিপণ বলিদানৰ অবিহনে কোনো মানুহে অনন্ত জীৱন নাপালেহেঁতেন। (যোহ. ৩:⁠১৬) গতিকে প্ৰকৃত কৃতজ্ঞতাৰ ওপৰিও, আমি প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ মূল্যবান উপহাৰৰ বাবে গভীৰ মুল্যাঙ্কন দেখুৱা আৱশ্যক।

৩ যিদৰে ঈশ্বৰৰ বাক্য বাইবেল আমাৰ বাবে অতি পবিত্ৰ, ঠিক তেনেদৰে ঈশ্বৰৰ পাৰ্থিৱ সংগঠনো পবিত্ৰ। আমি বাইবেলৰ সিধান্তৰ সামঞ্জস্যত জীৱন-যাপন কৰি, ভাতৃত্বৰ প্ৰেমৰ অটুট বন্ধন বজাই ৰাখি, ঈশ্বৰ-শাসিত কাৰ্য্যবোৰ হৃদয়েৰে পালন আৰু যিসকলে আমাক পথ-প্ৰদৰ্শন দিয়ে তেওঁলোকক সহযোগ কৰি আমি যিহোৱাই কৰা প্ৰৱন্ধবোৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ।​—⁠১ পিত. ১:⁠২২.

৪ বিশ্বাসী বুদ্ধিমান দাসে আমালৈ প্ৰচুৰ মাত্ৰাত আধ্যাত্মিক আহাৰৰ যোগান ধৰিছে। আমি এই বছৰৰ “বাক্য পালন কৰোঁতা হোৱা” জিলা অধিবেশনত সেই আধ্যাত্মিক আহাৰ লাভ প্ৰাপ্ত কৰিব পাৰিম। তাত আমি গুৰুত্বপূৰ্ণ নিৰ্দ্দেশনবোৰ পাম আৰু ভাই-ভনীসকলৰ সৈতে সঙ্গতিৰ আনন্দ লাভ কৰিম যিটো আমাৰ বাবে অতি আৱশ্যক। এই পবিত্ৰ প্ৰৱন্ধৰ প্ৰতি আমি কেনেকৈ আন্তৰিক মুল্যাঙ্কন দেখুৱাব পাৰোঁ?

৫ যিহোৱাৰ গৃহত উপস্থিত থাকিবলৈ অৱেহেলা নকৰিব: যিসকলে যিৰূচালেমৰ দেৱালখনক পুনৰ নিৰ্ম্মাণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল তেওঁলোকক নহিমিয়াই ‘ঈশ্বৰৰ গৃহক ত্যাগ নকৰিবলৈ’ সৰ্তক কৰিছিল। (নহি. ১০:⁠৩৯) বৰ্ত্তমান সময়তো ­যিহোৱাৰ ‘গৃহত’ উপাসনাৰ বাবে একত্ৰিত হʼবলৈ ব্যৱস্থা কৰা হৈছে। আমাৰ জিলা অধিবেশনেই হৈছে এই ব্যৱস্থা কৰা প্ৰৱন্ধৰ এটা ভাগ। গতিকে এই ব্যৱস্থাক অগ্ৰাহ্য নকৰি ইয়াত উপস্থিত হৈ মনোযোগ দি যিহোৱাৰ প্ৰৱন্ধক অধিক মুল্যাঙ্কণ কৰা উচিত। (ইব্ৰী ১০:⁠২৪, ২৫) সেইকাৰণে এই পবিত্ৰ প্ৰবন্ধৰ প্ৰতি মুল্যাঙ্কন দেখুৱাবলৈ এতিয়াৰে পৰা আমি কি আচঁনি তৈয়াৰ কৰা উচিত?

৬ সম্পূৰ্ণ তিনিদিন উপস্থিত থাকক: অধিবেশনৰ গোটেই কেইদিন উপস্থিত হʼবলৈ এতিয়াৰ পৰাই আমাৰ সকলোৱে প্ৰস্তুত হোৱা উচিত। যেনে, প্ৰত্যেক দিনা সোনকালে পোৱাকৈ আৰু অধিবেশনৰ সমাপ্তিৰ প্ৰাৰ্থনালৈকে উপস্থিত থাকিবলৈ আচঁনি তৈয়াৰ কৰিছেনে? যদি কৰিছে, তেনেহʼলে সকলো আশীৰ্ব্বাসমূহৰ লাভ প্ৰাপ্ত কৰিব। অধিবেশনত গোটেই কেইদিন উপস্থিত থাকিবলৈ সকলো সময়ত সম্ভৱ নহবও পাৰে। গতিকে আপুনি চাকৰিৰ পৰা ছুটি লʼবলৈ নিজে দৃঢ় সঙ্কল্প কৰা আৱশ্যক। কেতিয়াবা-কেতিয়াবা যান-বাহনো সময় মতে পোৱা নাযায়, কিন্তু এনেধৰণ কাৰণসমূহক অধিবেশনত অনুপস্থিত থকাৰ কাৰণ হʼবলৈ দিয়া উচিত নহয়।

৭ এই উত্তম উদাহৰণক বিবেচনা কৰক: যোৱা বছৰত আফ্ৰিকা মহাদেশত ঘৰুৱা যুদ্ধ চলি থকাৰ সময়ত কিছুমান ভায়ে অধিবেশনত উপস্থিত হʼবলৈ যোৱাৰ পথত সৈনিক দলৰ সৈতে সন্মূখীন হয়। সৈনিকসকলে ভাইসকলক সুধিলে: “আপোনালোক কোন আৰু কʼলৈ গৈছে?” ভাইসকলে উত্তৰ দিলে: “আমাক যিহোৱাৰ সাক্ষী বুলি কোৱা হয় আৰু আমি আমাৰ জিলা অধিবেশনত উপস্থিত হʼবলৈ গৈ আছোঁ।” সৈনিকসকলৰ মাজৰে এজনে এইদৰে মন্তব্য দি কʼলে: “যিহোৱাৰ সাক্ষীসকলে কোনো ধৰণৰ পৰিস্থিতিতো ভয়া-ভীত নহয়। আপোনালোক যাওঁক আৰু আপোনালোকে কোনো বাধা নোহোৱাকৈ অধিবেশনত উপস্থিত হʼবলৈ পাৰিব। কিন্তু, ৰাস্তাত আপোনালোকে বহুতো সৈনিক লগ পাব তাৰ প্ৰতি সাৱধান হʼব। সকলো সময়তে ৰাস্তাৰ মাজে মাজে খোজ কাঢ়িব! যদি আপোনালোকে দেখে যে বহুতো লোকে একগোট হৈ আছে তথাপিও ৰাস্তাৰ মাজেদিহে যাব!” ভাইসকলে তেনেদৰে কৰাৰ নিমিত্তে নিৰাপদে অধিবেশনত উপস্থিত হʼব পাৰিলে। এই ভাইসকলে পবিত্ৰ প্ৰৱন্ধৰ প্ৰতি মুল্যাঙ্কন দেখুৱাৰ বাবে ঈশ্বৰৰ আশীৰ্ব্বাদসমূহ লাভ কৰিব পাৰিলে।

৮ আফ্ৰিকাৰ ভাইসকলৰ দৰে আমিও বহুতো সমস্যাৰ সন্মূখীন হʼব পাৰোঁ। গতিকে আহঁক আমিও তেওঁলোকৰ আৰ্হিক অনুকৰণ কৰি বিশ্বাসী হৈ জিলা অধিবেশনৰ গোটেই কেইদিন উপস্থিত থাকিবলৈ দৃঢ়সঙ্কল্প কৰোঁহঁক। যদি আমাক কোনো ক্ষেত্ৰত সাল-সলনি কৰিব লগীয়া হয়, তেন্তে পথ-প্ৰদৰ্শনৰ বাবে আমি যিহোৱালৈ অপেক্ষা কৰা উচিত। কিয়নো আমি জানো যে অধিবেশনৰ গোটেই কেইদিন উপস্থিত থাকিবলৈ আমি কৰা প্ৰচেষ্টাত যিহোৱাই সহায় কৰিব।

৯ আশীৰ্ব্বাদলৈ হাবিয়াহ কৰক: আমি ঈশ্বৰৰ বাক্যলৈ হাবিয়াহ কৰোঁ কিয়নো আমি জানো যে ইয়াৰ যোগেদি আমাৰ উদ্ধাৰ হʼব। (১ পিত. ২:⁠২) গতিকে আহিবলগীয়া জিলা অধিবেশনৰ গোটেই কেইদিন উপস্থিত থাকি আৰু কাৰ্য্যক্ৰমবোৰক মনোযোগেৰে শুনাৰ দ্বাৰাই ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা বিশ্বাসক দৃঢ় কৰিব পাৰি। এইদৰে আমি চয়তানৰ পৰা অহা প্ৰবল আক্ৰমণবোৰত থিৰে থাকিব পাৰিম। এনে কৰাৰ দ্বাৰা আমি যিহোৱা আৰু তেওঁৰ আগ্ৰহী লোকসকলক দেখুৱাম যে আমি পবিত্ৰ প্ৰৱন্ধবোৰক সম্পূৰ্ণ হৃদয়েৰে মুল্যাঙ্কন কৰোঁ। এই সম্পৰ্কে বাইবেলে এইদৰে কৈছে: “যিবিলাক সৰ্ব্বনাশলৈ হোঁহকে, আমি তেওঁবিলাকৰ মাজৰ নহঁও, জীৱাত্মাৰ ৰক্ষা লাভ কৰিবৰ কাৰণে বিশ্বাস কৰাবিলাকৰ মাজৰহে হৈছোঁ।”​—⁠ইব্ৰী ১০:⁠৩৯; ১২:⁠১৬; হিতো. ২৭:⁠১১.

১০ যিহোৱা ঈশ্বৰে প্ৰচুৰমাত্ৰাত আধ্যাত্মিক আশীৰ্ব্বাদ দিবলৈ আকাশৰ যি দুৱাৰ মুকলি কৰিছে তালৈ আমি অপেক্ষা কৰিব পাৰোঁ। (মলা. ৩:⁠১০) গতিকে “বাক্য পালন কৰোঁতা হোৱা” জিলা অধিবেশনৰ শুক্ৰবাৰ দিনাৰ আৰম্ভণিৰ গীতৰ পৰা দেওবাৰে আবেলিৰ সমাপ্তিৰ প্ৰাৰ্থনা অৰ্থাৎ “আমেন!” বুলি কোৱা লৈকে উপস্থিত থাকিবলৈ আপোনাৰ লক্ষ্য বনাওঁক। আপুনি যি কৰিব তাৰ বাবে আপুনি নিশ্চয়ে আনন্দিত হʼব!

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক